as_ta/checking/other-methods/01.md

7.3 KiB

পৰীক্ষাকৰণৰ অন্য পদ্ধতিসমূহ

প্ৰশ্ন কৰাৰ লগতে, পৰীক্ষা কৰাৰ অন্য পদ্ধতিবোৰ আছে যিবোৰ আপুনি নিশ্চীত্ব কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে যে অনুবাদটি স্পষ্ট, পঢ়িবলৈ সহজ, আৰু শ্ৰুতাসকলৰ বাবে স্বাভাবিক ধৰণে শুনা পাই। ইয়াক অন্য কিছুমান পদ্ধতিবোৰ দিয়া হৈছে যিবোৰক আপুনি হয়তু ব্যৱহাৰ কৰিবলৈ চাব পাৰেঃ

  • পুনৰ কোৱা পদ্ধতি: আপুনি, অনুবাদকসকলক বা পৰীক্ষকে, এটা শাস্ত্ৰাংশ বা কাহিনীক পঢ়িব পাৰে আৰু কোনোবা এজনক যি কোৱা হৈছিল পুনৰ কবলৈ দিয়া। ব্যক্তি গৰাকীয়ে যদি শাস্ত্ৰাংশটি সহজে পুনৰ কব পাৰে, তেন্তে শাস্ত্ৰাংশটি স্পষ্ট আছে। ব্যক্তি গৰাকীয়ে এৰি যোৱা বা ভূলকৈ কোৱা যি কোনো অংশৰ অধ্যায় আৰু পদৰ সৈতে এটা টোকা বনাওক। অনুবাদক দলে সেই অংশবোৰক আৰু অধিক ভাবে স্পষ্ট কৰিবলৈ অনুবাদত পুনৰ কৰিবলগীয়া হব। ইয়াৰ উপৰিও ব্যক্তি গৰাকীয়ে অন্য ধৰণে কোৱা যি কোনো বিষয়ৰ অংশৰো এটা টোকা বনাওক যিবোৰে অনুবাদত থকাৰ দৰে একেই অৰ্থকে বুজাই। ই হয়তু এনে হব পাৰে যে এনে ধৰণে কোৱাটো অনুবাদত থকা ধৰণতকৈ অধিক ভাবে স্বাভাবিক হয়। অনুবাদক দলে একেই কথা কোৱাকে এই কোৱা ধৰণক ব্যৱহাৰ কৰি অনুবাদটিক অধিক ভাবে স্বাভাবিক কৰিব পাৰে।
  • পঢ়া পদ্ধতি: আপোনাৰ সলনি অন্য কোনোবা এজন, অনুবাদক বা পৰীক্ষক গৰাকীয়ে, আপুনি শুনি থাকোতে অনুবাদৰ এটা শাস্ত্ৰাংশক পঢ়িব পাৰে আৰু ব্যক্তি গৰাকীয়ে যত থমকি ৰয় বা ভূল কৰে তাৰ এটা টোকা বনাওক। এনে কৰাই জানিব দিব যে অনুবাদটি পঢ়া আৰু বুজি পোৱাৰ বাবে কিমান সহজ বা কিমান কঠিন। অনুবাদৰ সেই অংশবোৰলৈ মন কৰক যত পঢ়োৱৈ গৰাকীয়ে থমকি ৰৈছিল বা ভুল কৰিছিল আৰু অনুবাদৰ সেই অংশক কিহে কঠিন কৰিছে বিবেচনা কৰক। অনুবাদক দলে অনুবাদৰ সেই অংশবোৰৰ পুনৰ কাৰ্য্য কৰিবলগীয়া হব পাৰে যাতে ই পঢ়িবলৈ আৰু বুজি পাবলৈ সহজ হয়।
  • সাল-সলনিকৈ কৰা অনুবাদসমূহক আগবঢ়োৱা: অনুবাদৰ কিছুমান অংশবোৰত অনুবাদক দলে এটা উৎস শব্দ বা খণ্ডবাক্য ব্যক্ত কৰিবলৈ উত্তম ধৰণক নিশ্চীত্ব কৰিব নোৱাৰিবও পাৰে। এই বিষয়ত, অন্য লোকসকলক সোধক যে তেওঁলোকে ইয়াক কেনেদৰে অনুবাদ কৰিব। সেই লোকসকলৰ বাবে যি সকলে উৎস ভাষাক বুজি নাপায়, আপুনি কবলৈ চেষ্টা কৰিছে ব্যাখা কৰক আৰু সোধক তেওঁলোকে ইয়াক কেনেদৰে কব। অন্য অনুবাদবোৰ যদি সম পৰিমাণে ভাল হয়, তেন্তে একেটা ধৰণৰ দুটা অনুবাদক লোকসকললৈ আগবঢ়াওক আৰু তেওঁলোকক সোধক যে সাল-সলনিকৈ কৰা কোনটো অনুবাদক তেওঁলোকে অধিক ভাবে স্পষ্ট বুলি বিবেচনা কৰে।
  • পুননিৰীক্ষকৰ সহায়: অন্য লোক যি জনক আপুনি সন্মান কৰে তেওঁক আপোনাৰ অনুবাদটি পঢ়িব দিয়ক। তেওঁলোকক মনোযোগ দিবলৈ কওক আৰু কত ইয়াক উন্নত্ব কৰিব পাৰি আপোনাক কবলৈ কওক। উত্তম শব্দ বাচনি, অধিক ভাবে স্বাভাবিক বক্তব্যবোৰক, আৰু বানান ইফাল-সিফাল কৰাকো মন কৰক।
  • আলোচনা কৰা দলবোৰ: এটা লোকসকলৰ দলত অনুবাদটি বৰ মাতেৰে পঢ়িবলৈ লোকসকলক কওক আৰু স্পষ্টতাৰ বাবে লোকসকলক প্ৰশ্ন সুধিবলৈ অনুমতি দিয়ক। তেওঁলোকে ব্যৱহাৰ কৰা শব্দবোৰৰ প্ৰতি মনোযোগ দিয়ক, কাৰণ সাল-সলনি শব্দ আৰু বক্তব্যবোৰ তেতিয়া হে উলাই আহিব যেতিয়া কোনোবা এজনে এটা কঠিন বিষয়ৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিব, আৰু এই সাল-সলনি শব্দ আৰু বক্তব্যবোৰ অনুবাদত থকাবোৰতকৈ হয়তু উত্তম হব পাৰে। সেইবোৰক অধ্যায় আৰু পদবোৰৰ সৈতে যি বিষয়ৰ হয় তাক লিখি ৰাখক। অনুবাদক দলে অনুবাদটিক উন্নত্ব কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও সেই অংশবোৰক মনোযোগ দিয়ক যত লোকসকলে অনুবাদটিক বুজি নাপায় যাতে অনুবাদক দলে সেই অংশবোৰ স্পষ্ট কৰিব পাৰে।