as_ta/checking/clear/01.md

4.9 KiB

এটা স্পষ্ট অনুবাদকৰণ

এটা অনুবাদ স্পষ্ট হোৱা উচিত। ইয়াৰ অৰ্থ হল যে কোনোবা এজনে পঢ়োতে আৰু শুনোতে ই কি কবলৈ চেষ্টা কৰিছে তাক সহজে বুজিব পৰা যায়। আপুনি নিজৰ বাবে পঢ়াৰ যোগেদি ইয়াক জানিবলৈ সম্ভৱ যে এটা অনুবাদ স্পষ্ট হয় নে নহয়। কিন্ত্ত ই তাতোকৈ উত্তম যে ভাষা সমাজৰ কোনোবা এজনক আপুনি বৰ মাতেৰে পঢ়ি শুনাওক। আপুনি যেনেকৈ অনুবাদটি পঢ়িব, আপুনি নিজকে বা ব্যক্তি গৰাকীক সুধিব যি আপুনি পঢ়ি আছে, এনে ধৰণৰ প্ৰশ্ন যেনে অনুবাদৰ বাৰ্ত্তাটি স্পষ্ট হয় নে নহয় তাক জানিবলৈ মন দি শুনক। এই খণ্ডৰ পৰীক্ষাৰ বাবে, উৎস ভাষাৰ অনুবাদৰ সৈতে নতুন অনুবাদক তুলনা নকৰিব। যি কোনো ঠাইত যদি সমস্যা থাকে, ইয়াৰ এটা টোকা প্ৰস্ত্তত কৰক যাতে পিছলৈ আপুনি অনুবাদকসকলৰ দলৰ সৈতে আলোচনা কৰিব পাৰে।

১. অনুবাদৰ শব্দবোৰ আৰু খণ্ডবাক্যবোৰে বাৰ্ত্তাক বুজি পোৱাকৈ কৰিছে নে? (শব্দবোৰে বিমোৰত পেলাইছে নেকি বা সেইবোৰে অনুবাদকে কি বুজাইছে তাক সহজ ভাবে আপোনাক কৈছে নে?) ১. আপোনাৰ সমাজৰ লোকসকলে অনুবাদত পোৱা শব্দবোৰ আৰু ভাবপ্ৰকাশবোৰ ব্যৱহাৰ কৰে নে, বা অনুবাদক গৰাকীয়ে ৰাষ্ট্ৰীয় ভাষাৰ পৰা বহুতো শব্দবোৰ ব্যৱহাৰ কৰিছে নেকি? (আপোনালোকৰ লোকসকলে এই ধৰণেই কথা পাতে নে যেতিয়া তেওঁলোকে আপোনালোকৰ ভাষাত গুৰুত্বপূৰ্ণ বিষয়বোৰ কবলৈ বিচাৰে?) ১. শাস্ত্ৰাংশক আপুনি সহজে পঢ়িব আৰু বুজিব পাৰে নে যে লেখক গৰাকীয়ে ইয়াৰ পাছত কি কবলৈ গৈ আছে? (অনুবাদক গৰাকীয়ে কাহিনী কোৱাৰ ভাল এটা আৰ্হী ব্যৱহাৰ কৰিছে নে? তেওঁ বিষয়বোৰক এনে এটা ধৰণত কৈছে যি অৰ্থক জানিব দিয়ে, যাতে প্ৰতিটো খণ্ডই পূৰ্ব্বে যি আহে বা পাছত যি আহে তাৰ সৈতে খাপ খায়? পঢ়ি থাকোতে আপুনি বাধা দিবলগীয়া হয় নেকি আৰু ইয়াক বুজিবৰ বাবে ইয়াৰ এটা অংশক দুনাই পঢ়িবলগীয়া হয় নে?)

উপৰঞ্চি সহায়ঃ

  • শাস্ত্ৰাংশটি স্পষ্ট হয় নে নহয় তাক এটা ধৰণে থিৰাং কৰিবলৈ এটা সময়ত কিছুমান পদক বৰ মাতেৰে পঢ়ক আৰু প্ৰতিটো খণ্ডৰ পাছত কাহিনীটিক পুনৰ কবৰ বাবে কোনোবা এজনক শুনিবলৈ কওক। ব্যক্তি গৰাকীয়ে যদি আপোনাৰ বাৰ্ত্তাক সহজে পুনৰাবৃত্তি কৰিব পাৰে, তেন্তে লেখনি স্পষ্ট আছে। অনুবাদক পৰীক্ষা কৰিবলৈ অন্য পদ্ধতিবোৰৰ বাবে, চাওক অন্য পদ্ধতিবোৰ
  • এনে এটা ঠাই যদি আছে যত অনুবাদটি স্পষ্ট নহয়, তাৰ এটা টোকা তৈয়াৰ কৰক যাতে আপুনি অনুবাদকসকলৰ দলৰ সৈতে আলোচনা কৰিব পাৰে।