as_ta/translate/figs-explicit/01.md

19 KiB
Raw Permalink Blame History

  • কৃত্ৰিম জ্ঞান হৈছে এজন বক্তাই কথা কোৱা আৰম্ভ কৰাৰ আগতে তেওঁৰ শ্ৰোতাই জনে আৰু তেওঁলোকক কেনে ধৰণন তথ্য দিব। বক্তাই শ্ৰোতাসকলক দুই ধৰণে তথ্য দিয়ে।
  • স্পষ্ট তথ্য যেইখিনি যিখিনি বক্তাই পোনপটীয়াকৈ কয়।
  • অন্তৰ্নিহিত তথ্য হৈছে বক্তাই পোনপটীয়া ভাৱে নোকোৱা কথাখিনি কিয়নো তেওঁ নিজৰ শ্ৰোতাই তেওঁ কোৱাখিনিৰ পৰা শিকাটো বিচাৰে।

বিৱৰণ

যেতিয়া কোনোবাই কয় অথবা লিখে, তেওঁ মানুহে বিশিষ্ট কিবা জনা অথবা কৰা অথবা চিন্তা কৰাটো বিচাৰে। তেওঁ সাধাৰণতে ইয়াৰ বিষয়ে পোনপটীয়াকৈ কয়। এইটো হৈছেস্পষ্ট তথ্য

বক্তাই আগৰেপৰা ভাবি লয় যে তেওঁৰ শ্ৰোতাই কিছুমান তথ্য আগৰেপৰা জানে যিবিলাক এইখিনি তথ্য বুজাৰ বাবে প্ৰয়োজনীয়। সাধাৰণতে তেওঁ মানুহক এই কথাখিনি নকয়, কিয়নো তেওঁলোকে আগৰেপৰা এইখিনি জানে। ইয়াকে কৃত্ৰিম জ্ঞান বুলি কোৱা হয়।

বক্তাই তেওঁৰ শ্ৰোতাই তেওঁ কোৱা সকলোখিনিৰ পৰা বুজি লোৱাখিনি কেতিয়াবা পোনপটীয়াভাৱে নকয়। তেওঁ মানুহক নিজৰ কথাখিনিৰ পৰা বুজি লোৱা তথ্যখিনি যিবিলাক তেওঁ পোনপটীয়াভাৱে নকয় তাক অন্তৰ্নিহিত তথ্য বুলি কোৱা হয়।

সাধাৰণতে শ্ৰোতাই এই অন্তৰ্নিহিত তথ্য তেওঁলোকে আগৰেপৰা জনা (কৃত্ৰিম জ্ঞান) তথ্যখিনিৰ লগত বক্তাই পোনপটীয়াভাৱে কোৱা স্পষ্ট তথ্যৰ লগত মিলাই জানে।

এইটো অনুবাদৰ এটা সমস্যা হোৱাৰ কাৰণ

এই তিনি প্ৰকাৰৰ সকলো তথ্য বক্তাই ক’ব বিচৰা বাৰ্তাৰ এটা অংশ। যদি ইয়াৰে কোনো এটা তথ্য নাথাকে তেনে শ্ৰোতাই বাৰ্তাটো বুজি নাপাব। কিয়নি লক্ষ্য অন্যবাদ এনেকুৱা এটা ভাষাত যিটো বাইবেলৰ ভাষাতকৈ বহুত বেলেগ আৰু বাইবেলৰ সময় আৰু স্থানত থকা শ্ৰোতাৰ বাবে নিৰ্মাণ কৰা হৈছিল, বহু সময়ত বাৰ্তাটোৰ পৰা কৃত্ৰিম জ্ঞান অথবা অন্তৰ্নিহিত তথ্য পোৱা নাযায়। সৰল ভাষাত, আধুনিক পঢ়ুৱৈসকলে বাইবেলৰ আচল বক্তা অথবা আচল শুনোতাসকল জনাখিনি নাজানে। যেতিয়া বাৰ্তাটো বুজিবলৈ এইখিনি কথাৰ প্ৰয়োজনীয়, আপুনি এই তথ্যখিনি এটা পাঠত অথবা এটা ফুটনোটত দিব পাৰে।

বাইবেলৰ পৰা উদাহৰণ

তাৰপাচত তাৰ ওচৰলৈ এজন অধ্যাপক আহিল আৰু ক’লে, "গুৰু, তুমি য’লৈকে যোৱা মই তোমালোকক অনুকৰণ কৰি যাম। " যীচুৱে তাক ক’লে, "শিয়ালৰ গাঁত আছে , আৰু আকাশৰ চৰাইৰ বাহ আছে , কিন্তু ঈশ্বৰৰ পুত্ৰৰ মূৰ থ’বলৈও এডোখৰ ঠাই নাই। " (মথি 8:20 ULT)

যীচুৱে শিয়াল আৰু চৰাইয়ে গাঁত আৰু বাহ কিহৰ বাবে ব্যৱহাৰ কৰে কোৱা নাই, কিয়নো তেওঁ অধ্যাপকজনে আগৰেপৰা শিয়ালে গাঁতত শোৱে আৰু চৰাইয়ে বাহত শোৱে বুলি জানে বুলি ভাবিছিল। এইটো হৈছে কৃত্ৰিম জ্ঞান

যীচুৱে ইয়াত পোনপটীয়াভাৱে এইটো কোৱা নাই যে “মই ভগৱানৰ পুত্ৰ”, কিন্তু যদি অধ্যাপকজনে আগৰেপৰা এই কথা জনা নাছিল তেন্তে এই কথাটো অন্তৰ্নিহিত তথ্য হ’ব যে যীচুৱে তেওঁৰ বিষয়ে ক’বলৈ এইটো কথা ব্যৱহাৰ কৰিছিল। লগতে যীচুৱে এইটো কথা স্পষ্টভাৱে কোৱা নাছিল যে তেওঁ বহুত ভ্ৰমণ কৰে আৰু ৰাতি শুবলৈয়ো ঠাই এডোখৰ নাছিল। এইটো হৈছে অন্তৰ্নিহিত তথ্য যিটো অধ্যাপকজনে জানিব যেতিয়া যীচুৱে শুবলৈ ঠাই নাই বুলি ক’ব।

তোমাৰ বাবে দুখ লাগিছে, কোৰাচিন! তোমাৰ বাবে দুখ লাগিছে, বেৎ-চৈদা! যদি পৰাক্ৰম কাৰ্যবোৰ তোমাৰ সলনি তুৰ আৰু চীদনৰ কৰা হ’লেহেতেঁন তেওঁলোকে বহুদিন আগতেই বস্তা আৰু চাইত থাকি অনুতাপ কৰিলেহেতেঁন। কিন্তু তুৰ আৰু চীদোন বাবে বিচাৰৰ দিন তোমাতকৈ বেছি নৰম হ’ব। (মথি11:21, 22 ULT)

যীচুৱে এই কথাটো ভাবি লৈছিলে যে তেওঁ কথা পাতি থকা মানুহবিলাকে তুৰ আৰু চীদোন যে বহুত কপটি আছিল বুলি জানিছিল, আৰু বিচাৰৰ দিন হৈছে যে এটা সময় যেতিয়া ভগৱানে সকলোকে বিচাৰ কৰিব। যীচুৱে এইটো কথাও জানিছিল যে তেওঁলোকে নিজকে ভাল বুলি বিশ্বাস কৰিছিল আৰু অনুতাপ কৰাৰ কোনো প্ৰয়োজন নাই। যীচুৱে তেওঁলোকক এইখিনি কোৱাৰ কোনো প্ৰয়োজন নাছিল। এইবোৰ সকলো কৃত্ৰিম জ্ঞান

ইয়াত অন্তৰ্নিহিত তথ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে যে কিয়নো কথা পাতি থকা মানুহসকলে অনুতাপ নকৰিলে, তেওঁলোকক তুৰ আৰু চীদোন মানুহতকৈ বেছি কঠোৰভাৱে বিচাৰ কৰা হ’ব।

তোমাৰ অনুগামীসকলে কিয় বয়সষ্ঠসকলৰ পৰম্পৰা ভংগ কৰিছে? কিয়নো তেওঁলোকে খোৱাৰ আগতে হাত নোধোৱে। (মথি15:2 ULT)

কোনো শুভ কাৰ্যত বয়সষ্ঠসকলৰ এটা পৰম্পৰা হৈছিল যে মানুহবিলাকে খোৱাৰ আগতে যাতে পৱিত্ৰ হয় তাৰ বাবে হাত ধুইছিল। মানুহে ভাবিছিল যে ন্যায়পৰায়ণ হ’বৰ বাবে তেওঁলোকে বয়সষ্ঠসকলৰ পৰম্পৰাৰ পালন কৰিব লাগিব। যীচুৰ লগত কথা পাতি থকা ফৰিচীসকলে তেওঁ এইটো জানিব বুলি কৃত্ৰিম জ্ঞানৰ আশা ৰাখিছিল। এইটো কৈ তেওঁলোকে অনুগামীসকলক পৰম্পৰা পালন নকৰাৰ দিষ দিছে আৰু সেইবাবে তেওঁলোক্ ধাৰ্মিক নাছিল। এইটো হৈছে অন্তৰ্নিহিত তথ্য যিটোৱে এইটো বুজায় যে তেওঁলোকে তেওঁলোকৰ কথাৰ পৰা যীচুৱে বুজাটো বিছাৰিছিল।

অনুবাদৰ কৌশল

যদি পঢ়ুৱৈসকলৰ বাৰ্তাটো বুজিবৰ বাবে যঠেষ্ট কৃত্ৰিম জ্ঞান আছে, লগতে স্পষ্ট তথ্যৰ লগত যোৱা অন্তৰ্নিহিত তথ্যও আছে, তেন্তে তেনে জ্ঞানক নকৈ এৰি দিয়া আৰু অন্তৰ্নিহিত তথ্যক অন্তৰ্নিহিত কৰি ৰখাটো ভাল। যদি পঢ়ুৱৈসকলে ইয়াৰে এটা নথকাৰ বাবে বাৰ্তটো নুবিজে তেন্তে ইয়াৰে এটা কৌশল ব্যৱহাৰ কৰক:

  1. যদি পঢ়ুৱৈসকলে নিৰ্দিষ্ট কৃত্ৰিম জ্ঞান নথকাৰ বাবে বাৰ্তাটো বুজি নাপায়, তেন্তে সেই জ্ঞানক স্পষ্ট তথ্য হিচাপে প্ৰদান কৰক।
  2. যদি পঢ়ুৱৈসকলে নিৰ্দিষ্ট অন্তৰ্নিহিত তথ্য নথকাৰ বাবে বাৰ্তাটো বুজি নাপায়, তেন্তে তথ্যখিনি স্পষ্টভাৱে উল্লেখ কৰক, কিন্তু এনেধৰণে কৰক যেন তথ্যখিনি আচল শ্ৰোতাৰ বাবে একেবাৰে নতুন।

ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ

  1. যদি পঢ়ুৱৈসকলে নিৰ্দিষ্ট কৃত্ৰিম জ্ঞান নথকাৰ বাবে বাৰ্তাটো বুজি নাপায়, তেন্তে সেই জ্ঞানক স্পষ্ট তথ্য হিচাপে প্ৰদান কৰক।
  • যীচুৱে তাক ক’লে, "শিয়ালৰ গাঁত থাকে , আৰু আকাশৰ চৰাইৰ বাহ থাকে , কিন্তু ভগৱানৰ পুত্ৰৰ মূৰ থ’বলৈও এডোখৰ ঠাই নাই। " (মথি8:20 ULT) - কৃত্ৰিম জ্ঞান হৈছে যে শিয়ালবিলাক নিজৰ গাঁতত থাকে আৰু চৰাইবিলাক নিজৰ বাহত থাকে
  • যীচুৱে তাক ক’লে, "শিয়ালৰ থাকিবলৈ গাঁত আছে, আৰু আকাশৰ চৰাইবোৰৰ থাকিবলৈ বাহ আছে , কিন্তু ভগৱানৰ পুত্ৰৰ মূৰ থৈ শুবলৈ এডোখৰ ঠাই নাই। "
  • তুৰ আৰু চিদোনৰ বাবে বিচাৰৰ দিন তোমাতকৈ বেছি নৰম হ’ব (মথি11:22 ULT) কল্পিট জ্ঞানটো হৈছে যে তুৰ আৰু চিদোনৰ মানুহবিলাক বহুত। বহত কপটি আছিল। এইটো স্পষ্টভাৱে ক’ব পাৰি। * ...তুৰ আৰু চিদোনৰ সেই চহৰকেইখন, যাৰ মানুহবোৰ বহুত কপটি আচজিল, তেওলোকৰ বাবে বিচাৰৰ দিনট তোমাতকৈ বেছি নৰম হ’ব
  • বা:
  • ...চায়াৰ আৰি চিদোনৰ কপটি চহৰকেইখনৰ বাবে বিচাৰৰ দিনটো তোমাতকৈ বেছি নৰম হ’ব
  • তোমাৰ অনুগামীসকলে কিয় বয়সষ্ঠসকলৰ পৰম্পৰা ভংগ কৰিছে? কিয়নো তেওঁলোকে খোৱাৰ আগতে হাত নোধোৱে। (মথি15:2 ULT) - কৃত্ৰিম জ্ঞান হৈছে এইটো যে বয়সষ্ঠসকলৰ এটা পৰম্পৰা হৈছে যে এটা শুভ কাৰ্যৰ আগতে আনুহবিলাকে হাত ধোৱা যাতে খোৱাৰ আগতে পৱিত্ৰ হয়, যিটো তেওঁলোকে ন্যায়পৰায়ণ হ’বৰ বাবে কৰিব লাগিব। এইটো তেওঁলোকৰ হাতত থকা বীজাণুবিলাক আঁতৰাই বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে নাছিল, যিটো এজন আধুনিক পঢ়ুৱৈ্যে ভাবিব পাৰে।
  • তোমাৰ অনুগামীসকলে কিয় বয়সষ্ঠসকলৰ পৰম্পৰা ভংগ কৰিছে? কিয়নো খাওঁতে তেওঁলোকে ন্যায়পৰাণতাৰ বাবে পৰম্পৰাগত হাত ধোৱা কাৰ্যটো নকৰে
  1. যদি পঢ়ুৱৈসকলে নিৰ্দিষ্ট অন্তৰ্নিহিত তত্ন্য নথকাৰ বাবে বাৰ্তাটো বুজি নাপায়, তেন্তে তথ্যখিনি স্পষ্টভাৱে উল্লেখ কৰক, কিন্তু এনেধৰণে কৰক যেন তথ্যখিনি আচল শ্ৰোতাৰ বাবে একেবাৰে নতুন।
  • তাৰপাচত তাৰ ওচৰলৈ এজন অধ্যাপক আহিল আৰু ক’লে, "গুৰু, তুমি য’লৈকে যোৱা মই তোমালোকক অনুকৰণ কৰি যাম। " যীচুৱে তাক ক’লে, "শিয়ালৰ গাঁত আছে, আৰু আকাশৰ চৰাইৰ বাহ আছে, কিন্তু ভগৱানৰ পুত্ৰৰ মূৰ থ’বলৈও এডোখৰ ঠাই নাই। " (মথি8:20 ULT) - অন্তৰ্নিহিত তথ্যটো এইটো যে যীচু নিজেই ভগৱানৰ পুত্ৰ। অন্য অন্তৰ্নিহিত তথ্যটো এইটো যে যদি অনুগামীজনে যীচুক অনুকৰণ কৰিব বিচাৰে তেন্তে তেওঁ যীচুৰ দৰেই ঘৰ এটা নোহোৱাকৈয়ে থাকিব লাগিব।
  • যীচুৱে তাক ক’লে, "শিয়ালৰ গাত আছে, আকাশৰ চৰাইৰ বাহ আছে, কিন্তু মি, ভগৱানৰ পুত্ৰৰ , থাকিবলৈ কোনো ঘৰ নাই। যদি তুমি মোৰ অনুগামী হ’ব বিচাৰা, তুমি মোৰ দৰেই থাকিবা ।"
  • তুৰ আৰু চিদোনৰ বাবে বিচাৰৰ দিন তোমাতকৈ বেছি নৰম হ’ব। (মথি11:21, 22 ULT) অন্তৰ্নিহিত তথ্য এইটো যে ভগৱানে মানুহক কেৱল বিচাৰেই নকৰে; তেওঁলোকক শাস্তি দিব। এইটো স্পষ্ট কৰিব পাৰি।
  • বিচাৰৰ দিনটোত, ভগৱানে তুৰ আৰু চিদোনৰ শাস্তিদিব, কিয়নো সেই চহৰৰ মানুহব্ৰ বহুত কপটি আছিল, কিন্তু তোমালোকক দিয়াতকৈ কম শাস্তি দিব * বিচাৰৰ দিনটোত, ভগৱানে তোমাক বেছি শাস্তি প্ৰদান কৰিব তুৰ আৰু চিইডনতকৈ, সেইকেইখন চহৰৰ মানুহ বহুত কপটি আছিল।

আধিনিক পঢ়ুৱৈসকলে কিছুমান কথা নাজানিব পাৰে যিবিলাক বাইবেলৰ সময়ৰ মানুহে আৰু বাইবেল প্ৰথম পঢ়া মানুহে জানিছিল। এইটোৱে তেওঁলোকক বক্তা অথবা লেখকে কোৱা কথাটো বুজিবলৈ অলপ কঠিন অনুভৱ কৰাব পাৰে। অনুবাদকাৰকসকলে অনুবাদত কিছুমান কথা স্পষ্টভাৱে ক’ব লগা হ’ব পাৰে যিবোৰ বক্তা অথবা লেখকে কোৱা নাছিল অথবা অন্তৰ্নিহিত কৰি ৰাখিছিল।