as_ta/checking/peer-check/01.md

5.7 KiB

এটা সহযোগী মৌখিক পৰীক্ষা কেনেকৈ কৰা হয়

এই সময়লৈকে, আপুনি প্ৰথম খচৰা বুলি কোৱা আৰ্হীৰ নিৰ্দেশনাৱলীক অনুকৰণ কৰি আপোনাৰ অনুবাদৰ অনতত্ব এটা অধ্যায়ৰ খচৰা প্ৰস্ত্তত কৰা পদক্ষেপবোৰ সম্পন্ন কৰি আহিছে। এতিয়া আপুনি অন্য লোকে আপোনাক ইয়াক পৰীক্ষা কৰিবলৈ সহায় কৰাৰ বিষয়ে, যি কোনো ভুল বা সমস্যাবোৰ, আৰু ইয়াক উত্তম কৰিবলৈ সাজু আছে। অনুবাদক বা অনুবাদক দলে বাইবেলৰ অনেক কাহিনীবোৰ বা অধ্যায়বোৰ অনুবাদ কৰাৰ পূৰ্ব্বে তেওঁলোকৰ অনুবাদক পৰীক্ষা কৰা উচিত যাতে তেওঁলোকে অনুবাদ প্ৰক্ৰিয়াত যিমান সোণকালে হয় শুদ্ধৰণি কৰিব পাৰে। অনুবাদটি সমাপ্ত হোৱাৰ পূৰ্ব্বে এই প্ৰক্ৰিয়াত অনেক পদক্ষেপবোৰ বহুবাৰ কৰিবলগীয়া আছে। এটা সহযোগী মৌখিক পৰীক্ষা কৰিবলৈ, এই পদক্ষেপবোৰ অনুকৰণ কৰক।

  • আপোনাৰ অনুবাদটিক এগৰাকী সহযোগীক (অনুবাদক দলৰ এগৰাকী সদস্য)পঢ়ি শুনাওক যি জনে এই শাস্ত্ৰাংশত কাৰ্য্য কৰা নাই।
  • সহযোগী গৰাকীয়ে প্ৰথমে স্বাভাবিকতাৰ (উৎস শাস্ত্ৰাংশক নেদেখাকৈ) বাবে শুনিব পাৰে আৰু আপোনাৰ ভাষাত কোনটো অংশ স্বাভাবিক শুনা নাই আপোনাক কব। আপুনি একেলগে চিন্তা কৰিব পাৰে যে কোনোবাই সেই অৰ্থক আপোনাৰ ভাষাত কেনেকৈ কব।
  • আপোনাৰ অনুবাদৰ অস্বাভাবিক অংশবোৰক অধিককৈ স্বাভাবিক কৰিবলৈ সেই ধাৰণাবোৰ ব্যৱহাৰ কৰক। অধিক জানিবৰ বাবে, চাওক স্বাভাবিকতা
  • ইয়াৰ পাছত শাস্ত্ৰাংশটি আপোনাৰ সহযোগী জনক পঢ়ি শুনাওক। এইবাৰ, সহযোগী জনে অনুবাদটি শ্ৰুৱণ কৰাৰ যোগেদি উৎস শাস্ত্ৰাংশক অনুকৰণৰ সময়ত শুদ্ধতাৰ বাবে পৰীক্ষা কৰিব পাৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে নিশ্চীত্ব কৰা যে অনুবাদটিয়ে মূল কাহিনী বা বাইবেল শাস্ত্ৰাংশৰ অৰ্থক শুদ্ধভাবে জানিবলৈ দিছে।
  • আপোনাৰ সহযোগী জনে আপোনাক কব পাৰে যে যদি এনে অংশ আছে যত কিবা যোগ দিয়া হৈছিল, বাদ পৰিছিল, বা সলনি কৰা হৈছিল যেতিয়া উৎস শাস্ত্ৰাংশৰ সৈতে তুলনা কৰা হয়।
  • অনুবাদৰ সেই অংশবোৰক শুদ্ধৰণি কৰক।
  • সমাজৰ সদস্যসকলৰ সৈতেও শুদ্ধতাৰ পৰীক্ষা কৰাটোও সহায়জনক হয় যি সকল অনুবাদক দলৰ লোক নহয়। তেওঁলোকে অনুবাদ কৰা ভাষাৰ কথা কওঁতা লোক হোৱা উচিত, সমাজত সন্মানীয় লোক, আৰু যদি সম্ভৱ হয়, বাইবেল খনক উৎস ভাষাত ভালকৈ জনা লোক হয়। এই পৰীক্ষকসকলে অনুবাদক দলক কাহিনীৰ বা বাইবেল শাস্ত্ৰাংশৰ অৰ্থক উত্তম ধৰণে তেওঁলোকৰ নিজৰ ভাষাত অনুবাদ কৰাৰ বিষয়ে চিন্তা কৰিবলৈ সহায় কৰিব। এই পদ্ধতিৰে বাইবেলৰ এটা শাস্ত্ৰংশক এজনতকৈ অধিক লোকে পৰীক্ষা কৰাটো সহায়কজনক হব পাৰে, কাৰণ অন্য পৰীক্ষক সকলে প্ৰায় অন্য বিষয়বোৰ দেখা পায়।
  • শুদ্ধতা পৰীক্ষাৰ বাবে অধিক সহায় পাবলৈ, চাওক শুদ্ধতাৰ-পৰীক্ষা
  • আপুনি যদি কিবা এটা বিষয়ত অনিশ্চয়তা হয়, তেন্তে অনুবাদক দলৰ অন্য সদস্যক সোধক।