as_ta/checking/level3/01.md

5.1 KiB

বলবথকৰণৰ পৰীক্ষা

বলবথকৰণৰ পৰীক্ষা ভাষা সমাজৰ মণ্ডলীৰ নেতাসকলৰ যোগেদি মনোনীত কৰা যি সকল লোক তেওঁলোকৰ দ্বাৰাই কৰা হয়। এই লোকসকলেই হৈছে লক্ষ্য কৰি লোৱা ভাষাৰ ভাষা কওঁতা প্ৰথম লোক, যি সকলৰ বাইবেল সমন্ধীয় জ্ঞান আছে, আৰু তেওঁলোকৰ মতামতবোৰ মণ্ডলীৰ নেতাসকলৰ দ্বাৰাই মানি লোৱা হয়। যদি সম্ভৱ হয়, তেওঁলোকে এনে লোক হোৱা উচিত যি সকলে বাইবেল ভাষাবোৰত আৰু বিষয়বস্ত্তবোৰত আৰু অনুবাদৰ নীতি নিয়মবোৰৰ প্ৰশিক্ষণ প্ৰাপ্ত লোক হয়। এই লোকসকলে যেতিয়া অনুবাদটিক নিশ্চয়তা দিয়ে, তেতিয়া মণ্ডলীৰ নেতাসকলে তেওঁলোকৰ সৈতে জড়িত থকা লোকসকলৰ মাজত ইয়াক বিতৰণ আৰু ব্যৱহাৰৰ বাবে অনুমোদন জনাই।

ভাষা সমাজত যদি এনে ধৰণৰ লোকসকল নাথাকে, তেন্তে অনুবাদক দলে এটা উলটি যোৱা অনুবাদ প্ৰস্ত্তত কৰিব যাতে ভাষা সমাজৰ বাহিৰৰ পাৰ্গত লোকসকলে নিশ্চয়তাকৰণৰ পৰীক্ষা কৰিব পাৰে।

যি সকল লোকে নিশ্চয়তাকৰণৰ পৰীক্ষা কৰে তেওঁলোক পূৰ্ব্বে শুদ্ধতাৰ পৰীক্ষা কৰোতা লোকসকলৰ পৰা অন্য লোক হোৱা উচিত। যিহেতু নিশ্চয়তাকৰণৰ পৰীক্ষাও এটা শুদ্ধতাৰ পৰীক্ষাৰ এটা ৰূপ হয়, সেইয়েহে অনুবাদটি অধিক ৰূপে লাভাম্বিত হব যদিহে পৃথক পৃথক লোকসকলে এই পৰীক্ষাবোৰ কৰে।

নিশ্চয়তাকৰণৰ পৰীক্ষাৰ উদ্দেশ্য হৈছে যে অনুবাদটিয়ে মূল বাইবেলৰ শাস্ত্ৰাংশৰ বাৰ্ত্তাক যথাযথ ভাবে প্ৰকাশ কৰিব পাৰে আৰু মণ্ডলীৰ শুদ্ধ ধৰ্মীয় মতক বুৰঞ্জীৰ যোগেদি আৰু গোটেই জগতত প্ৰতিফলিত কৰিব পাৰে। নিশ্চয়তাকৰণৰ পৰীক্ষা কৰাৰ পাছত, মণ্ডলীৰ নেতাসকল যি সকলে লক্ষ্য কৰি লোৱা ভাষাত কথা কয় তেওঁলোকে খাটাং কৰিব যে অনুবাদটি তেওঁলোকৰ লোকসকলৰ বাবে বিশ্বাসযোগ্য হয়।

ভাষা সমাজৰ প্ৰতিটো মণ্ডলীৰ সহভাগিতাৰ পৰা নেতাসকলে যদি কিছুমান লোকক নিযুক্ত কৰিব পাৰে তেন্তে উত্তম হয় যি সকলে নিশ্চয়তাকৰণৰ পৰীক্ষা কৰিব। সেই ধৰণে, মণ্ডলীৰ সকলো নেতাসকলে নিশ্চয়তা কৰিব পাৰিব যে অনুবাদটি বিশ্বাসযোগ্য আৰু সমাজৰ সকলো মণ্ডলীবোৰৰ বাবে ব্যৱহাৰৰ যোগ্য।

নিশ্চয়তাকৰণৰ পৰীক্ষাৰ বাবে আমি আগবঢ়োৱা সঁজুলিটি হৈছে অনুবাদমূলৰ শাৰী কৰা সঁজুলি। অধিকৈ শিকিবলৈ, যাওক শাৰীকৰণৰ সঁজুলি

বিভিন্ন ধৰণৰ বিষয়বোৰৰ বিষয়ে অধিককৈ শিকিবলৈ যি পৰীক্ষা কৰিবলগীয়া হয়, যাওক বিষয়বোৰৰ ধৰণবোৰক পৰীক্ষা কৰা

নিশ্চয়তাকৰণৰ পৰীক্ষাত আগবাঢ়ি যাবলৈ, যাওক নিশ্চয়তাকৰণ পৰীক্ষাৰ বাবে পদক্ষেপবোৰ