as_ta/intro/uw-intro/01.md

9.2 KiB
Raw Permalink Blame History

unfoldingWord প্ৰজেক্টটো বিদ্যমান কাৰণ আমি প্ৰতিটো ভাষাত বাইবেলৰ অপ্ৰতিবন্ধিত বিষয়বস্তু চাব বিচাৰো।

যিশুৱে তেওঁৰ শিষ্যসকলক প্ৰতিটো জনগোষ্ঠীৰ লোকক নিজৰ শিষ্য কৰিবৰ বাবে আদেশ দিছিল:

"যীশু তেওঁলোকৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে ‘স্বৰ্গত আৰু পৃথিৱীৰ সকলো অধিকাৰ মোক দিয়া হৈছে। সেয়েহে যোৱা আৰু সকলো দেশতে শিষ্য বনোৱা। তেওঁলোকক পিতাৰ নামত, পুত্ৰৰ নামত আৰু পবিত্ৰ আত্মাৰ নামত বেপ্তিষ্ট কৰা। তেওঁলোকক সেই সকলো পালন কৰিবৰ বাবে শিকোৱা যাৰ বাবে মই তোমালোকক আজ্ঞা দিছো। আৰু চোৱা, মই সদায় তোমালোকৰ লগত আছো, পৃথিৱীৰ অন্তলৈকে।.'" (মেথিও 28:18-20 ULT)

আমাৰ প্ৰতিজ্ঞা আছে যে প্ৰতিটো ভাষাৰ লোকেই স্বৰ্গত থাকিব:

"এইসমূহ ঘটনাৰ পিছত মই দেখিলো আৰু মনত ৰাখিলো, তাত এটা বিশাল ভীৰ আছিল, যাক কোনেও সংখ্যাৰেহিচাপ কৰিব পৰা নাছিল, সকলো ৰাষ্ট্ৰৰ, জনজাতিৰ, আৰু ভাষাৰ লোক সিংহাসনৰ সন্মূখত আৰু ভেড়াটোৰ সন্মূখত ঠিয় হৈ আছিল। " (আপ্তবাক্য 7:9 ULT)

ঈশ্বৰৰ শব্দসমূহ এজনলোকে হৃদয়ৰ ভাষাৰে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ:

"সেয়ে আস্থা আহে শ্ৰৱণৰ পৰা আৰু খ্ৰীষ্টৰ শব্দসমূহ শ্ৰৱণৰ পৰা।" (ৰোমানচ 10:17 ULT)

আমি সেইয়া কিদৰে কৰো?

প্ৰতিটো ভাষাত বাইবেলৰ অপ্ৰতিবন্ধিত বিষয়বস্তু ৰ লক্ষ্যত আমি কিদৰে উপনীত হব পাৰো?

আমি কি কৰো?

  • বিষয়বস্তু - আমি মুক্ত আৰু অপ্ৰতিবদ্ধিত বাইবেলৰ বিষয়বস্তু তৈয়াৰ কৰো আৰু অনুবাদৰ বাবে উপলব্ধ কৰো।উত্‍স আৰু অনুবাদসমূহৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/content/ চাওক। এইয়া হ’ল কিছুমান নমুনা:
    • মুক্ত বাইবেল কাহিনী - এক কালানুক্ৰমিক সূক্ষ্ম-বাইবেল য’ত বাইবেল 50টা মূল কাহিনী অন্তঃভুক্ত আছে, সৃষ্টিৰ পৰা প্ৰকাশলৈকে, প্ৰচাৰ আৰু শিষ্যত্বৰ বাবে, মুদ্ৰিত, অডিঅ’ আৰু ভিডিঅ’ ৰূপত ( http://ufw.io/stories/ চাওক)।
    • বাইবেল - ঈশ্বৰৰ একমাত্ৰ প্ৰেৰিত, যোগ্য, পৰ্য্যাপ্ত আৰু কৰ্তৃত্বপূৰ্ণ কথাৰ অপ্ৰতিবন্ধিত অনুবাদ, প্ৰয়োগ আৰু বিতৰণৰ বাবে এক মুক্ত লাইচেঞ্চৰ অধীনত উপলব্ধ কৰা ( http://ufw.io/bible/ চাওক)।
    • translationNotes - অনুবাদকৰ বাবে ভাষিক, সাংস্কৃতিক আৰু বাখ্যাত্মক সহায়। সেইবোৰ মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে বিদ্যমান (http://ufw.io/tn/ চাওক)।
    • translationQuestions - অনুবাদক আৰু নিৰীক্ষকে তেওঁলোকে কৰা অনুবাদ সঠিকভাৱে বুজি পাব পৰা হৈছে সেইয়া নিশ্চিত কৰিবৰ বাবে সহায় বিচাৰিব পৰা প্ৰতিটো পাঠৰ বাবে প্ৰশ্ন। মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে বিদ্যমান (http://ufw.io/tq/ চাওক)।
    • translationWords - বাইবেল সংক্ৰান্তিয় কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ তালিকা, যিসমূহ চমু বাখ্যা, সম্পৰ্কীয় প্ৰসংগ, আৰু অনুবাদ সাহায্যৰে সৈতে উপলব্ধ থাকে। মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে ব্যৱহাৰযোগ্য (see http://ufw.io/tw/ চাওক)।
  • টুলসমূহ - আমি অনুবাদ, নিৰীক্ষণ আৰু বিতৰণ টুল সৃষ্টি কৰো যিবোৰ বিনামূলীয়া আৰু মুক্ত-লাইচেঞ্চযুক্ত। টুলসমূহৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/tools/ চাওক। এইয়া হ’ল কিছুমান নমুনা:
    • Door43 - এটা অনলাইন অনুবাদ প্লেটফৰ্ম য’ত লোকসকলে অনুবাদ আৰু নিৰীক্ষণ কৰাত সহযোগ কৰিব পাৰে, লগতে unfoldingWord ৰ বাবে বিষয়বস্তু পৰিচালনা পদ্ধতিও। (see https://door43.org/ চাওক)।
    • translationStudio - এটা মোবাইল এপ্প আৰু এটা ডেস্কটপ এপ্প য’ত অনুবাদকসকলে অফলাইন অনুবাদ কৰিব পাৰে (see http://ufw.io/ts/ চাওক)।
    • translationKeyboard - এটা ৱেব আৰু মোবাইল এপ্প যি ব্যৱহাৰকাৰীসকলক কীবোৰ্ড নথকা ভাষাসমূহত কাষ্টম কীবোৰ্ড সৃষ্টি কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ সহায় কৰে।(http://ufw.io/tk/ চাওক)।
    • unfoldingWord এপ্প - এটা মোবাইল এপ্প য’ত অনুবাদকাৰীসকলে বিতৰণ কৰিব পাৰে (http://ufw.io/uw/ চাওক)।
    • translationCore - এটা প্ৰগ্ৰাম যি বাইবেল অনুবাদসমূহক ব্যাপকভাৱে নিৰীক্ষণ কৰিবলৈ সক্ষম কৰে ( চাওক)।
  • প্ৰশিক্ষণ - মাতৃভাষাৰ অনুবাদ টীমসমূহক প্ৰশিক্ষণ দিবৰ বাবে আমি সম্পদ সৃষ্টি কৰো। translationAcademy (এই সম্পদ) হ’ল আমাৰ প্ৰাথমিক প্ৰশিক্ষণ টুল। আমাৰ ওচৰত অডিঅ’ ৰেকৰ্ডিং আৰু প্ৰশিক্ষণ সম্পদো আছে। প্ৰশিক্ষণ উপাদানাৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/training/ চাওক।