as_ta/translate/guidelines-natural/01.md

9.9 KiB

স্বাভাবিক অনুবাদবোৰ

বাইবেলৰ অনুবাদ এই দৰে কৰক যাতে ইয়াৰ অৰ্থ স্বাভাবিক হয়:

অনুবাদ শব্দটো শুনি লক্ষ্য দলৰ এজন সদস্যৰ দ্বাৰা নহয় বিদেশীৰ দ্বাৰা লিখা হৈছিল যেন লাগে।

চুটি বাক্যবোৰ ব্যৱহাৰ কৰক

এটা অনুবাদটি স্বাভাবিক শুনিবৰ বাবে, কিছুমান সময়ত দীঘল, জটিল বাক্যৰ পৰা চুটি, সৰল বাক্য তৈয়াৰ কৰা প্ৰয়োজন হয়। গ্ৰীক ভাষাত প্ৰায়েই দীঘল আৰু ব্যাকৰণত জটিল বাক্য হয়। কিছুমান বাইবেল অনুবাদ গ্ৰীক গঠন প্ৰণালী ঘনিষ্টভাবে অনুসৰণ কৰে আৰু দীঘল বাক্য ৰাখে, এনেকি যেতিয়া স্বাভাবিক শব্দ নহয় বা লক্ষ্য ভাষাত বিভ্ৰান্তিকৰ হয়।

যেতিয়া অনুবাদ কৰিবলৈ প্ৰস্তুত, এইটো প্ৰায়েই বাক্যাংশ লিখিবলৈ সহায়ক হয়, দীঘল বাক্যক ভাঙি চুটি বাক্য কৰা। এইটো আপোনাক অৰ্থটো অধিক স্পষ্ট ৰূপত চাবলৈ আৰু ইয়াক শ্ৰেষ্ঠ অনুবাদ কৰিবলৈ সহায় কৰে। বহু ভাষাত, চুটি বাক্য হোৱাটো এটা ভাল ৰচনাশৈলী, বা যেতিয়া বাক্যটো দীঘল হয় তেতিয়া জটিল বাক্য হোৱাৰ পৰা দূৰত থাকিব। সেয়ে লক্ষ্য ভাষাত অৰ্থ ব্যক্ত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন বাক্যত মূল দীঘল বাক্যৰ পৰা কিছু অংশ ভঙাৰ প্ৰয়োজন হয়। কাৰণ বহু ভাষাত কেৱল এটা বা দুটা খণ্ডবোৰৰ সৈতে বাক্যৰ ব্যৱহাৰ কৰে, এই কাৰণে চুটি বাক্য স্বাভাবিকতাৰ ভাব দিব। চুটি বাক্য এটাও পাঠকসকলক আৰু ভালকৈ বুজিব দিব, কাৰণ অৰ্থটো স্পষ্ট হব। নতুন, চুটি খণ্ড আৰু বাক্যৰ মাজত স্পষ্ট সম্পৰ্ক শব্দক অন্তৰ্ভুক্ত কৰিবলৈ সুনিশ্চিত কৰক।

দীঘল বাক্যৰ পৰা চুটি বাক্য বনাবলৈ, বাক্যত অধিক জটিল বাক্য চিনাক্ত কৰক, যি প্ৰত্যক্ষভাবে পৰস্পৰৰ মাজত সম্পৰ্ক থাকে, অৰ্থাৎ, এটা খণ্ডবাক্য গঠনৰ বাবে একেলগে থাকে । সাধাৰণতে, প্ৰতিটো ক্ৰিয়াপদ বা কৰ্ম শব্দৰ মাজত এনে এটা শব্দ হয় যি ক্ৰিয়াৰ কৰ্মৰ দিশে ঘূৰি যায় বা আগবাঢ়ি যায়। এই ধৰণৰ শব্দৰ এটা গোট যি এটা স্বতন্ত্ৰ খণ্ড বা সাধাৰণ বাক্য হিচাপে লিখিব পাৰি। শব্দবোৰৰ সেই গোটবোৰক প্ৰত্যেকক একেলগত ৰাখক আৰু সেই উপায়ে বাক্যবোৰক তাৰ বেলেগ ধাৰণা বা অংশত বিভাজন কৰক। নতুন বাক্য পঢ়ক যাতে নিশ্চিত হয় যে সেইবোৰ এতিয়াও বুজাব পাৰি। যদি তাত কোনো সমস্যা হয়, তেনেহলে আপোনাক দীঘল বাক্য বেলেগ ধৰণে ভাগ কৰাৰ প্ৰয়োজন হব পাৰে। যেতিয়া আপুনি নতুন বাক্যৰ বাৰ্তা বুজি পায়, তেতিয়া সেইটোক লক্ষ্য ভাষাত অনুবাদ কৰক, বাক্য বনাওক যি স্বাভাবিক দীঘল আৰু প্ৰাকৃতিক ধৰণে সংযুক্ত কৰে। তাৰ পাছত আপোনাৰ অনুবাদটি স্বাভাবিক শুনাইছে নে নাই পৰীক্ষা কৰিবলৈ ভাষা সম্প্ৰদায়ৰ সদস্য এজনক পঢ়িব দিয়ক।

আপোনাৰ লোকসকলে যি দৰে কথা কয় সেইয়া লিখক

বাইবেলৰ অংশ বা অধ্যায় পঢ়ক আৰু নিজকে সুধক, "এইটো কেনে ধৰণৰ বাৰ্তা হয়?" তাৰ পাছত সেই অংশ বা অধ্যায়টো এই দৰে অনুবাদ কৰক যে আপোনাৰ ভাষাত সেই ধৰণৰ বাৰ্তাৰ যোগাযোগ কৰিব।

উদাহৰণ স্বৰূপে, যদি অংশটো এটা কবিতা হয়, যেনে গীতমালাত, তেনেহলে ইয়াক এইদৰে অনুবাদ কৰক যে আপোনাৰ লোকসকলে কবিতা হিচাপে চিনাক্ত কৰিব। বা যদি এটা অংশ জীৱন ধাৰণৰ শুদ্ধ পথৰ বিষয়ে উপদেশ হয়, যেনে নতুন নিয়মৰ পত্ৰবোৰত আছে তেনেহলে ইয়াক এই দৰে অনুবাদ কৰক যি আপোনাৰ ভাষাত লোকসকলে পৰস্পৰে উদগণি দিয়ে। বা অংশটো যদি কোনো এজনে কি কৰিলে তাৰ বিষয়ে হয় তেনেহলে কাহিনী আকাৰে অনুবাদ কৰক। (সেইটো বাস্তবতে ঘটিছে)। বাইবেলত এই ধৰণৰ বিভিন্ন কাহিনী আছে, আৰু এই কাহিনীবোৰৰ অংশ হিচাপে লোকসকলে পৰস্পৰে কিছু কথা কয় যি তেওঁলোকৰ নিজস্ব ৰূপলৈয়ো থাকে। উদাহৰণ স্বৰূপে, মানুহে পৰস্পৰে হুমকি দিয়ে, সতৰ্ক কৰে আৰু প্ৰশংসা বা তিৰস্কাৰ কৰে, আপোনাৰ অনুবাদ প্ৰাকৃতিক কৰিবলৈ, আপুনি ইয়াৰ ভিতৰত সকলো বস্তুৰ এই দৰে অনুবাদ কৰা উচিত যে আপোনাৰ ভাষাত লোকসকলে হুমকি দিয়া, সতৰ্ক কৰা, পৰস্পৰে প্ৰশংসা বা ধমকি দিয়া ইত্যাদি।

এই বিভিন্ন বিষয়বোৰ কেনেকৈ লিখা উচিত তাৰ উপায় জনাৰ কাৰণে আপোনাৰ চাৰিওকাষৰ লোকসকলে কি কয় তাক শুনাৰ প্ৰয়োজন হব পাৰে। বিভিন্ন বিষয় যি লোকসকলে কয় আৰু কৰে সেইবোৰ লিখা অভ্যাস কৰক, যাতে আপুনি সেই গঠন আৰু শব্দবোৰৰ সৈতে পৰিচিত হৈ যায়।

এটা ভাল অনুবাদ সাধাৰণতে লক্ষ্য দলৰ মানুহে ব্যৱহাৰ কৰাৰ দৰে, একে শব্দ আৰু অভিব্যক্তি ব্যৱহাৰ কৰিব। ই পঢ়িবলৈ বা শুনিবলৈ তেওঁলোকৰ বাবে সহজ হোৱা উচিত। কোনো বিশৃঙ্খল বা অদ্ভুত বাক্য হোৱা উচিত নহয়। অনুবাদটো সহজে ঘনিষ্ট বন্ধুৰ চিঠি পঢ়াৰ দৰে হোৱা উচিত।

দুৱাৰমুখ ভাষাৰ অনুবাদবোৰৰ বাবে নহয়

ইউ.এল.টি আৰু ইউ.এচ.টিৰ প্ৰধান ভাষাৰ অনুবাদৰ বাবে এই খণ্ড নহয়। এই বাইবেলবোৰ এনে বৈশিষ্ট্যৰে তৈয়াৰ কৰা হয়, যি লক্ষ্য ভাষাত সেইবোৰ স্বাভাবিক হোৱাত বাধা দিয়ে। সেইবোৰ বাইবেল অনুবাদ উপকৰণ হয়, শেষ বাইবেল ব্যৱহাৰকৰ্তা নহয়। এই বিষয়ৰ অধিক তথ্যৰ বাবে প্ৰধান ভাষাৰ অনুবাদত সংক্ষিপ্ত গ্ৰন্থৰ"ইউ.এল.টি অনুবাদ" আৰু "ইউ.এচ.টি অনুবাদ" চাওক।