as_ta/translate/guidelines-collaborative/01.md

3.6 KiB

সহযোগিতামূলক বাইবেলৰ অনুবাদ সেইবিলাক যিবিলাক একেই ভাষাৰ এদল বক্তাই অনুবাদ কৰিছে। আপোনাৰ অনুবাদ যাতে আটাইতকৈ বেছি উচ্চ মানৰ হয়, আপোনাৰ ভাষা কোৱা অন্য বিশ্বাসীসকলৰ লগত কাম কৰি অনুবাদ, পৰীক্ষা, আৰু অনুবাদ কৰা বিষয়বস্তুখিনি বিলাওক।

অনুবাদৰ মান বঢ়াবৰ বাবে তলত কেইটামান উপায় দিয়া আছে।

  • অনুবাদটো কাৰোবাক ডাঙৰকৈ পঢ়ি শুনাওক। তেওঁক এইটো মন কৰিবলৈ কওক যাতে বাক্যবোৰ ভালদৰে সংযোজিত হৈ আছে। মানুহজনক সেই শব্দ আৰু বাক্যাংশবোৰ দেখুৱাই দিবলৈ কওক যিবোৰ শুনিবলৈ ভাল নহয় অথবা অস্পষ্ট। এনেবিলাক পৰিৱৰ্তন কৰক যাতে আপোনাৰ সম্প্ৰদায়ৰ মানুহে কোৱাৰ দৰে লাগে।
  • কাৰোবাক আপোনাৰ অনুবাদখিনি পঢ়ি তাৰ বানানখিনি চাবলৈ কওক। প্ৰয়োজন নহওঁতে আপুনি এটা শব্দ হয়তো বেলেগ ধৰনে লিখিছে। কিচুমান শব্দ বেলেগ পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান শব্দ পৰিস্থিতি সাপেক্ষে একেই থাকে। এই পৰিৱৰ্তনবিলাক মনত ৰাখক, যাতে অন্য মানুহএ আপুনি আপোনাৰ ভাষাত বানানৰ বাবে কি কি নিৰ্ণয় লৈছে সেইড়ো বুজি পায়।
  • আপিনি নিজকে সোধক যে আপুনি লিখা ধৰণটো আপোনাৰ ভাষা সম্প্ৰদায়ৰ বিভিন্ন উপভাষাৰ বক্তাসকলে সহজতে বুজি পায়। আপোনাৰ অনুবাদত যিখিনি কথা স্পষত নহয় সেইখিনি তেওঁলোকে সেই কথাখিনি কিদৰে ক’ব সেইটো সোধক।

বহৰ শ্ৰোতাৰ আগত বিলোৱাৰ আগতে অনুবাদত পৰিৱৰ্তনখিনি লাগু কৰক।

মনত ৰাখিব, যদি সম্ভৱ হয় তেন্তে অন্য বিশ্বাসীসকলৰ লগত কাম কৰক যাতে অনুবাদ কৰা বিষয়বস্তুখিনি অনুবাদ, পৰীক্ষা আৰু বিলাব পাৰে, লগতে এইটো নিশ্চিত কৰিব পাৰে যে সেইটো উচ্চ মানৰ হয় আৰু যিমান পাৰি সিমান মানুহে সেইখিনি পঢ়ি বুজিব পাৰে।

(আপুনি http://ufw.io/guidelines_collabত থকা ভিডিঅ’টো চাবলৈ মন কৰিব পাৰে।)