as_ta/checking/complete/01.md

3.5 KiB

এটা সম্পূৰ্ণ অনুবাদ

এই খণ্ডৰ উদ্দেশ্য হৈছে নিশ্চীত্ব কৰিবলৈ যে অনুবাদটি সম্পূৰ্ণ হৈছে। এই খণ্ডত, নতুন অনুবাদক উৎস অনুবাদৰ সৈতে তুলনা কৰাটো নিতান্তই প্ৰয়োজন। আপুনি যেনেকৈ দুটা অনুবাদক তুলনা কৰে, তেতিয়া এই প্ৰশ্নবোৰ আপুনি নিজকে সোধকঃ

১. অনুবাদটিয়ে ইয়াৰ যি কোনো অংশসমূহক এৰি আহিছে নেকি? অন্য শব্দত, অনুবাদটিয়ে পুস্তকৰ সকলো ঘটনাবোৰ সনিবিষ্ট কৰিছে নে যিবোৰ অনুবাদ কৰা হৈছিল? ১. অনুবাদটিয়ে পুস্তকৰ সকলো পদবোৰ সনিবিষ্ট কৰিছে নে যিবোৰ অনুবাদ কৰা হৈছিল? (আপুনি যেতিয়া উৎস ভাষা অনুবাদৰ পদৰ ক্ৰমিক নম্বৰবোৰ চাই, তেতিয়া লক্ষ্য কৰি লোৱা ভাষা অনুবাদত সকলো পদবোৰ সনিবিষ্ট কৰা হৈছে নে?) কেতিয়াবা অনুবাদসমূহৰ মাজত পদৰ ক্ৰমিক নম্বৰ দিয়াত প্ৰাৰ্থক্য থাকে। উদাহৰণ স্বৰূপে, কিছুমান অনুবাদসমূহত কিছুমান পদবোৰক এটা গোটত একেলগ কৰা হয় বা কেতিয়াবা নিৰ্দিষ্ট পদবোৰক নিম্নটোকাসমূহত ৰখা হয়। উৎস অনুবাদ আৰু লক্ষ্য কৰি লোৱা অনুবাদৰ মাজত এনে ধৰণৰ প্ৰাৰ্থক্যবোৰ যদিও থাকে, তথাপি লক্ষ্য কৰি লোৱা অনুবাদক তেতিয়াও সম্পূৰ্ণ হোৱা বুলি বিবেচনা কৰা হয়। অধিক জানিবৰ বাবে, চাওক সম্পূৰ্ণ পদ্য ৰচনা। ১. অনুবাদত এনে ঠাইবোৰ আছে নে যত কিবা এটা বাদ পৰি যোৱা যেন লাগে, বা উৎস ভাষা অনুবাদত পোৱা বাৰ্ত্তাতকৈ তাত এটা পৃথক বাৰ্ত্তা থকা যেন লাগে? (শব্দ আৰু শৃঙ্খলতা পৃথক হব পাৰে, কিন্ত্ত উৎস ভাষা অনুবাদ স্বৰূপে অনুবাদকে ব্যৱহাৰ কৰা ভাষাই সেই একেই বাৰ্ত্তাকে দিয়া উচিত।)

এনে ঠাই যদি আছে যত অনুবাদটি সম্পূৰ্ণ হোৱা নাই, তাৰ এটা টোকা প্ৰস্ত্তত কৰক যাতে আপুনি অনুবাদকসকলৰ দলৰ সৈতে আলোচনা কৰিব পাৰে।