as_ta/checking/vol2-backtranslation/01.md

2.5 KiB

উভতি কৰা অনুবাদ নো কি?

উভতি কৰা অনুবাদ হৈছে লক্ষ্য কৰি লোৱা স্হানীয় ভাষাৰ (অ.এল.) পৰা বাইবেল শাস্ত্ৰাংশৰ এটা অনুবাদ যি ভাষাৰ বহুল প্ৰকাশলৈ (জি.এল.)উভতি যোৱা হয়। ইয়াক উভতি কৰা অনুবাদ বুলি কোৱা হয়, কাৰণ ই এনে এটা অনুবাদ যি লক্ষ্য কৰি লোৱা স্হানীয় ভাষাৰ অনুবাদ সৃষ্টি কৰিবলৈ কৰাতকৈ বিপৰীত দিশত কৰা হয়। উভতি কৰা অনুবাদৰ উদ্দেশ্য হৈছে কোনোবা এজনক এনে কৰিবলৈ দিয়া, যি জনে লক্ষ্য কৰি লোৱা ভাষাক কবলৈ নাজানে যি লক্ষ্য কৰি লোৱা ভাষা অনুবাদে কি কৈছে গমিব নোৱাৰে।

এটা উভতি কৰা অনুবাদক সম্পূৰ্ণ এটা স্বাভাবিক ধৰণত কৰা নহয়, তথাপিও, অনুবাদৰ ভাষাত স্বাভাবিকতাক লক্ষ্য স্বৰূপে ই ধৰি নলয় (এই বিষয়ত যিটো, বহুল প্ৰকাশৰ ভাষা)। ইয়াৰ পৰিবৰ্তে, উভতি কৰা অনুবাদৰ লক্ষ্য হৈছে স্হানীয় ভাষা অনুবাদৰ শব্দ আৰু বক্তব্যবোৰক এটা আক্ষৰিক ধৰণে প্ৰতিনিধিত্ব কৰা, যেতিয়া বহুল প্ৰকাশৰ ভাষাৰ ব্যাকৰণ আৰু শব্দ শৃঙ্খলাক ব্যৱহাৰ কৰা হয়। এই ধৰণে, অনুবাদ পৰীক্ষকসকলে লক্ষ্য কৰি লোৱা ভাষা শাস্ত্ৰাংশৰ শব্দবোৰৰ অৰ্থকঅতি স্পষ্টকৈ দেখা পায়, আৰু উভতি কৰা অনুবাদকো ভাল ধৰণে বুজি পাব পাৰে আৰু ইয়াক অতি সোণকালে আৰু সহজে পঢ়িব পাৰে।