as_ta/checking/level3-questions/01.md

12 KiB
Raw Permalink Blame History

বলবথকৰণৰ পৰীক্ষাৰ বাবে প্ৰশ্নবোৰ

এইবোৰেই হৈছে মনত ৰাখিবলগীয়া প্ৰশ্নবোৰ যি সকলে বলবথকৰণৰ পৰীক্ষা কৰিব যেনেকৈ তেনেকৈ তেওঁলোকে নতুন অনুবাদটিক পঢ়ি যাব।

অনুবাদৰ অংশবোৰ আপুনি পঢ়ি যোৱাৰ পাছত বা শাস্ত্ৰাংশত আপুনি যেনেকৈ সমস্যাবোৰ দেখা পায় তেনেকৈ আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰে। প্ৰথম দলত আপুনি যদি যি কোনো এটা প্ৰশ্নৰ উত্তৰ “নহয়” বুলি দিয়ে, অনুগ্ৰহ কৰি বিতং ব্যাখা দাঙি ধৰক, আপুনি শুদ্ধ নহয় বুলি ভাবা নিৰ্দিষ্ট শাস্ত্ৰাংশটিক সনিবিষ্ট কৰক, আৰু অনুবাদক দলে ইয়াক কেনেকৈ শুদ্ধৰণি কৰিব তাৰ বিষয়ে আপোনাৰ পৰামৰ্শ দিয়ক।

মনত ৰাখিব অনুবাদক দলৰ লক্ষ্য হৈছে যে লক্ষ্য কৰি লোৱা ভাষাত উৎস শাস্ত্ৰাংশৰ অৰ্থ স্বাভাৱিক আৰু স্পষ্ট ধৰণে প্ৰকাশ কৰা। ইয়াৰ অৰ্থ হল যে তেওঁলোকে কিছুমান দফাৰ শৃঙ্খলতাক সলনি কৰিবলগীয়া হব পাৰে আৰু যিহেতু তেওঁলোকে লক্ষ্য কৰি লোৱা ভাষাৰ বহুসংখ্যক শব্দবোৰৰ সৈতে অনেক একক শব্দবোৰক উৎস ভাষাত প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিল। এই বিষয়বোৰ অন্য (অএল) ভাষাৰ অনুবাদসমূহত সমস্যা বুলি বিবেচনা কৰা নহয়। অনুবাদসকলে কেৱল এটা সময়তেই এই সলনিবোৰ কৰিবলগীয়া হব সেইয়া হৈছে ইউ.এল.টি আৰু ইউ.এচ.টিৰ দুৱাৰমূখ ভাষা (জিএল) অনুবাদসমূহৰ বাবে। ইউ.এল.টিৰ উদ্দেশ্য হৈছে অ.এল অনুবাদকসকলক দেখুৱা যে মূল বাইবেলৰ ভাষাবোৰে কেনেকৈ অৰ্থক প্ৰকাশ কৰিছিল, আৰু ইউ.এচ.টিৰ উদ্দেশ্য হৈছে সেই একেই অৰ্থটি সাধাৰণ, স্পষ্টৰূপ, যদিওবা ই অন্য ভাষাত এটা বাক্যৰ ধাৰা ব্যৱহাৰ কৰাটো অধিককৈ স্বাভাৱিক হয়। জি.এল. অনুবাদকসকলে সেই নিৰ্দেশনাৱলীবোৰ সোঁৱৰণ কৰাৰ প্ৰয়োজন আছে। কিন্ত্ত অ.এল. অনুবাদবোৰৰ বাবে, লক্ষ্য হৈছে সদায় স্বাভাৱিক আৰু স্পষ্ট হোৱা, লগতে শুদ্ধ।

ইয়াকো মনত ৰাখিব যে অনুবাদকসকলে হয়তু জাননীবোৰ সনিবিষ্ট কৰিব পাৰে যি মূল শ্ৰুতাসকলে মূল বাৰ্ত্তাৰ পৰা বুজি পাইছিল, কিন্ত্ত সেইয়া প্ৰকৃত লেখক গৰাকীয়ে স্পষ্টকৈ ব্যক্ত কৰা নাছিল। এই সংবাদবোৰ যেতিয়া লক্ষ্য কৰি লোৱা শ্ৰুতাসকলৰ বাবে শাস্ত্ৰাংশক বুজি পাবলৈ আৱশ্যকতা হয়, তেতিয়া ইয়াক স্পষ্ট ভাবে সনিবিষ্ট কৰাটো ভাল হয়। এই বিষয়ে অধিকভাবে, চাওক ভাবত বুজোৱা আৰু স্পষ্ট জাননী

বলবথকৰণৰ প্ৰশ্নবোৰ

১. অনুবাদটিয়ে বিশ্বাসৰ উক্তি আৰু অনুবাদৰ নিৰ্দেশনাৱলীৰ সৈতে একে হৈছে নে? ১. অনুবাদক দলে উৎস ভাষাৰ লগতে লক্ষ্য কৰি লোৱা ভাষা আৰু সংস্কৃতিৰ ওপৰত এটা ভাল বুজনি থকাটো দেখুৱাইছে নে? ১. ভাষা সমাজে নিশ্চয়তা দিছে নে যে অনুবাদটিয়ে এক স্পষ্ট আৰু স্বাভাৱিক ধৰণে তেওঁলোকৰ ভাষাত কথা কৈছে? ১. অনুবাদটি সম্পূৰ্ণ হৈছে নে (উৎসৰ দৰে ইয়াৰ সকলো পদবোৰ, ঘটনাবোৰ, আৰু সংবাদবোৰ আছে নে)? ১. অনুবাদৰ কোনটো ধৰণক অনুবাদকসকলে অনুকৰণ কৰাটো দেখা গৈছে?

১. এটা এটা শব্দক অনুবাদকৰণ, উৎস অনুবাদৰ অতি ঘনিষ্ট কৈ থকা ৰূপ ১. এটা এটা খণ্ডবাক্য অনুবাদকৰণ, স্বাভাৱিক ভাষাৰ খণ্ডবাক্যৰ গঠনক ব্যৱহাৰকৰণ ১. অৰ্থক লক্ষ্য কৰি কৰা অনুবাদ, স্হানী ভাষাৰ ভাব প্ৰকাশৰ বাবে এটা স্বাধীনতাক লক্ষ্য কৰা

১. সমাজৰ নেতাসকলে এনে অনুভৱ কৰিছে নে যে অনুবাদকসকলে অনুকৰণ কৰা ধৰণটি (প্ৰশ্ন ত যিদৰে চিনাক্ত কৰা হৈছিল)সমাজৰ বাবে উপযুক্ত নে? ১. সমাজৰ নেতাসকলে এনে অনুভৱ কৰিছে নে যে অনুবাদকসকলে ব্যৱহাৰ কৰা ভাষাটি বৃহৎ ভাষা সমাজক যোগাযোগ কৰাত উত্তম হব? উদাহৰণ স্বৰূপে, অনুবাদকসকলে ভাবধাৰাবোৰ, খণ্ডবাক্যৰ সংযোগকাৰী, আৰু বানান ব্যৱহাৰ কৰিছিল নে যাক ভাষা সমাজৰ অধিক লোকেই বুজি পাব? এই প্ৰশ্নক অধিক ভাবে চালি জাৰি চাবলৈ, চাওক গ্ৰহণযোগ্য ধৰণ। ১. আপুনি যি দৰে অনুবাদটি পঢ়িব, স্হানীয় সমাজৰ সাংস্কৃতিক সমস্যাবোৰৰ বিষয়ে চিন্তা কৰিব যিবোৰে পুস্তকত থকা কিছুমান শাস্ত্ৰাংশবোৰক অনুবাদ কৰাত কঠিন হব। অনুবাদক দলে এই শাস্ত্ৰাংশবোৰ এনে এটা ধৰণে অনুবাদ কৰিছে নে যিয়ে উৎস শাস্ত্ৰাংশৰ বাৰ্ত্তাক স্পষ্ট কৰিছে, আৰু যি কোনো ভুল বুজনিক নুই কৰিছে যি সাংস্কৃতিক সমস্যাৰ বাবে লোকসকলৰ আছিল? ১. এই কঠিন শাস্ত্ৰাংশবোৰত, সমাজৰ নেতাসকলে এনে অনুভৱ কৰিছে নে যে অনুবাদসকলে সেই ভাষা ব্যৱহাৰ কৰিছে যিয়ে একেই বাৰ্ত্তাক প্ৰকাশ কৰিছে যি উৎস শাস্ত্ৰাংশত আছে? ১. আপোনাৰ বিচাৰ অনুসৰি, অনুবাদটিয়ে উৎস শাস্ত্ৰাংশৰ দৰে একেই বাৰ্ত্তাক প্ৰকাশ কৰিছে নে? অনুবাদৰ যি কোনো অংশই আপোনাক যদি “নহয়” বুলি উত্তৰ দিবলৈ দিয়ে, তেন্তে তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ দ্বিতীয় গোটক অনুগ্ৰহ কৰি উত্তৰ দিয়ক।

এই দ্বিতীয় গোটত যি কোনো প্ৰশ্নৰ উত্তৰ আপুনি যদি হয় বুলি দিয়ে, অনুগ্ৰহ কৰি বিতঙকৈ ব্যাখা কৰক যাতে অনুবাদক দলে নিৰ্দিষ্ট ভাবে জানিব পাৰে যে সমস্যাটো নোকি, শাস্ত্ৰাংশৰ কোনটো অংশক শুদ্ধৰণি কৰাৰ প্ৰয়োজন আছে, আৰু তেওঁলোকে ইয়াক কি ধৰমে শুদ্ধৰণি কৰাটো আপুনি পচন্দ কৰিব।

১. অনুবাদত ধৰ্মীয় মতৰ কিবা ভূল আছে নেকি? ১. অনুবাদৰ এনে কিবা অংশ বিচাৰি পাইছে নে যি ৰাষ্ট্ৰীয় ভাষা অনুবাদৰ সৈতে বিপৰীত যেন লাগে বা আপোনাৰ খ্ৰীষ্টিয়ান সমাজত বিশ্বাসৰ গুৰুত্বপূৰ্ণ বিষয় বিচাৰি পাইছে? ১. অনুবাদক দলে উপৰঞ্চি বাৰ্ত্তা বা ধাৰণা যোগ দিছে নেকি যি উৎস শাস্ত্ৰাংশত বাৰ্ত্তাৰ অংশ নাছিল? (সোঁৱৰণ কৰিব, মূল বাৰ্ত্তাও ভাববোধক জনানীক) সনিবিষ্ট কৰে।) ১. অনুবাদক দলে উৎস শাস্ত্ৰাংশত থকা জাননী বা ধাৰণাক এৰি গৈছে নেকি যিবোৰ বাৰ্ত্তাৰ অংশ আছিল?

অনুবাদৰ সৈতে যদি সমস্যাবোৰ আছিল, তেন্তে অনুবাদক দলৰ সৈতে লগ খাবলৈ পৰিকল্পনা কৰক আৰু এই সমস্যাবোৰ সমাধান কৰক। তেওঁলোকৰ সৈতে আপুনি লগ কৰাৰ পাছত, অনুবাদক দলে সমাজৰ নেতাসকলৰ সৈতে তেওঁলোকে কৰা পুনৰ অনুবাদটি নিশ্চীত্ব কৰিবলৈ পৰীক্ষা কৰাৰ প্ৰয়োজন হব পাৰে যাতে ই উত্তম ধৰণে ব্যক্ত কৰিব পাৰে, আৰু ইয়াৰ পাছত আপোনাৰ সৈতে আকৌ লগ কৰিব।

অনুবাদক অনুমোদন জনাবলৈ আপুনি যেতিয়া যুগুত হব, ইয়ালৈ যাওকঃ নিশ্চয়তাকৰণৰ অনুমোদন