as_ta/checking/accuracy-check/01.md

19 KiB

পালক আৰু মণ্ডলীৰ নেতাসকলৰ যোগেদি শুদ্ধতাৰ বাবে অনুবাদক পৰীক্ষা কৰা

নিশ্চীত্ব কৰাটো ই অতি গুৰুত্বপূৰ্ণ যে নতুন অনুবাদটি শুদ্ধ। এটা অনুবাদ তেতিয়া হে শুদ্ধ হয় যেতিয়া ই মূল লিপিৰ দৰে একেই অৰ্থক প্ৰকাশ কৰে। অন্য কথাত, এটা শুদ্ধ অনুবাদে একেই বাৰ্ত্তাকে প্ৰকাশ কৰে যি মূল লেখকে প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছিল। এটা অনুবাদ শুদ্ধ হব পাৰে যদিও ই অধিক বা কম সংখ্যক শব্দবোৰ ব্যৱহাৰ কৰে বা ধাৰণাবোৰ এটা অন্য শৃঙ্খলাত ৰাখে। লক্ষ্য কৰা ভাষাত মূল বাৰ্ত্তাক স্পষ্ট কৰিবলৈ এইয়া প্ৰায় আৱশ্যক হয়।

অনুবাদক দলৰ সদস্যসকলে যদিও অনুবাদৰ শুদ্ধতাৰ বাবে ইজনে আনজনৰ সৈতে মৌখিক সংঙ্গৰ পৰীক্ষাৰ সময়ত পৰীক্ষা কৰিছিল, তথাপি সেই অনুবাদ অবিৰত ভাবে উন্নত্ব হব যেনেকৈ ইয়াক অনেক লোকৰ দ্বাৰাই পৰীক্ষা কৰোৱা হয়, বিশেষকৈ পালক আৰু মণ্ডলীৰ নেতাসকলৰ যোগেদি। প্ৰতিটো শাস্ত্ৰাংশ বা পুস্তকক মণ্ডলীৰ এগৰাকী নেতাৰ দ্বাৰাই পৰীক্ষা কৰোৱাব পৰা যায়, বা বহুতো নেতাসকল যদি উপস্হিত থাকে, তেন্তে প্ৰতিটো শাস্ত্ৰাংশ বা পুস্তকক কেইবা গৰাকী মণ্ডলীৰ নেতাসকলৰ যোগেদি পৰীক্ষা কৰোৱাব পৰা যায়।

মণ্ডলীৰ যি সকল নেতাই শুদ্ধতাৰ পৰীক্ষা কৰে তেওঁলোকে অনুবাদ কৰা ভাষাৰ বাৰ্ত্তাবাহক হোৱা উচিত, সমাজত সন্মানীয় ব্যক্তি, আৰু অনুবাদ কৰা ভাষাটিৰ বাইবেল খনক ভালকৈ জনাটো উচিত। তেওঁলোকে সেই একেই কেইগৰাকী লোক হোৱাটো অনুচিত যি সকলে শাস্ত্ৰাংশ বা পুস্তকখনক অনুবাদ কৰিছিল যি তেওঁলোকে পাৰীক্ষা কৰিছে। শুদ্ধতা পৰীক্ষা কৰোতা লোকসকলে অনুবাদে প্ৰতিটো কথাকে কোৱাক নিশ্চীত্ব কৰিবলৈ অনুবাদক দলক সহায় কৰিব যি উৎসই কৈছে, আৰু যাতে ই বাৰ্ত্তাৰ উৎসৰ যি বোৰ অংশ নহয় সেই বিষয়বোৰক সংযুক্ত নকৰে। তথাপিও, মনত ৰাখিব, শুদ্ধ অনুবাদবোৰেও ভাৱত বুজুৱা সংবাদক সাঙুৰি লব পাৰে

এইয়া সত্য যে ভাষা সমাজৰ লোকসকল যি সকলে ভাষা সমাজৰ পৰীক্ষা কৰে তেতিয়া শাস্ত্ৰাংশৰ উৎসক চোৱাটো অনুচিত যেতিয়া তেওঁলোকে স্বাভাৱিকতা আৰু স্পষ্টতাৰ বাবে অনুবাদটিক পৰীক্ষা কৰে। কিন্ত্ত শুদ্ধতা পৰীক্ষাৰ বাবে, শুদ্ধতা পৰীক্ষা কৰোতাসকলে শাস্ত্ৰাংশৰ উৎসক চোৱাটো আৱশ্যক যাতে তেওঁলোকে ইয়াক নতুন অনুবাদৰ সৈতে তুলনা কৰি চাব পাৰে।

শুদ্ধতা পৰীক্ষা কৰোতা মণ্ডলীৰ নেতাসকলে এই পদক্ষেপবোৰক অনুকৰণ কৰিব লাগিবঃ

১. যদি সম্ভৱ হয়, কাহিনীসমূহৰ কোন খণ্ডবোৰক বা বাইবেলৰ কোনটো শাস্ত্ৰাংশক আপুনি পৰীক্ষা কৰিব সময়ৰ পূৰ্ব্বেই বাচি উলিয়াব। আপুনি বুজি পোৱা যি কোনো ভাষাৰ কেইবাটাও সংস্কৰণসমূহত শাস্ত্ৰাংশটিক পঢ়ক। শাস্ত্ৰাংশটিক টোকা আৰু অনুবাদৰ শব্দবোৰৰ সৈতে ইউ.এল.টি আৰু ইউ.এচ.টিত পঢ়ক। আপুনি ইয়াক অনুবাদ স্টুডিঅ বা বাইবেল দৃশ্য দেখোতাত পঢ়িব পাৰে।

১. ইয়াৰ পাছত শুদ্ধতা পৰীক্ষা কৰোতাসকলৰ প্ৰতি গৰাকীয়ে নিজেই অনুবাদটিক বাইবেলৰ মূল শাস্ত্ৰাংশক বা উৎস ভাষাত কাহিনীক পঢ়া উচিত (বাণীবদ্ধক শ্ৰৱণ কৰা উচিত)। পৰীক্ষা কৰোতাসকলে ইয়াক অনুবাদ কৰা স্টুডিঅক ব্যৱহাৰ কৰি কৰিব পাৰে। ই কোনোবা এজনৰ বাবে সহায়ক হব পাৰে, যেনেকৈ অনুবাদক স্বৰূপে, পৰীক্ষা কৰোতা গৰাকীক অনুবাদটিক বৰ মাতেৰে পঢ়ি শুনোৱা যেতিয়া পৰীক্ষক গৰাকীয়ে বাইবেল উৎসক বা বাইবেলবোৰক চোৱাৰ সৈতে অনুকৰণ কৰি যায়। পৰীক্ষক গৰাকীয়ে যেনেকৈ অনুবাদটিক পঢ়ি যায় (বা শুনি যায়) আৰু উৎসৰ সৈতে ইয়াক তুলনা কৰে, তেনেকৈ তেওঁ এই সাধাৰণ প্ৰশ্নবোৰ মনত ৰখা উচিতঃ

  • মূল অৰ্থৰ সৈতে অনুবাদে কিবা সংযোগ কৰিছে নে? (মূল অৰ্থই ভাৱত বুজুৱা সংবাদকো সাঙুৰি লয়।)
  • অনুবাদত অৰ্থৰ কিবা এটা অংশ যি বাদ পৰি গৈছে নেকি?
  • অনুবাদে যি কোনো ধৰণে অৰ্থক সলনি কৰিছে নেকি?

১. অনুবাদ কৰা বাইবেলৰ শাস্ত্ৰাংশক কেইবা বাৰো পঢ়া বা শুনাই সহায়ক হব পাৰে। প্ৰথম বাৰত এটা শাস্ত্ৰাংশ বা পদত সকলোবোৰ বিষয় আপোনাৰ হয়তু দৃষ্টি নপৰিবও পাৰে। অনুবাদটিয়ে যদি উৎসতকৈ এটা বাক্যৰ ধাৰণাবোৰ বা অংশ এটাক অন্য ধৰণৰ শৃঙ্খলাত লিখে, সাধাৰণতে ই সত্য হয়। আপোনাক হয়তু বাক্যৰ এটা অংশক পৰীক্ষা কৰি চাবলগীয়া হব পাৰে, ইয়াৰ পাছত বাক্যৰ অন্য এটা অংশক পৰীক্ষা কৰিবলৈ আকৌ পঢ়িব বা শুনিবলগীয়া হব পাৰে। ইয়াৰ সকলো অংশবোৰক বিচাৰি পাবলৈ আপুনি যেতিয়া শাস্ত্ৰাংশক ই যিমান সময় লয় সিমান বাৰ পঢ়িব বা শুনিব, ইয়াৰ পাছত হে আপুনি দ্বিতীয়টো শাস্ত্ৰাংশলৈ আগবাঢ়িব পাৰে। অনুবাদটি সম্পূৰ্ণ হৈছে নে নাই তাক জানিবৰ বাবে অধিক উপায়েৰে পৰীক্ষা কৰিবলৈ, সম্পূৰ্ণ চাওক।

১. পৰীক্ষক গৰাকীয়ে যত তেওঁৰ বোধ হয় যে সেই ঠাইত হয়তু অসুবিধা হব পাৰে বা কিবা এটা উন্নত্ব কৰিবলগীয়া হব পাৰে বুলি তাত টোকাবোৰ বনোৱা উচিত। প্ৰতি গৰাকী পৰীক্ষকেই অনুবাদক দলৰ সৈতে এই টোকাবোৰক আলোচনা কৰা উচিত। টোকাবোৰ হয়তু এখন অনুবাদৰ প্ৰকাশিত খচৰাৰ অন্তিম বা সম্পূৰ্ণ পৃষ্ঠাত, বা অনুবাদৰ মূল মন্তব্য ৰূপত ব্যৱহাৰ কৰা হব পাৰে।

পৰীক্ষকসকলে ব্যক্তিগত ভাবে বাইবেলৰ এটা অধ্যায় বা পুস্তকক পৰীক্ষা কৰাৰ পাছত, তেওঁলোকে সকলোৱে অনুবাদক বা অনুবাদক দলৰ সৈতে গোট খোৱা উচিত আৰু অধ্যায়টিক বা পুস্তকখনক একেলগে পুননিৰীক্ষণ কৰা উচিত। যদি সম্ভৱ হয়, তেন্তে অনুবাদটিক পকীবেৰত প্ৰতিফলিত কৰিব যাতে ইয়াক প্ৰতি গৰাকীয়ে দেখা পায়। দলে যেনেকৈ সেই ঠাইবোৰলৈ যায় যত প্ৰতি গৰাকী পৰীক্ষকে এটা অসুবিধা বা প্ৰশ্নৰ টোকা বনাইছে, পৰীক্ষকসকলে তেওঁলোকৰ প্ৰশ্নবোৰ সুধিব পাৰে বা উন্নত্বকৰণৰ বাবে পৰামৰ্শবোৰ আগবঢ়াব পাৰে। পৰীক্ষকসকল আৰু অনুবাদকসকলৰ দলে যেনেকৈ প্ৰশ্নবোৰ আৰু পৰামৰ্শবোৰ আলোচনা কৰে, তেওঁলোকে তেতিয়া অন্য প্ৰশ্নবোৰৰ বিষয়ে বা বিষয়বোৰ প্ৰকাশ কৰাৰ নতুন ধৰণৰ বিষয়েও ভাবিব পাৰে। এইয়া ভাল। পৰীক্ষকসকল আৰু অনুবাদকসকলৰ দলে যেনেকৈ একেলগে কাৰ্য্য কৰে, তেতিয়া ঈশ্বৰে তেওঁলোকক কাহিনীৰ বা বাইবেল শাস্ত্ৰাংশৰ অৰ্থক প্ৰকাশ কৰিবলৈ আটাইতকৈ উত্তম উপায় আৱিস্কাৰ কৰিবলৈ তেওঁলোকক সহায় কৰিব।

১. পৰীক্ষকসকল আৰু অনুবাদকসকলৰ দলে তেওঁলোকক কি সলনি কৰিবলগীয়া হব তাক সিদ্ধান্ত লোৱাৰ পাছত, অনুবাদকসকলৰ দলে অনুবাদটিক পুনৰ নিৰীক্ষণ কৰিব। তেওঁলোকে বৈঠকৰ সময়তে এনে কৰিব পাৰে যদিহে সকলোৱে এই সলনিৰ বিষয়ে একমত হয়।

অনুবাদকসকলৰ দলে অনুবাদটিক পুনৰ নিৰীক্ষণ কৰাৰ পাছত, তেওঁলোকৰ ভাষাত তেতিয়াও ই স্বাভাৱিক দৰে শুনা পোৱাক নিশ্চীত্ব কৰিবলৈ তেওঁলোকে ইয়াক ইজনে সিজনলৈ বা ভাষা সমাজৰ অন্য সদস্যসকললৈ বৰ মাতেৰে পঢ়ি শুনোৱা উচিত।

১. যদি তাত এনে বাইবেল শাস্ত্ৰাংশবোৰ বা পদবোৰ আছে যি বোৰ তেতিয়াও বুজিবলৈ কঠিন হয়, তেন্তে অনুবাদসকলৰ দলে সেই কঠিন বিষয়বোৰৰ এটা টোকা বনোৱা উচিত। অনুবাকসকলৰ দলে এই সমস্যাবোৰৰ উত্তৰ বিচাৰি উলিয়াবৰ অৰ্থে সদস্যসকলক বাইবেল অনুবাদৰ সহায়কবোৰ বা ব্যাখামূলক পুস্তকত অধিক গৱেষণা কৰিবলৈ দায়িত্ব দিব পাৰে, বা তেওঁলোকে অন্য বাইবেল পৰীক্ষকসকল বা পৰামৰ্শদাতাসকলৰ পৰা উপৰঞ্চি সহায় বিচাৰিব পাৰে। সদস্যসকলে যেতিয়া অৰ্থক বিচাৰি পাব, তেতিয়া অনুবাদকসকলৰ দলে তেওঁলোকৰ ভাষাত সেই অৰ্থক স্বাভাৱিক ধৰণে আৰু স্পষ্টকৈ কেনেকৈ ব্যক্ত কৰিব পাৰে তাৰ সিদ্ধান্ত লবৰ বাবে আকৌ গোট খাব পাৰে।

উপৰঞ্চি প্ৰশ্নবোৰ

এই প্ৰশ্নবোৰে অনুবাদত থকা যি কোনো যি হয়তু ভূল হব পাৰে তাক বিচাৰি উলিওৱাত সহায়কো হব পাৰেঃ

  • উৎস ভাষাৰ অনুবাদত উল্লেখ থকা সেই সকলোবোৰ নতুন (স্হানীয়) অনুবাদৰ ধাৰাত উল্লেখৰ আছিল নে?
  • নতুন অনুবাদৰ অৰ্থই উৎস অনুবাদৰ বাৰ্ত্তাৰ (সাধাৰণতে শব্দবোৰ নহয়) অৰ্থক অনুকৰণ কৰিছে নে? (কেতিয়াবা বাক্যবোৰৰ গাঠনি বা ধাৰণাবোৰৰ শৃঙ্খলতা উৎস অনুবাদৰ পৰা যদি অন্য ধৰণে হয়, তেন্তে ই সেই ধৰণটিক উত্তম বুলি বুজা যায় আৰু শুদ্ধই থাকে।)
  • উৎস ভাষাৰ অনুবাদত যেনেকৈ সেইবোৰ উল্লেখ আছিল, সেই একেই দৰে কৰিবলৈ প্ৰতিটো কাহিনীত লোকসকলক পৰিচয় কৰি দিয়া হৈছিল নে? (উৎস ভাষাৰ সৈতে ইয়াক যেতিয়া তুলনা কৰা হৈছিল তেতিয়া যি জনে নতুন অনুবাদৰ কাৰ্য্যবোৰ কৰিছিল তেওঁৰ বাবে ইয়াক চাবলৈ সহজ হৈছিল নে?)
  • নতুন অনুবাদত এনে অনুবাদৰ শব্দবোৰ আছে নে যি উৎস সংস্কৰণত আপোনাৰ শব্দৰ বুজনিৰ সৈতে মিল নাখায়? এই ধৰণৰ বিষয়বোৰৰ বিষয়ে ভাবকঃ আপোনাৰ লোকসকলে এগৰাকী পুৰোহিতৰ বিষয়ে কেনে ধৰণৰ কথাবোৰ কয় (যি জনে ঈশ্বৰলৈ বলিদান আগবঢ়াই) বা এটা মন্দিৰ (যিহুদীসকলৰ বলিদান কৰা ঠাই) উৎস ভাষাৰ পৰা এটা শব্দও ব্যৱহাৰৰ অৰ্থে নোলোৱাকৈ?
  • নতুন অনুবাদত ব্যৱহাৰ কৰা খণ্ডবাক্যবোৰ অনুবাদৰ উৎসৰ অতি কঠিন খণ্ডবাক্যবোৰক বুজি পোৱাত সহায়ক হয় নে? (নতুন অনুবাদৰ খণ্ডবাক্যবোৰ এনে এটা ধৰণত একেলগ কৰা হৈছে নে যিয়ে উত্তম বুজনি দিয়ে আৰু উৎস ভাষাৰ অনুবাদত অৰ্থৰ সৈতে এতিয়াও খাপ খাইছে নে)
  • থিৰাং কৰাৰ অন্য এটা ধৰণ হল যে যদি শাস্ত্ৰাংশটি যথাযথ হয় তেন্তে ই অনুবাদৰ বিষয়ে বোধগম্য প্ৰশ্নবোৰ সুধে, যেনেকৈ, “কোনে কি, কেতিয়া, কত, কেনেকৈ, আৰু কিয় কৰিছিল।” ইয়াৰ সৈতে সহায় কৰিবলৈ এনে প্ৰশ্নবোৰ আছে যি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। (অনুবাদৰ প্ৰশ্নবোৰ চাবলৈ ইয়ালৈ ) যাওক। সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ উৎস ভাষাৰ অনুবাদৰ বিষয়ে থকা সেই প্ৰশ্নবোৰৰ উত্তৰৰ সৈতে একে হোৱা উচিত। যদি সেইবোৰ একে নহয়, তেন্তে অনুবাদত এটা সমস্যা আছে।

অতিকৈ সাধাৰণ ধৰণৰ বিষয়বোৰত যি পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন আছে, তেন্তে বিষয়বোৰৰ ধৰণবোৰৰ পৰীক্ষা লৈ যাওক