as_ta/translate/writing-pronouns/01.md

14 KiB

বিৱৰণ

যেতিয়া আমি কওঁ বা লিখোঁ, তেতিয়া আমি সদায় বিশেষ্য পদ বা নামক পুনৰাবৃত্তি নকৰি মানুহ বা বস্তু বুজাবলৈ সৰ্বনাম ব্যৱহাৰ কৰোঁ। সাধাৰণতে প্ৰথমবাৰ যেতিয়া আমি কোনো ব্যক্তিক এটা কাহিনীত উল্লেখ কৰোঁ তেতিয়া এটা বৰ্ণনামূলক বাক্যাংশ বা এটা নাম ব্যৱহাৰ কৰোঁ। পৰবৰ্তী সময়ত আমি সেই ব্যক্তিক এটা সাধাৰণ বিশেষ্য পদত বা নাম দি উল্লেখ কৰিব পাৰো। তাৰ পাছত হয়তু যেতিয়ালৈকে আমি ভাবো যে আমাৰ শ্ৰোতাসকল সহজে বুজি পাব যে সৰ্বনাম কাক বুজাইছে তেতিয়ালৈকে আমি তেওঁক কেৱল এটা সৰ্বনাম দি উল্লেখ কৰিব পাৰোঁ।

এতিয়াএজন ফৰীচী আছিল যাৰ নাম নিকদিম আছিল, তেওঁ যিহুদী অধিকাৰীৰ সদস্য আছিল. এই মানুহজনযীচুৰ ওচৰলৈ আহিল ... যীচুৱে তেওঁকউত্তৰ দিলে (যোহন৩:১-৩ ইউ.এল.টি)

যোহন ৩ অধ্যায়ত, নিকদিমক প্ৰথমে বিশেষ্য বাক্যাংশ আৰু তেওঁৰ নামৰ দ্বাৰা উল্লেখ কৰিছে। তাৰ পাছত তেওঁক বিশেষ্য বাক্যাংশ "এই মানুহজন" ৰ সৈতে উল্লেখ কৰিছে। তাৰ পাছত তেওঁক সৰ্বনাম "তেওঁৰ"সৈতে উল্লেখ কৰিছে।

প্ৰত্যেক ভাষাত নিজৰ নিয়ম, লোক আৰু বস্তুবোৰক উল্লেখ কৰাৰ ব্যতিক্ৰম আছে।

  • কিছুমান ভাষাত প্ৰথমবাৰ কোনো অনুচ্ছেদ বা অধ্যায়ত কোনো বস্তু উল্লেখ কৰিলে ইয়াক সৰ্বনামৰ সলনি বিশেষ্যত উল্লেখ কৰা হয়।
  • প্ৰধান চৰিত্ৰ ব্যক্তি যাৰ বিষয়ে এটা কাহিনী হয়। কিছুমান ভাষাত, এটা প্ৰধান চৰিত্ৰক কাহিনীত পৰিচয় কৰি দিয়াৰ পাছত তেওঁক সাধাৰণতে সৰ্বনামৰ সৈতে উল্লেখ কৰে। কিছুমান ভাষাত বিশেষ সৰ্বনাম হয় যি কেৱল মূখ্য চৰিত্ৰক বুজায়।
  • কিছুমান ভাষাত ক্ৰিয়াক চিহ্নিত কৰি মানুহক বুজিবলৈ সহায় কৰে। (চাওক ক্ৰিয়া)এই ভাষাোবৰৰ কিছুমানত, শ্ৰোতাসকল এই চিহ্নত ভাৰসা কৰে যাতে বিষয় কোন তেওঁলোকক বুজিবলৈ সহায় কৰে, আৰু বক্তাই সৰ্বনাম, বিশেষ্য বাক্যাংশ বা নামৰ ব্যৱহাৰ তেতিয়াহে কৰে, যেতিয়া তেওঁলোক এই কথাত গুৰুত্ব আৰোপ কৰিব বিচাৰে বা বিষয় কোন হয় স্পষ্ট কৰিব বিচাৰে।

কাৰণ এইটো এটা অনুবাদ সমস্যা হয়

  • যদি অনুবাদকসকলে তেওঁলোকৰ ভাষাৰ বাবে ভুল সময়ত এটা সৰ্বনাম ব্যৱহাৰ কৰে, তেনেহলে পাঠক সকলে হয়তু নাজানে লিখকে কি বিষয়ে কৈছে।
  • যদি অনুবাদকসকলে প্ৰায়ে নামৰ সৈতে এটা প্ৰধান চৰিত্ৰ উল্লেখ কৰে, তেনেহলে কিছুমান ভাষাৰ শ্ৰোতাসকলে হয়তু নাপাব যে ব্যক্তিজন প্ৰধান চৰিত্ৰ হয়।
  • যদি অনুবাদকসকলে ভুল সময়ত সৰ্বনাম, বিশেষ্য বা নাম ব্যৱহাৰ কৰে, তেনেহলে মানুহে ভাবিব পাৰে যে ব্যক্তি বা বস্তুৰ ওপৰত কিছু বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

বাইবেলৰ পৰা উদাহৰণসমূহ

তলৰ উদাহৰণটো এটা অধ্যায়ৰ আৰম্ভণীতে ঘটিছে। কিছুমান ভাষাত এইটো স্পষ্ট নহবও পাৰে যে সৰ্বনাম কাক উল্লেখ কৰিছে।

পুনৰ যীচু উপাসনালয়ত সোমাল, আৰু তাত এজন শুকান হাত থকা মানুহ আছিল।তেওঁলোকেতেওঁলৈচাই থকিলবিশ্ৰামবাৰেতেওঁতেওঁক সুস্থকৰে নে নাই (মাৰ্ক ৩:১-২ ইউ.এল.টি)

তলত দিয়া উদাহৰণত, প্ৰথম বাক্যত দুজন মানুহৰ নাম আছে। ই স্পষ্ট নহবও পাৰে যে দ্বিতীয় বাক্যত "তেওঁ" শব্দটোৱে কাক বুজাইছে।

কিছু দিনৰ পাছত, ৰজা আগ্ৰিপ্পাআৰু বৰ্ণীকীয়ে কৈচৰিয়ালৈ আহি,ফীষ্টক মঙ্গলবাদ ককৰিলে।তাৰ পাছততেওঁ তাত কেইদিনমান থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ কথা জনালে... (পাঁচনিকৰ্ম ২৫:১৩-১৪ ইউ.এল.টি)

যীচু মথিৰ পুস্তকৰ প্ৰধান চৰিত্ৰ, কিন্ত্ত তলৰ পদবোৰত তেওঁক চাৰিবাৰ নামৰ সৈতে উল্লেখ কৰিছে। ই কিছুমান ভাষাত বক্তাসকলক চিন্তা কৰিবলৈ নেতৃত্ব দিয়ে যে যীচু প্ৰধান চৰিত্ৰ নহয় বা ই তেওঁলোকে ভাবিব পাৰে যে এই কাহিনীত যীচু নামৰ একাধিক ব্যক্তি আছে বা তেওঁলোকে ভাবিব পাৰে যে তেওঁৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আছে যদিও কোনো গুৰুত্ব নাই।

সেই সময়তযীচুবিশ্ৰাম বাৰে শস্য ক্ষেত্ৰৰ মাজেৰে যাওঁতে তেওঁৰশিষ্যসকলক ভোক লাগিলত শস্যৰ থোক ছিঙি ছিঙি খাবলৈ ধৰিলে, কিন্তু ফৰীচীসকলে দেখিযীচুক কলে, "চাওক, যি কৰ্ম বিশ্ৰাম বাৰে কৰিব নাপায় তাকে আপোনাৰ শিষ্য সকলে কৰিছে।" কিন্ত্তযীচুৱে উত্তৰ দিতেওঁলোকক কলে, "আপোনালোকে পঢ়া নাই নে, দায়ূদ আৰু তেওঁৰ লগত থকা লোকসকলৰ যেতিয়া ভোক লাগিছিল, তেওঁ কি কৰিছিল? ..." তাৰ পাছতযীচুসেই ঠাই এৰি তেওঁলোকৰ উপাসনালয়লৈ সোমালে। (মথি ১২:১-৯ ইউ.এল.টি)

অনুবাদৰ কৌশলবোৰ

১. যদি আপোনাৰ পাঠকসকলৰ বাবে স্পষ্ট নহয় কোন বা কি সৰ্বনাম উল্লেখ আছে তাৰ বাবে এটা বিশেষ্য পদ বা নাম ব্যৱহাৰ কৰক। ১. যদি বিশেষ্য বা নাম পুনৰাবৃত্তি কৰিলে লোক সকলে চিন্তা কৰিবলৈ নেতৃত্ব কৰে যে এটা প্ৰধান চৰিত্ৰ, প্ৰধান চৰিত্ৰ নহয় বা লিখকে সেই নামৰ একাধিক ব্যক্তিৰ কথা কৈছে বা কাৰো ওপৰত কোনো ধৰণৰ গুৰুত্ব আছে, যিহেতু কোনো ধৰণৰ গুৰুত্ব নাই, ইয়াৰ পৰিবৰ্তে সৰ্বনামৰ ব্যৱহাৰ কৰক।

প্ৰয়োগ কৰা অনুবাদ কৌশলৰ উদাহৰণসমূহ

১. কোন বা কি সৰ্বনাম উল্লেখ আছে যদি এইটো আপোনাৰ পাঠকসকলৰ বাবে স্পষ্ট নহয় যে, তেনেহলে বিশেষ্য পদ বা নাম ব্যৱহাৰ কৰক।

  • পুনৰ যীচু উপাসনালয়ত সোমাল, আৰু তাত এজন শুকান হাত থকা মানুহ আছিল।তেওঁলোকেতেওঁলৈচাই থকিলবিশ্ৰামবাৰেতেওঁতেওঁক সুস্থকৰে নে নাই (মাৰ্ক ৩:১-২ ইউ.এল.টি)
    • পুনৰ যীচু উপাসনালয়ত সোমাল, আৰু তাত এজন শুকান হাত থকা মানুহ আছিল।ফৰীচী কেইজনমানযীচুকচাই থকিলযে বিশ্ৰামবাৰেতেওঁতেওঁক সুস্থকৰে নে নাই (মাৰ্ক ৩:১-২ ইউ.এচ.টি)

১. যদি বিশেষ্য পদ বা নাম পুনৰাবৃত্তি কৰিলে লোক সকলে চিন্তা কৰিবলৈ নেতৃত্ব কৰে যে এটা প্ৰধান চৰিত্ৰ, প্ৰধান চৰিত্ৰ নহয়, বা লিখকে সেই নামৰ একাধিক ব্যক্তিৰ কথা কৈছে, বা কাৰো ওপৰত কোনো ধৰণৰ গুৰুত্ব দিছে যিহেতু কোনো ধৰণৰ গুৰুত্ব নাই, ইয়াৰ পৰিবৰ্তে সৰ্বনামৰ ব্যৱহাৰ কৰক।

সেই সময়তযীচুবিশ্ৰামবাৰে শস্য ক্ষেত্ৰৰ মাজেৰে যাওঁতে তেওঁৰশিষ্যসকলক ভোক লাগিলত শস্যৰ থোক ছিঙি ছিঙি খাবলৈ ধৰিলে, কিন্তু ফৰীচীসকলে দেখিযীচুক কলে, "চাওক, যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাকে আপোনাৰ শিষ্যসকলে কৰিছে।" কিন্ত্তযীচুৱে উত্তৰ দিতেওঁলোকক কলে, "আপোনালোকে পঢ়া নাই নে, দায়ূদ আৰু তেওঁৰ লগত থকা লোকসকলৰ যেতিয়া ভোক লাগিছিল, তেওঁ কি কৰিছিল ? ...

তাৰ পাছতযীচুসেই ঠাই এৰি তেওঁলোকৰ উপাসনালয়লৈ সোমালে। (মথি ১২:১-৯ ইউ.এল.টি)

এইদৰে অনুবাদ কৰিব পাৰি:

সেই সময়তযীচুবিশ্ৰাম বাৰে শস্য ক্ষেত্ৰৰ মাজেৰে যাওঁতে তেওঁৰশিষ্যসকলক ভোক লাগিলত শস্যৰ থোক ছিঙি ছিঙি খাবলৈ ধৰিলে, কিন্তু ফৰীচীসকলে দেখিতেওঁক কলে, "চাওক, যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাকে আপোনাৰ শিষ্যসকলে কৰিছে। কিন্ত্তযীচুৱে উত্তৰ দিতেওঁলোকক কলে, "আপোনালোকে পঢ়া নাই নে, দায়ূদ আৰু তেওঁৰ লগত থকা লোকসকলৰ যেতিয়া ভোক লাগিছিল, তেওঁ কি কৰিছিল ? ... তাৰ পাছতযীচুসেই ঠাই এৰি তেওঁলোকৰ উপাসনালয়লৈ সোমালে।