as_ta/checking/language-community-check/01.md

14 KiB
Raw Permalink Blame History

ভাষা সমাজৰ পৰীক্ষাকৰণ

এটা দল স্বৰূপে অনুবাদক দলে খচৰা প্ৰস্ত্তত কৰা আৰু পৰীক্ষা কৰা আৰু অনুবাদমূলত পৰীক্ষাক প্ৰমাণ কৰি চোৱাৰ পদক্ষেপবোৰ সম্পূৰ্ণ কৰাৰ পাছত, অনুবাদটি লক্ষ্য কৰি লোৱা ভাষা সমাজৰ দ্বাৰাই পৰীক্ষা কৰোৱাবলৈ যুগুত হয়। সমাজখনে অনুবাদ দলক ইয়াৰ অনুবাদৰ বাৰ্ত্তা স্পষ্টকৈ আৰু লক্ষ্য কৰি লোৱা ভাষাত স্বাভাৱিক ধৰণে প্ৰকাশ কৰিব পৰাৰ ক্ষেত্ৰত সহায় কৰিব। এনে কৰিবলৈ, অনুবাদক সমিতিয়ে সমাজ পৰীক্ষা প্ৰক্ৰিয়াত প্ৰশিক্ষণ লবলৈ লোকসকলক বাচনি কৰিব। এই লোকসকল একেই লোকসকল হব পাৰে যি সকলে অনুবাদটি কৰি আছে।

এই লোকসকলে ভাষা সমাজৰ চাৰিওফালে যাব আৰু ভাষা সমাজৰ সদস্যসকলৰ সৈতে অনুবাদটি পৰীক্ষা কৰিব। তেওঁলোকে যদি বিভিন্ন ধৰণৰ লোকৰ যুৱচাম আৰু বয়স্তলোক, পুৰুষ আৰু মহিলাসকলৰ সৈতে এই পৰীক্ষা কৰে তেন্তে উত্তম হয়। এনে কৰাই অনুবাদটিক সকলোৱে বুজিব পৰা কৰিব।

স্বাভাৱিকতা আৰু স্পষ্টতাৰ বাবে এটা অনুবাদ পৰীক্ষা কৰিবলৈ, উৎস ভাষাৰ সৈতে ইয়াক তুলনা কৰাটো সহায়কজনক নহয়। সমাজৰ সৈতে এই পৰীক্ষা কৰি থাকোতে, কোনো এজনেও উৎস ভাষাৰ বাইবেলক চোৱাটো অনুচিত। লোকসকলে উৎস ভাষাৰ বাইবেলক অন্য পৰীক্ষাৰ বাবে আকৌ চাব, যেনেকৈ শুদ্ধতাৰ পৰীক্ষা, কিন্ত্ত এই পৰীক্ষাৰ সময়ত নহয়।

স্বাভাৱিকতা পৰীক্ষাৰ বাবে, ভাষা সমাজৰ সদস্যসকললৈ আপুনি অনুবাদৰ এটা খণ্ডক পঢ়ি শুনাব বা এটা বাণীবদ্ধক বজাব। আপুনি পঢ়া বা অনুবাদটিক বজোৱাৰ পূৰ্ব্বে, শুনোতা লোকসকলক কব যে তেওঁলোকৰ ভাষাত কিবা এটা স্বাভাৱিক নহয় যেন শুনা পালে তেওঁলোকে আপোনাক ৰখোৱাটো আপুনি কামনা কৰে। (এটা অনুবাদ স্বাভাৱিকতাৰ বাবে কেনেকৈ পৰীক্ষা কৰা হয় তাক অধিককৈ জানিবলৈ, চাওক স্বাভাৱিক অনুবাদ।) তেওঁলোকে যেতিয়া আপোনাক বাধা দিব, তেতিয়া কি স্বাভাৱিক নাছিল সোধক, আৰু সোধক যে তেওঁলোকে ইয়াক কেনেকৈ অধিককৈ স্বাভাৱিকতাত কব। তেওঁলোকৰ উত্তৰক অধ্যায় আৰু পদৰ সৈতে লিপিবদ্ধ বা বাণীবদ্ধ কৰক, যত এই খণ্ডবাক্যটি আছিল, যাতে অনুবাদক দলে খণ্ডবাক্যটিক এই ধৰণে কোৱাক অনুবাদত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

স্পষ্টতাৰ বাবে অনুবাদটি পৰীক্ষা কৰিবলৈ, প্ৰতিটো মুকলি বাইবেল কাহিনী আৰু আপুনি ব্যৱহাৰ কৰিব পৰা বাইবেলৰ প্ৰতিটো অধ্যায়ৰ বাবে প্ৰশ্ন আৰু উত্তৰৰ এটা যোৰা আছে। ভাষা সমাজৰ সদস্যসকলে যেতিয়া প্ৰশ্নৰ উত্তৰ সহজে দিব পাৰে, তেতিয়া আপুনি জানিব যে অনুবাদটি স্পষ্ট আছে। (চাওক http://ufw.io/tq/ প্ৰশ্নবোৰৰ বাবে।)

এই প্ৰশ্নবোৰ ব্যৱহাৰ কৰিবলৈ, এই পদক্ষেপবোৰ অনুকৰণ কৰকঃ

১. ভাষা সমাজৰ এগৰাকী বা অধিক সদস্যসকললৈ অনুবাদৰ শাস্ত্ৰাংশটি পঢ়ি বা বজাই শুনাওক যি সকলে প্ৰশ্নবোৰৰ উত্তৰ দিব। ভাষা সমাজৰ এই সদস্যসকলে এনে লোক হোৱা উচিত সকলে পূৰ্ব্বে অনুবাদত অংশগ্ৰহণ কৰা নাই। অন্য কথাত, সমাজৰ সদস্যসকল যি সকলক প্ৰশ্নবোৰ সোধা হৈছিল তেওঁলোকে অনুবাদত কৰ্ম কৰাৰ পৰা বা বাইবেলৰ পূৰ্ব্বৰ জ্ঞানৰ পৰা ইতিমধ্যে প্ৰশ্নবোৰৰ উত্তৰ জনাটো অনুচিত। আমি তেওঁলোকক কাহিনী বা বাইবেল শাস্ত্ৰাংশৰ অনুবাদটিক শুনা বা পঢ়াৰ পৰাহে কেৱল উত্তৰ দিয়াটো বিচাৰো। এই ধৰণেই আমি জানিব পাৰিম যে অনুবাদটি স্পষ্টৰূপে যোগাযোগ কৰিব পাৰিছে নে নাই। এই একেই কাৰণৰ বাবে, ই গুৰুত্বপূৰ্ণ যে সমাজৰ সদস্যসকলে এই প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে বাইবেল খনক নাচাব।

২. সেই শাস্ত্ৰাংশৰ পৰা সমাজৰ সদস্যসকলক কিছুমান প্ৰশ্ন সোধক, এটা সময়ত এটা প্ৰশ্ন। প্ৰতিটো কাহিনী বা অধ্যায়ৰ বাবে সকলো প্ৰশ্নবোৰ ব্যৱহাৰ কৰাটো আৱশ্যক নহয় যদিহে ই এনে বুজাই যে সমাজৰ লোকসকলে অনুবাদটিক ভাল ধৰণে বুজিছে।

৩. প্ৰতিটো প্ৰশ্নৰ পাছত ভাষা সমাজৰ এগৰাকী সদস্যই প্ৰশ্নৰ উত্তৰ দিব। ব্যক্তি গৰাকীয়ে যদি কেৱল “হয়” বা “নহয়” বুলি উত্তৰ দিয়ে, তেন্তে প্ৰশ্ন সোধোতা জনে ইয়াৰ আগৰ প্ৰশ্ন সুধিব যাতে তেওঁ নিশ্চীত্ব হব পাৰে যে অনুবাদটি ভাল ধৰণে জানিবলৈ দিছে। ইয়াৰ পাছৰ প্ৰশ্নটি এনে ধৰণৰ হব পাৰে যেনে, “আপুনি তাক কেনেকৈ জানে?” বা “অনুবাদৰ কোনটো অংশই আপোনাক তাক জানিব দিয়ে?”

. ব্যক্তি গৰাকীয়ে দিয়া উত্তৰক বাইবেল বা কাহিনী বা মুকলি বাইবেল কাহিনীৰ গঠনৰ সংখ্যাৰ অধ্যায় আৰু পদৰ সৈতে লিখি ৰাখক বা বাণীবদ্ধ কৰক যি বিষয়ে আপুনি কৈ আছে। ব্যক্তি গৰাকীৰ উত্তৰ যদি পৰামৰ্শ দিয়া উত্তৰৰ সৈতে একে ধৰণৰ হয় যি প্ৰশ্নৰ বাবে যোগান ধৰা হৈছিল, তেন্তে অনুবাদটিয়ে সেই ক্ষেত্ৰত শুদ্ধ জাননীক স্পষ্টকৈ জানিব দিছে। উত্তৰটি শুদ্ধ উত্তৰ হবলৈ পৰামৰ্শত দিয়া উত্তৰৰ দৰে সুবহু হোৱাৰ প্ৰয়োজন নাই, কিন্ত্ত প্ৰাথমিকতে ই একেই জাননীকে দিয়া উচিত। কেতিয়াবা পৰামৰ্শত দিয়া উত্তৰ বহু দীঘল হব পাৰে। ব্যক্তি গৰাকীয়ে যদি পৰামৰ্শত দিয়া উত্তৰৰ কেৱল অংশক উত্তৰ স্বৰূপে দিয়ে, সেইয়াও এটা শুদ্ধ উত্তৰ।

৫. উত্তৰটি যদি আশা কৰা ধৰণৰ নহয় বা পৰামৰ্শত দিয়া উত্তৰতকৈ একেবাৰে পৃথক, বা ব্যক্তি গৰাকীয়ে যদি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেন্তে অনুবাদক দলে অনুবাদৰ অংশটিক পুনৰ কৰিবলগীয়া হব যিয়ে সেই জাননীক জানিবলৈ দিয়ে যাতে জাননীটিক ই অধিক ভাবে স্পষ্টকৈ জানিবলৈ দিয়ে।

৬. যদি সম্ভৱ হয়, তেন্তে ভাষা সমাজৰ অনেক লোকক পুৰুষ আৰু মহিলা আৰু যুৱ আৰু বয়স্ক লোকক সাঙুৰি, ইয়াৰ লগতে ভাষা সমাজৰ বিভিন্ন অঞ্চলৰ লোকসকলক একেই প্ৰশ্নকে সোধাটো নিশ্চীত্ব হওক। প্ৰশ্নটিৰ উত্তৰ দিবলৈ যদি কেইবা গৰাকীলোকৰ অসুবিধা হয়, তেন্তে অনুবাদৰ সেই অংশত সম্ভৱত্ব এটা সমস্যা আছে। অসুবিধা বা ভূল বুজনিৰ এটা টোকা প্ৰস্ত্তত কৰক যি লোকসকলৰ আছে, যাতে অনুবাদক দলে অনুবাদটি পুনৰ কৰিব পাৰে আৰু ইয়াক অদিক ভাবে স্পষ্ট কৰিব পাৰে।

. অনুবাদৰ এটা শাস্ত্ৰাংশক অনুবাদক দলে পুনৰ কৰাৰ পাছত, সেই শাস্ত্ৰাংশৰ পৰা ভাষা সমাজৰ অন্য কিছুমান সদস্যসকলক একেই প্ৰশ্নকে সোধক, সেইয়া হৈছে, ভাষাৰ অন্য বাৰ্ত্তাবাহকসকলক সোধক যি সকলে সেই একেই শাস্ত্ৰাংশৰ পৰীক্ষাকৰণত অংশগ্ৰহণ কৰা নাই। তেওঁলোকে যদি প্ৰশ্নটিৰ উত্তৰ শুদ্ধকৈ দিয়ে, তেন্তে সেই শাস্ত্ৰাংশৰ অনুবাদটি এতিয়া ভাল ধৰণে জানিবলৈ দিছে।

৮. প্ৰতিটো কাহিনী বা বাইবেলৰ অধ্যায়ৰ সৈতে এই প্ৰক্ৰিয়াক দুহাৰি থাকক যেতিয়ালৈকে ভাষা সমাজৰ সদস্যসকলে প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পৰাক জানিবলৈ নিদিয়ে যে অনুবাদটিয়ে শুদ্ধ জাননীক স্পষ্টকৈ জানিবলৈ দিছে। অনুবাদটি মণ্ডলীৰ নেতাসকলৰ শুদ্ধতা পৰীক্ষাৰ বাবে প্ৰস্ত্তত আছে যেতিয়া ভাষা সমাজৰ সদস্যসকল যি সকলে অনুবাদটিক পূৰ্ব্বে শুনা নাই তেওঁলোকে প্ৰশ্নবোৰৰ উত্তৰ শুদ্ধকৈ দিব পাৰে।

৯. সমাজ পুননিৰীক্ষণ পৃষ্ঠালৈ যাওক আৰু তাত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক। (চাওক ভাষা সমাজৰ পুননিৰীক্ষণ প্ৰশ্নসমূহ)

এটা স্পষ্ট অনুবাদ কৰাৰ বিষয়ে অধিককৈ জানিবলৈ, চাওক স্পষ্ট। অনুবাদ প্ৰশ্নসমূহৰ উপৰিও এনে অন্য পদ্ধতিবোৰ আছে যাক ব্যৱহাৰ কৰাৰ দ্বাৰাই আপুনি সমাজৰ সৈতে এটা অনুবাদ পৰীক্ষা কৰিব পাৰে। এই অন্য পদ্ধতিবোৰৰ বাবে, চাওক, অন্য পদ্ধতিবোৰ