as_ta/checking/verses/01.md

5.3 KiB
Raw Permalink Blame History

আপোনাৰ লক্ষ্য কৰি লোৱা ভাষাৰ অনুবাদটিয়ে উৎস বাইবেলত থকা সকলো পদবোৰক সনিবিষ্ট কৰাটো গুৰুত্বপূৰ্ণ। ভুল কৰাৰ যোগেদি কিছুমান পদবোৰ এৰি যোৱাটো আমি কামনা নকৰো। কিন্ত্ত মনত ৰাখিব যে কিছুমান বাইবেলত কিয় কিছুমান নিৰ্দিষ্ট পদবোৰ হে থাকে তাৰ ভাল কাৰণ থাকিব পাৰে, যি বোৰ অন্য বাইবেলবোৰত নাথাকে।

পদবোৰ হেৰুৱাৰ কাৰণবোৰ

১. শাস্ত্ৰাংশবিষয়ক তাৰাতম্য- এনে কিছুমান পদবোৰ আছে যি বাইবেল বিদ্বান লোকসকলে বিশ্বাস নকৰে যে এইবোৰ বাইবেলৰ মূল পদবোৰ হয়, কিন্ত্ত পিছলৈ যুক্ত কৰা হৈছিল। গতিকে কিছুমান বাইবেল অনুবাদসকলে সেই পদবোৰ সনিবিষ্ট নকৰিবলৈ বাচি লয়, বা সেইবোৰক কেৱল নিম্ন টোকা স্বৰূপে সনিবিষ্ট কৰে। (এই বিষয়ে অধিককৈ জানিবলৈ, চাওক শাস্ত্ৰাংশবিষয়ক তাৰাতম্য।) আপোনাৰ অনুবাদ দলক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হব যে এই পদবোৰ সনিবিষ্ট কৰিব নে নাই। ১. সংখ্যাক্ৰমৰ প্ৰাৰ্থক্যতা - কিছুমান বাইবেলে অন্য বাইবেলবোৰতকৈ পদৰ সংখ্যাক্ৰমক এটা অন্য ধৰণৰ পদ্ধতিক ব্যৱহাৰ কৰে। (এই বিষয়ে অধিককৈ জানিবলৈ, চাওক অধ্যায় আৰু পদৰ সংখ্যাক্ৰম।) কোনটো পদ্ধতি ব্যৱহাৰ কৰিব আপোনাৰ অনুবাদক দলে সিদ্ধান্ত লোৱা উচিত। ১. পদৰ সেতুবোৰ - বাইবেলৰ কিছুমান অনুবাদবোৰত, দুটা বা অধিক পদবোৰৰ বিষয়বোৰ পুনৰ শৃঙ্খলীত কৰা হয় যাতে জাননীৰ শৃঙ্খলতা অধিক ভাবে যুক্তিযুক্ত হয় বা বুজিবলৈ সহজ হয়। যেতিয়া এনেবোৰ ঘটে, পদৰ সংখ্যাক্ৰমবোৰ যুক্ত কৰা হয়, যেনেকৈ -৫ বা -৬। ইউ.এচ.টিয়ে কেতিয়াবা এনেদৰে কৰে। কাৰণ সকলো পদৰ সংখ্যাবোৰ দেখা নাযায় বা আপুনি যত সেইবোৰ দেখা পাব বিচাৰে তাত ই দেখা নাযায়, ই এনে লাগে যেন কিছুমান পদ হেৰাইছে। কিন্ত্ত সেই পদবোৰৰ বিষয়বোৰ তাত উল্লেখ থাকে। (এই বিষয়ে অধিককৈ জানিবলৈ, চাওক পদৰ সেতুবোৰ।)

হেৰাই থকা পদবোৰ বিচাৰি চোৱা

এখন পুস্তক অনুবাদ কৰাৰ পাছত, হেৰাই থকা পদবোৰৰ বাবে আপোনাৰ অনুবাদটিক পৰীক্ষা কৰিবৰ নিমিত্তে, অনুবাদটিক উপ-শাস্ত্ৰাংশলৈ লৈ আনক। ইয়াৰ পাছত অধ্যায়/পদ সংখ্যাৰ বাবে পৰীক্ষাক চালিত কৰক। উপশাস্ত্ৰাংশই আপোনাক সেই পুস্তকৰ সকলো ঠাইৰ এখন তালিকা দিব যিয়ে হেৰাই থকা পদবোৰক ই বিচাৰি উলিয়াব। ইয়াৰ পাছত আপুনি সেইবোৰৰ প্ৰতিটো ঠাইবোৰ চাব পাৰে আৰু সিদ্ধান্ত লব যে পদটি উদ্দেশ্যপূৰ্ব্বক ভাবে ওপৰত উল্লেখ কৰা তিনিটা কাৰণৰ ভিতৰত এটা কাৰণৰ বাবে হেৰাইছে নেকি, বা যদি ই ভুলক্ৰমে হেৰাইছিল তেন্তে আপুনি উভতি যোৱাৰ আৰু সেই পদটি অনুবাদ কৰাৰ প্ৰয়োজন আছে।