as_ta/checking/trans-note-check/01.md

9.1 KiB

অনুবাদমূলত এটা অনুবাদৰ টোকাসমূহৰ পৰীক্ষা কেনেকৈ কৰা হয়

১. অনুবাদমূলত স্বাক্ষৰ কৰক ১. আপুনি পৰীক্ষা কৰি চাব বিচৰা প্ৰকল্পটি (বাইবেলৰ পুস্তক) বাচনি কৰক ১. টোকাসমূহৰ মানদণ্ড বা মানদণ্ডসমূহ বাচনি কৰক যি আপুনি পৰীক্ষা কৰিব বিচাৰে ১. আপোনাৰ দুৱাৰমুখ ভাষাক বাচনি কৰক ১. আৰম্ভণিক ক্লিক কৰক। পৰীক্ষা কৰিবলগীয়া পদবোৰ বাওঁফালৰ তালিকাত থাকিব, টোকাসমূহৰ বিভিন্ন মানদণ্ডত বিভক্ত কৰা হৈছে। ১. পৰীক্ষা কৰিবলৈ এটা পদ বাচনি কৰক, আৰু সেই পদৰ বাবে টোকাটি পঢ়ক যি নীলা পাৰত আছে। এটা নতুন মানদণ্ডলৈ যোৱাৰ পূৰ্ব্বে একেই মানদণ্ডতে সকলো পদবোৰ পৰীক্ষা কৰি চোৱাটো উত্তম।

কিছুমান টোকাই এটা অতিকৈ সাধাৰণ সমস্যাক উনুকিয়াই যি পৰীক্ষা হোৱা নিৰ্দিষ্ট পদত ব্যৱহাৰ হয়। এই অতিকৈ সাধাৰণ সমস্যাক বুজিবৰ বাবে আৰু চলিত পদৰ সৈতে ই কেনেকৈ কাৰ্য্যকৰী হয়, সোঁফালে শাৰীত থকা জাননীক পঢ়ক।

১. অনুবাদটি শব্দ বা খণ্ডবাক্যৰ বাবে টোকাত বাচনি কৰাৰ পাছত, “চেভত” ক্লিক কৰক। ১. যি অনুবাদটি সেই শব্দ বা খণ্ডবাক্যৰ বাবে বাচনি কৰা হৈছিল সেইয়া এই পৰিস্হিতিত অৰ্থপূৰ্ণ হৈছে নে নাই বিবেচনা কৰক। ১. সমস্যাবোৰ বিবেচনা কৰি যি বিষয়ে টোকাই আলোচনা কৰিছে তাৰ ওপৰত ভিত্তি কৰি অনুবাদটি শুদ্ধ হয় নে নহয় থিৰাং কৰক। ১. এই সমস্যাবোৰ বিবেচনা কৰা পাছত, আপুনি যদি ভাবে যে অনুবাদটি এটা ভাল অনুবাদ হয়, তেন্তে “চেভত ক্লিক কৰক আৰু অবিৰত ৰাখক।” ১. আপুনি যদি ভাবে যে পদৰ সৈতে এটা সমস্যা আছে, বা যিহেতু অনুবাদটি শব্দ বা খণ্ডবাক্যৰ বাবে উপযুক্ত নহয়, তেন্তে ইয়াৰ ভাল কৰিবলৈ পদটিক শুদ্ধৰণি কৰক, বা আপোনাৰ কাৰ্য্যক যি জনে পুননিৰীক্ষণ কৰিব তেওঁক কবলৈ এটা মন্তব্য প্ৰস্ত্তত কৰক যে অনুবাদৰ সৈতে থকা যি ভূল যাক হয়তু আপুনি ইয়াত ভাবিছে। আপুনি যদি এটা শুদ্ধৰণি কৰিছে, তেন্তে আপুনি আপোনাৰ বাচনিক আকৌ দুনাই কৰিবলগীয়া হব পাৰে। ১. আপুনি যেতিয়া আপোনাৰ শুদ্ধৰণি বা মন্তব্যক সমাপ্ত কৰে, “চেভত ক্লিক কৰক আৰু অবিৰত ৰাখক।” আপুনি যদি শব্দ বা খণ্ডবাক্যৰ বাবে কেৱল মন্তব্য কৰিব বিচাৰে আৰু ইয়াৰ বাবে এটা বাচনি নকৰে, তেন্তে বাওঁফালে তালিকাত থকা দ্বিতীয় পদত ক্লিক কৰক আৰু ইয়াৰ পাছৰ পদলৈ যাওক।

টোকা মানদণ্ডত সকলো পদবোৰৰ বাবে এটা বাচনি কৰাৰ পাছত, অনুবাদসমূহৰ সেই মানদণ্ডৰ তালিকাক পুননিৰীক্ষণ কৰিব পৰা যায়। নিৰ্দেশনাৱলীবোৰ হৈছে পুননিৰীক্ষকসকল বা অনুবাদক দলৰ বাবে। ১. আপুনি এতিয়া অনুবাদসমূহৰ এখন তালিকা দেখা পাব যি প্ৰতিটো অনুবাদটোকাৰ বাবে অনুবাদটোকা মানদণ্ডৰ বাওঁফালে বনোৱা হৈছিল। আপুনি পুননিৰীক্ষণ কৰিব বিচৰা মানদণ্ডক বাচনি কৰক। ই হয়তু সেইয়া হব পাৰে যে অনুবাদক দলৰ অন্য সদস্যৰ পৃথক বিশেষতাসমূহ থাকিব পাৰে। উদাহৰণ স্বৰূপে, দলৰ এগৰাকী সদস্য হয়তু উপমাবোৰ পুননিৰীক্ষণ কৰাত পাৰ্গত হব পাৰে, যত অন্য এজনে হয়তু বুজি পোৱা আৰু কঠিন ব্যাকৰণ শুদ্ধৰণিত পাৰ্গত হব পাৰে, যেনেকৈ কৰ্ম্মনি বাচ্য গঠনসমূহত। ১. আপুনি যি কোনো মন্তব্যক পুনৰ চাব বিচাৰিব যি অন্যলোকৰ যোগেদি কৰা হৈছিল। তেনে কৰিবলৈ, ওপৰৰ বাওঁফালে “তালিকাৰ” সোঁফালে থকা ঠোলা সংকেতত ক্লিক কৰক। শব্দ “মন্তব্যবোৰৰ” সৈতে এখন তালিকা খোল খাব। ১. “মন্তব্যৰ” পাছত থকা বাকচত ক্লিক কৰক। এনে কৰাই সকলো পদবোৰক যাৰ নিজত মন্তব্য নাই সেইবোৰ নেদেখা হব। ১. মন্তব্যবোৰ পঢ়িবলৈ, তালিকাত থকা প্ৰথম পদটি ক্লিক কৰক। ১. “মন্তব্যত” ক্লিক কৰক। ১. মন্তব্যটি পঢ়ক, আৰু ইয়াৰ বিষয়ে আপুনি কি কৰিব সিদ্ধান্ত লওক। ১. আপুনি যদি পদত এটা শুদ্ধৰণি কৰিবলৈ সিদ্ধান্ত লয়, তেন্তে “নাকচত” ক্লিক কৰক আৰু ইয়াৰ পাছত “পদটি শুদ্ধৰণি” কৰক। এনে কৰাই এটা সৰু পৰ্দাক খোল খোৱাব যত আপুনি পদটি শুদ্ধৰণি কৰিব পাৰে। ১. আপুনি যেতিয়া শুদ্ধৰণি কৰা সমাপ্ত কৰে, সলনিৰ বাবে কাৰণ বাচি লওক, আৰু “চেভত” ক্লিক কৰক। ১. এই প্ৰক্ৰিয়াক অবিৰত ৰাখক যেতিয়ালৈকে আপুনি সকলো মন্তব্যবোৰৰ সৈতে কাৰ্য্য কৰি নলয় যিবোৰ আপোনাৰ বাবে এৰি থোৱা হৈছিল।

আপুনি এটা টোকা মানদণ্ড বা এখন বাইবেল পুস্তক পুননিৰীক্ষণ কৰা সমাপ্ত কৰাৰ পাছত, আপোনাৰ হয়তু তেতিয়াও কিছুমান পদ বা টোকা পৰীক্ষাবোৰৰ বিষয়ে প্ৰশ্নবোৰ থাকিব। আপুনি হয়তু দলৰ অন্য লোকৰ সৈতে এটা কঠিন পদৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিব পাৰে আৰু একেলগে এটা সমাধান উলিয়াব চেষ্টা কৰিব পাৰে, বা প্ৰশ্নটি বাইবেল অনুবাদ কৰা পাৰ্গত এজনলৈ পঠিয়াব বিচাৰিব পাৰে।