as_ta/checking/natural/01.md

5.1 KiB

এটা স্বাভাবিক অনুবাদ

বাইবেল অনুবাদ কৰিবলৈ যাতে ই স্বাভাবিক হয় অৰ্থ হল যেঃ

অনুবাদটি এনে ধৰণে উচ্চাৰণ কৰা উচিত যে ই লক্ষ্য কৰি লোৱা সমাজৰ এগৰাকী ব্যক্তিৰ দ্বাৰাই হে যেন লিখা হৈছিল-এগৰাকী বিদেশীৰ দ্বাৰাই নহয়। অনুবাদটিয়ে বিষয়বোৰ এনে ধৰণে কোৱা উচিত যে সেইবোৰ লক্ষ্য কৰি লোৱা ভাষাত কথা কওঁতাই হে কৈছে। এটা অনুবাদ যেতিয়া স্বাভাবিক হয়, তেতিয়া ই বুজিবলৈ অতিকৈ সহজ হয়।

এটা অনুবাদৰ স্বাভাবিকতাৰ বাবে পৰীক্ষা কৰিবলৈ, ইয়াক উৎস ভাষাৰ সৈতে তুলনা কৰাটো সহায়জনক নহয়। স্বাভাবিকতাৰ এই পৰীক্ষাৰ সময়ত, উৎস ভাষাৰ বাইবেলক কোনো এজনেও চোৱাটো অনুচিত। লোকসকলে উৎস ভাষাৰ বাইবেলক অন্য পৰীক্ষাৰ বাবে আকৌ দেখিব, যেনেকৈ শুদ্ধতাৰ বাবে পৰীক্ষা, কিন্ত্ত এই পৰীক্ষাৰ সময়ত নহয়।

স্বাভাবিকতাৰ বাবে এটা অনুবাদ পৰীক্ষা কৰিবলৈ, ভাষা সমাজৰ আপুনি বা অন্য এগৰাকী সদস্যই ইয়াক বৰ মাতেৰে পঢ়া বা ইয়াৰ বাণীবদ্ধক বজোৱা উচিত। স্বাভাবিকতাৰ বাবে এটা অনুবাদ পুননিৰীক্ষণ কৰাটো কঠিন আপুনি যেতিয়া ইয়াক কেৱল কাকতত দেখিব। কিন্ত্ত আপোনাৰ লোকসকলে যেতিয়া ভাষাটিক শুনিব, তেতিয়া তেওঁলোকে তৎক্ষণাত জানিব পাৰিব যে ই শুদ্ধ শুনিছে নে নাই।

আপুনি ইয়াক অন্য এগৰাকী ব্যক্তিলৈ বৰ মাতেৰে পঢ়ি শুনাব পাৰে যি জনে লক্ষ্য কৰি লোৱা ভাষাত কথা কয় বা লোকসকলৰ এটা দলক পঢ়ি শুনাব পাৰে। আপুনি পঢ়া আৰম্ভ কৰাৰ পূৰ্ব্বে, শুনি থকা লোকসকলক কব যেন তেওঁলোকে যেতিয়া কিবা এনে শুনা পায় যি আপোনালোকৰ ভাষা সমাজৰ কোনোবা এজনে ইয়াক কোৱাৰ দৰে শুনিব পোৱা নাই তেতিয়া যেন আপোনাক বাধা দিয়ে। কোনোবাই যেতিয়া আপোনাক বাধা দিয়ে, তেতিয়া আপুনি একেলগে আলোচনা কৰিব পাৰে যে কোনোবাই সেই একেই কথাকে অধিক ভাবে এটা যথাৰ্থ ধৰণত কেনেকৈ কব।

আপোনাৰ গাওঁৰ এটা পৰিস্হিতিৰ বিষয়ে চিন্তা কৰাটো সহায়কজনক হয় যত লোকসকলে একেই ধৰণৰ কথাৰ বিষয়ে আলোচনা কৰে যি বিষয়ে অনুবাদটিয়ে কথা কৈছে। আপুনি চিনি পোৱা লোকসকলে সেই বিষয়ে কথোপকথন কৰাৰ বিষয়ে কল্পনা কৰক, আৰু ইয়াক সেই ধৰণে বৰ মাতেৰে কওক। অন্য লোকসকলে যদি সৈমান হয় যে সেইয়া এটা ভাল আৰু ইয়াক স্বাভাবিক ধৰণে কোৱাটো হৈছে, তেন্তে ইয়াক সেই ধৰণে লিখি থওক।

অনুবাদৰ এটা শাস্ত্ৰাংশ কেইবা বাৰো পঢ়া বা বজোৱাটোও সহায়কজনক হব। প্ৰতিটো সময়ত লোকসকলে বিভিন্ন বিষয়ক মন কৰিব পাৰে যি ইয়াক তেওঁলোকে শুনে- সেইবোৰ বিষয় এটা অধিক স্বাভাবিক ধৰণে হয়তু কব পৰা গল হয়।