as_ta/checking/intro-check/01.md

6.6 KiB

অনুবাদ পৰীক্ষাকৰণৰ হাতপুথি

এই তালিকাই অন্য ভাষাবোৰত কৰা বাইবেল অনুবাদক কেনেকৈ শুদ্ধতা, স্পষ্টতা, আৰু স্বাভাৱিকতাৰ বাবে পৰীক্ষা কৰা হয় তাক ব্যাখা কৰে। দুৱাৰমূখ ভাষাবোৰৰ পৰীক্ষা কৰা প্ৰক্ৰিয়াৰ বাবে, [দুৱাৰমূখ তালিকা] চাওক (https://gl-manual.readthedocs.io/en/latest/))। অনুবাদ পৰীক্ষা কৰা এই হাতপুথিয়ে অনুবাদৰ বাবে অনুমোদন লোৱাৰ গুৰুত্বতা আৰু অনুবাদৰ প্ৰক্ৰিয়াৰ বিষয়েও ভাষা অঞ্চলৰ মণ্ডলীৰ নেতাসকলৰ সৈতে আলোচনা কৰিব।

অনুবাদটি পৰীক্ষাকৰণৰ বাবে হাতপুথিখনৰ নিৰ্দেশনাৱলীৰ সৈতে আৰম্ভ হয়, যি নেকি অনুবাদক দলে ইজনে সিজনৰ কৰ্মক পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। এই পৰীক্ষাবোৰে মৌখিক সঙ্গ পৰীক্ষা আৰু দলীয় মৌখিক বৃহৎ অংশৰ পৰীক্ষাক সনিবিষ্ট কৰে। ইয়াৰ পাছত অনুবাদক দলৰ বাবে অনুবাদমূলৰ চফটৱেৰৰ সৈতে অনুবাদক পৰীক্ষা কৰিবৰ নিমিত্তে অনুবাদ দলে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাৱলীবোৰ দিয়া হৈছে। অনুবাদৰ শব্দবোৰ পৰীক্ষা আৰু অনুবাদৰ টোকাবোৰৰ পৰীক্ষাক এইবোৰে সাঙুৰি লয়।

ইয়াৰ পাছত, অনুবাদক দলে স্পষ্টতা আৰু স্বাভাৱিকতাৰ বাবে ভাষা সমাজৰ সৈতে অনুবাদক পৰীক্ষা কৰিবলগীয়া হয়। এইয়া আৱশ্যক কাৰণ সেই ভাষা কওঁতা অন্য লোকসকলে কথাবোৰ কোৱাৰ উত্তম ধৰণবোৰৰ বিষয়ে প্ৰায় পৰামৰ্শ দিব পাৰে যি অনুবাদক দলে হয়তু কেতিয়াও ভাবা নাই। অনুবাদক দলে কেতিয়াবা অনুবাদৰ উচ্চাৰণক আচৰিত ধৰণৰ কৰি পেলাই কাৰণ তেওঁলোকে উৎস ভাষাৰ শব্দবোৰ অতিকৈ ওচৰৰ পৰা অনুকৰণ কৰে। ভাষাটি কোৱাৰ অন্য লোকসকলে তাক সমাধান কৰিবলৈ তেওঁলোকক সহায় কৰিব পাৰে। এই মূহুৰ্তত অনুবাদক দলে অন্য এটা কৰিব পৰা পৰীক্ষা হৈছে অ’এল পালক বা মণ্ডলীৰ নেতাৰ পৰীক্ষা। যিহেতু অ’এল পালকসকলে দুৱাৰমূখ ভাষাৰ (জিএল) বাইবেলৰ সৈতে পৰিচয় আছে, সেইয়েহে তেওঁলোকে জি.এল. বাইবেলৰ অনুবাদক শুদ্ধতাৰ বাবে পৰীক্ষা কৰিব পাৰে। অনুবাদক দলে দেখি নোপোৱা ভূলবোৰো তেওঁলোকে ধৰা পেলাব পাৰে কাৰণ অনুবাদ দলটি ইয়াৰ সৈতে অতিকৈ ঘনিষ্ট আৰু তেওঁলোকৰ কৰ্মত জড়িত। ইয়াৰ ওপৰিও, অনুবাদক দলৰ বাইবেলৰ সমন্ধে কিছুমান পাৰ্গতালিৰ বা জ্ঞানৰ অভাৱ থাকিব পাৰে যি অ’এল পালকসকলৰ থাকিব পাৰে যি সকলে অনুবাদক দলৰ অংশ নহয়। এই পদ্ধতিৰে, সম্পূৰ্ণ ভাষা সমাজখনে লক্ষ্য কৰি লোৱা ভাষাৰ বাইবেল অনুবাদটি শুদ্ধ, স্পষ্ট, আৰু স্বাভাৱিক বুলি নিশ্চীত্ব কৰিবলৈ একেলগে কাৰ্য্য কৰিব পাৰে।

ইয়াৰ উপৰঞ্চিকৈ বাইবেল অনুবাদৰ শুদ্ধতাৰ বাবে পৰীক্ষাটি অনুবাদৰ মূলত শব্দ শাৰীকৰা সঁজুলিক ব্যৱহাৰ কৰি বাইবেলৰ মূল ভাষাসমূহৰ সৈতে শাৰী কৰাৰ যোগেদি কৰিব পাৰে। এই সকলো পৰীক্ষাবোৰ কাৰ্য্যকৰী কৰাৰ আৰু অনুবাদটি শাৰী কৰাৰ পাছত, অ’এল মণ্ডলীৰ সহযোগিতাত থকা নেতাসকলে অনুবাদটিক পুননিৰীক্ষণ কৰিব আৰু তেওঁলোকৰ দস্তখত দিব বিচাৰিব পাৰে। কাৰণ মণ্ডলীসমূহৰ সহযোগিতাত থকা অনেক নেতাই অনুবাদ কৰা ভাষাটি নকবও পাৰে, সেইয়েহে এটা উলটি কৰা অনুবাদ সৃষ্টি কৰাৰ বাবেও নিৰ্দেশনাৱলীবোৰ দিয়া হৈছে, যিয়ে এটা ভাষাৰ অনুবাদক পৰীক্ষা কৰিবলৈ লোকসকলক অনুমতি দিয়ে যি ভাষাটি তেওঁলোকে নকয়।