as_ta/intro/translation-guidelines/01.md

11 KiB

এই নথিপত্ৰৰ কাৰ্য্যকৰি সংস্কৰণ http://ufw.io/guidelines/ ত পোৱা যাব।

অনুবাদ কৰিবৰ বাবে প্ৰয়োগ হোৱা নীতি আৰু পদ্ধতি সমূহৰ ওপৰত নিম্নোক্ত উক্তিটো unfoldingWord, Nicene Creed, আৰুAthanasian Creed; আৰু লগতে Lausanne Covenantৰ সকলো সদস্য সংগঠন আৰু অনুদানকাৰীৰ দ্বাৰা সদস্যতাপ্ৰাপ্ত।

  1. সঠিক — মূল পাঠৰ অৰ্থৰ সলনি নকৰাকৈ, পৰিৱৰ্তন নকৰাকৈ, বা সংযোগ নকৰাকৈ, সঠিকভাৱে অনুবাদ কৰা। অনুবাদিত বিষয়বস্তুসমূহ মূল পাঠৰ অৰ্থৰ যথাসম্ভৱ সঠিকৰূপে বিশ্বাস্যনীয়ভাৱে যোগাযোগ কৰা উচিত যিদৰে মূল শ্ৰোতাসকলে ইয়াক বুজি পায়।([সঠিক অনুবাদ সৃষ্টি কৰক]চাওক(../../translate/guidelines-faithful/01.md))
  2. স্পষ্ট — বুজি পোৱাৰ সৰ্বাধিক স্তৰ প্ৰাপ্ত কৰিবৰ বাবে যি প্ৰয়োজনীয় ভাষা গাঠনিৰ প্ৰয়োজন সেইয়া ব্যৱহাৰ কৰক। ইয়াত, মূল অৰ্থক যিমান পাৰে স্পষ্টভাৱে প্ৰকাশ কৰিবৰ বাবে এটা পাঠৰ গঠনৰ পুনঃবিন্যাস আৰু প্ৰয়োজন সাপেক্ষে বেছি বা কম শব্দৰ প্ৰয়োগো অন্তঃভূক্ত।(স্পষ্ট অনুবাদ সৃষ্টি কৰক চাওক)
  3. স্বাভাৱিক —ভাষাৰ এনে ৰূপ ব্যৱ্হাৰ কৰক যি কাৰ্য্যকৰী হয় আৰু যি সংশ্লিষ্ট প্ৰসংগ সন্দৰ্ভত আপোনাৰ ভাষাক প্ৰতিফলিত কৰে। (স্বাভাৱিক অনুবাদ সৃষ্টি কৰকচাওক)
  4. বিশ্বাসযোগ্য — আপোনাৰ অনুবাদত কোনো কূটনৈতিক, সাংগঠনিক, আদৰ্শগত, সাংস্কৃতিক, বা ধৰ্মীয় পক্ষপাত এৰাই চলক। প্ৰকৃত বাইবেলৰ ভাষাসমূহৰ শব্দভাণ্ডাৰৰ প্ৰতি বিশ্বাসযোগ্য মূল পদসমূহৰ ব্যৱহাৰ কৰক। ঈশ্বৰ পিতা আৰু ঈশ্বৰ পুত্ৰৰ মাজৰ সম্পৰ্কক বৰ্ণনা কৰা সাধাৰণ ভাষিক শব্দসমূহৰ সমান্তৰাল শব্দৰ প্ৰয়োগ কৰক। এইসমূহ, প্ৰয়োজন সাপেক্ষে, পাদটীকা বা অন্য সম্পূৰক উত্‍সত স্পষ্টীকৰণ কৰিব পাৰি।(বিশ্বাসযোগ্য অনুবাদ সৃষ্টি কৰক চাওক)
  5. অনুমোদনমূলক — বাইবেল সংক্ৰান্তিয় বিষয়বস্তুৰ অনুবাদৰ বাবে সৰ্বোচ্চ কৰ্তৃপক্ষ ৰূপে মূল ভাষাৰ বাইবেলৰ পাঠক ব্যৱহাৰ কৰক। স্পষ্টিকৰণ আৰু মধ্যস্থতাকাৰী উত্‍স পাঠৰূপে অন্য ভাষাৰ নিৰ্ভৰযোগ্য বাইবেলৰ বিষয়বস্তুও ব্যৱ্হাৰ কৰিব পাৰি (অনুমোদনমূলক অনুবাদ সৃষ্টি কৰক চাওক)
  6. ঐতিহাসিক — ঐতিহাসিক ঘটনা আৰু তথ্যসমূহ সঠিকভাৱে প্ৰকাশ কৰক, মূল বিষয়বস্তুৰ প্ৰকৃত প্ৰাপ্তকৰ সৈতে একে প্ৰসংগ আৰু সংস্কৃতি নথকা লোকসকলক বাৰ্তাটো প্ৰদান কৰিবৰ বাবে প্ৰয়োজন সাপেক্ষে অতিৰিক্ত তথ্য প্ৰদান কৰক। (ঐতিহাসিক অনুবাদ সৃষ্টি কৰক চাওক)
  7. সম — অনুভূতিৰ আৰু দৃষ্টিকোণৰ অভিব্যক্তিকে অন্তঃভূক্ত কৰি উত্‍সৰ পাঠৰ সৈতে সম অভিপ্ৰায়েৰে প্ৰকাশ কৰক। যথসম্ভৱভাৱে, বাখ্যা, কবিতা, উপদেশ আৰু ভৱিষ্যতবাণী আদিকে ধৰি মূল পাঠত বিভিন্ন ধৰণৰ সাহিত্যক বৰ্তাই ৰাখক, সেইবোৰক আপোনাৰ ভাষাত প্ৰয়োগ হোৱাৰ দৰে একে ধৰণেৰে প্ৰতিনিধিত্ব কৰক। ( সম অনুবাদ সৃষ্টি কৰক চাওক)

অনুবাদৰ গুণমানৰ চিনাক্ত কৰণ আৰু পৰিচালনা

অনুবাদৰ গুণমাণে সাধাৰণতে অনুবাদটোৰ মূল অৰ্থৰ প্ৰতি বিশ্বস্ততাক বুজায়, আৰু সংগ্ৰাহক ভাষাৰ বক্তাৰ বাবে অনুবাদটো বুজিপোৱাৰ যোগ্যতা আৰু কাৰ্য্যকৰিতাক বুজায়। আমি পৰামৰ্শিত কৰা কৌশলটোত ভাষিক সম্প্ৰদায়ৰ সৈতে অনুবাদৰ গঠন আৰু যোগাযোগমূলক গুণমানৰ নিৰীক্ষণ আৰু সেই জনগোষ্ঠীৰ গীৰ্জাৰ লগত অনুবাদৰ বিশ্বাসযোগ্যতাৰ নিৰীক্ষণ অন্তঃভূক্ত আছে।

অনুবাদ প্ৰকল্পৰ ভাষা আৰু প্ৰসংগৰ ভিত্তিত জড়িত থকা নিৰ্দ্দিষ্ট পদক্ষেপসমূহ উল্লেখনীয়ভাৱে সলনি হব পাৰে। সাধাৰণতে, আমি ভাষিক সম্প্ৰদায়ৰ বক্তাৰ দ্বাৰা আৰু লগতে ভাষিক গোষ্ঠীৰ গীৰ্জাৰ নেতৃবৃন্দৰ দ্বাৰা পৰ্য্যালোচিত অনুবাদক ভাল বুলি বিবেচনা কৰো যাতে ই:

  1. সঠিক, স্পষ্ট, স্বাভাৱিক আৰু সম — মূল অৰ্থৰ উদ্দেশ্যৰ প্ৰতি বিশ্বাসযোগ্য, সেই জনগোষ্ঠীৰ লোকৰ গীৰ্জাৰ দ্বাৰা নিৰ্ধাৰিত আৰু বিশ্বব্যাপী থকা আৰু ঐতিহাসিক গীৰ্জাৰ সমান্তৰাল আৰু ফলস্বৰূপে:
  2. গীৰ্জাৰ দ্বাৰা নিশ্চিত - গীৰ্জাৰ দ্বাৰা অনুমোদিত আৰু ব্যৱহৃত। ( গীৰ্জা- অনুমোদিত অনুবাদ সৃষ্টি কৰক চাওক))

আমি এইয়া অনুমোদিত কৰো যাতে অনুবাদ কাৰ্য্য হয়:

  1. সহযোগী — য’ত সম্ভৱ হয়, আপোনাৰ ভাষাত কথা কোৱা অন্য বিশ্বাসীসকলৰ লগত কাম কৰক, যাতে অনুবাদিত বিষয়বস্তুক অনুবাদ, নিৰীক্ষণ আৰু বিতৰণ কৰিব পাৰে, এইয়া সুনিশ্চিত কৰে যে এইয়া সৰ্বোচ্চ গুণমাণৰ আৰু অধিকতকৈও অধিক লোকৰ বাবে উপলব্ধিত। (সহযোগী অনুবাদ সৃষ্টি কৰক চাওক))
  2. চলন্ত — অনুবাদ কাৰ্য্য কেতিয়া সম্পূৰ্ণভাৱে সমাপ্ত নহয়। ভাষাৰ দক্ষতা থকা সকলক যেতিয়াই তেওঁলোকে লক্ষ্য কৰে যে কথাখিনি অধিক উন্নতভাৱে প্ৰকাশ কৰিব পাৰি, তেনে কৰিবৰ বাবে উত্‍সাহিত কৰক। অনুবাদত হোৱা কোনো বিসংগতি যেতিয়াই ধৰা পৰে লগে লগে শুদ্ধ কৰিব লাগে। লগতে, অনুবাদসমূহৰ সময়ে সময়ে পৰ্য্যালোচনা কৰিবৰ বাবে উত্‍সাহিত কৰিব লাগে, যাতে যেতিয়া কোনো সংশোধন বা নতুন অনুবাদৰ প্ৰয়োজন হ’লে সেইয়া কৰিব পাৰি। আমি পৰামৰ্শ দিও যে এই চলন্ত কামৰ তত্ত্বাৱধানৰ বাবে প্ৰতিটো ভাষিক গোষ্ঠিয়ে এটা অনুবাদ সমিতি গঠন কৰিব লাগে। unfoldingWordৰ অনলাইন টুল ব্যৱহাৰ কৰি, অনুবাদৰ বাবে এই পৰিৱৰ্তনসমূহ শীঘ্ৰে আৰু সহজেই কৰিব পাৰে।(চলন্ত অনুবাদ সৃষ্টি কৰক চাওক))।