as_ta/translate/writing-intro/01.md

10 KiB

বিৱৰণ

বিভিন্ন লিখাৰ প্ৰকাৰ আছে আৰু প্ৰতিটো প্ৰকাৰত ইয়াৰ নিজৰ উদ্দেশ্য আছে। এই উদ্দেশ্যসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে লিখাৰ বিভিন্ন প্ৰকাৰসমূহ বিভিন্ন উপায়েৰে সংগঠিত। সিহঁতে বেলেগ ক্ৰিয়া, বেলেগ ধৰণৰ বাক্য ব্যৱহাৰ কৰে আৰু সেই ব্যক্তি আৰু বিষয়বস্তুক উল্লেখ কৰে যিয়ে এইবিলাকৰ বিষয়ে বিভিন্ন উপায়েৰে লিখে। এই পাৰ্থক্যসমূহে লিখাৰ উদ্দেশ্যটো ক্ষিপ্ৰভাৱে জনাত পাঠকক সহায় কৰে আৰু সিহঁতে শ্ৰেষ্ট উপায়েৰে লেখকৰ অৰ্থটো সংবাদ কৰিবলৈ কাম কৰে।

লিখাৰ প্ৰকাৰ

তলত প্ৰতিটো ভাষাত মজুত থকা প্ৰাথমিকভাৱে লিখাৰ চাৰিটা প্ৰকাৰ আছে। লিখাৰ প্ৰতিটো প্ৰকাৰত এটা বেলেগ উদ্দেশ্য

  • বৰ্ণনামূলক বা [দৃষ্টান্ত] (../figs-parables/01.md) - এটা কাহিনী বা ঘটনাৰ কথা কয়
  • ব্যাখ্যামূলক - প্ৰকৃতটো ব্যাখ্যা কৰে বা নীতিসমূহ শিক্ষায়
  • পদ্ধতিগত - বিষয়বস্তু কেনেকৈ কৰিব লাগে তাৰ বিষয়ে কয়
  • বিতৰ্কমূলক - কোনোবাক কিবা কৰিবৰ বাবে জোৰ দিবলৈ চেষ্টা কৰে

এইটো কিয় এটা অনুবাদ সমস্যা হয়

প্ৰতিটো ভাষাত লিখাৰ এই বিভিন্ন প্ৰকাৰসমূহ সংগঠিত কৰাৰ নিজৰ উপায় আছে। অনুবাদকে অনুবাদ কৰা লিখাৰ প্ৰকাৰটো বুজিব লাগিব, ইয়াক উৎস ভাষাত কেনেকৈ সংগঠিত কৰা হয় সেইটো বুজিব লাগিব আৰু ইয়াৰ উপৰিও লিখাৰ এনেকুৱা প্ৰকাৰে নিজৰ ভাষাটো কেনেকৈ সংগঠিত কৰে সেইটো জানিব লাগিব। তেওঁ লিখাটো তেওঁৰ ভাষাই লিখাৰ প্ৰকাৰটোৰ বাবে ব্যৱহাৰ কৰা ফৰ্মত ৰাখিব লাগিব যাতে লোকসকলে ইয়াক সঠিকভাৱে বুজি পায়। প্ৰতিটো অনুবাদত, শব্দবোৰ, বাক্য আৰু দফা সজ্জিত কৰা উপায়টোৱে লোকসকলে মেচেজটো কেনেকৈ বুজিব তাত প্ৰভাৱ পেলাব।

লিখাৰ শৈলীসমূহ

তলত লিখাৰ উপায়সমূহ দিয়া আছে যিয়ে ওপৰৰ চাৰিটা প্ৰাথমিক প্ৰকাৰৰ সৈতে সংযুক্ত কৰিব পাৰে। এই লিখাৰ শৈলীসমূহে প্ৰায় অনুবাদত থকা প্ৰত্যাহ্বানসমূহ দেখুৱায়।

  • [কবিতা] (../writing-poetry/01.md) - এটা সুন্দৰ উপায়েৰে ধাৰণা আৰু অনুভূতি প্ৰকাশ কৰে
  • [প্ৰবচন] (../writing-proverbs/01.md) - সত্য বা জ্ঞান সংক্ষিপ্তভাৱে শিক্ষায়
  • [প্ৰতীকমূলক ভাষা] (../writing-symlanguage/01.md) - বস্তুবিলাক আৰু ঘটনাসমূহ প্ৰতিনিধিত্ব কৰিবলৈ চিহ্নসমূহ ব্যৱহাৰ কৰে
  • [প্ৰতীকমূলক ভৱিষ্যদ্বাণী] (../writing-apocalypticwriting/01.md) - ভৱিষ্যতে কী হ'ব সেইটো দেখুৱাবলৈ প্ৰতীকমূলক ভাষা ব্যৱহাৰ কৰে
  • [হাইপোথেটিকেল স্থিতি] (../figs-hypo/01.md) - যদি কিবা সঁচা আছিল বা কিবা বস্তুৰ বিষয়ে এটা আবেগ প্ৰকাশ কৰে যিটো প্ৰকৃত নহয় তেন্তে হ'ব তাৰ বিষয়ে কয়

বক্তৃতা বৈশিষ্ট্য

এটা ভাষাত বিভিন্ন প্ৰকাৰৰ লিখনৰ মাজত থকা পাৰ্থক্যসমূহক সিহঁতৰ বক্তৃতা বৈশিষ্ট্য বুলি ক'ব পাৰি। এটা বিশেষ পাঠৰ উদ্দেশ্যই কিমান প্ৰকাৰৰ বক্তৃতা বৈশিষ্ট্য ব্যৱহাৰ হয় সেইটোক প্ৰভাৱিত কৰিব। উদাহৰণ স্বৰূপে, এটা কাহিনীত, বক্তৃতা বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হ'ব:

  • অন্য ঘটনাৰ পূৰ্বে আৰু পিছত কি ঘটিছে বা ঘটিব সেই ঘটনাৰ বিষয়ে কয় আছে
  • কাহিনীটোত ব্যক্তিৰ পৰিচয় দি আছে
  • কাহিনীত নতুন ঘটনাসমূহৰ পৰিচয় দি আছে
  • কথোপকথন আৰু উদ্ধৃতিৰ ব্যৱহাৰ
  • বিশেষ্য আৰু সৰ্বনামৰ সৈতে ব্যক্তি আৰু বস্তুবিলাকক উল্লেখ কৰি আছে

ভাষাসমূহত এই বিভিন্ন বক্তৃতা বৈশিষ্ট্য ব্যৱহাৰ কৰাৰ বিভিন্ন উপায় আছে। অনুবাদকে নিজৰ ভাষাই ইয়াৰ প্ৰতিটো বিষয়বস্তু কৰা উপায়টো অধ্যয়ন কৰিব লাগিব, যাতে তেওঁৰ অনুবাদে এটা স্পষ্ট আৰু স্বাভাৱিক উপায়েৰে সঠিক মেচেজটো সংবাদ কৰে। অন্য প্ৰকাৰৰ লিখনত অন্য বক্তৃতা বৈশিষ্ট্য আছে।

বিশেষ বক্তৃতা সমস্যা

  1. এটা নতুন ঘটনাৰ পৰিচয় - বাক্যাংশ যেনে "এদিন" বা "এইটো ইয়াৰ বিষয়ে" বা "এইটো কেনেকৈ হ'ল" বা "কিছুসময় পিছত" পাঠকক সংকেত দিছে যে এটা ঘটনাৰ বিষয়ে কৈছে।
  2. নতুন আৰু পুৰণি অংশগ্ৰহণকাৰীৰ পৰিচয় - ভাষাসমূহত নতুন ব্যক্তিক পৰিচয় দিয়া আৰু সেই ব্যক্তিসকলক পুনঃ উল্লেখ কৰাৰ উপায়সমূহ আছে।
  3. পৃষ্ঠভূমি তথ্য - এজন লেখকে বহুত কাৰণৰ বাবে পৃষ্ঠভূমি তথ্য ব্যৱহাৰ কৰে: 1) কাহিনীত অভিৰুচি যোগ কৰিবলৈ, 2) কাহিনীটো বুজিবলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিবলৈ বা 3) to গল্পত থকা বিষয়বস্তু কিয় গুৰুত্বপূৰ্ণ সেইটো ব্যাখ্যা কৰিবলৈ।
  4. সৰ্বনাম - যেতিয়া সেইবিলাকক ব্যৱহাৰ কৰা হয় - ভাষাসমূহত সৰ্বনামসমূহ কিমানবাৰ ব্যৱহাৰ কৰা হয় তাৰ বাবে আৰ্হিসমূহ আছে। যদি সেই আৰ্হি অনুসৰণ কৰা নহয়, তেন্তে ভুল অৰ্থ উলাব পাৰে।
  5. কাহিনীৰ সমাপ্তি - কাহিনীসমূহ বিভিন্ন প্ৰকাৰৰ তথ্যৰ সৈতে সমাপ্ত হ'ব পাৰে। ভাষাসমূহত তথ্য কাহিনীৰ সৈতে কেনেকৈ সম্বন্ধিত সেইটো দেখুওৱাৰ বিভিন্ন উপায় আছে।
  6. উদ্ধৃতি আৰু উদ্ধৃতি মাৰ্জিন - ভাষাসমূহত কোনোবাই কি কৈছে তাৰ ৰিপ'ৰ্ট কৰাৰ বিভিন্ন উপায় আছে।
  7. সংযুক্ত শব্দসমূহ - ভাষাসমূহত সংযুক্ত শব্দসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগিব তাৰ বাবে আৰ্হিসমূহ আছে (যেনে "আৰু" "কিন্তু," বা "তাৰপিছত")।