as_ta/translate/guidelines-ongoing/01.md

3.6 KiB

বাইবেলৰ অনুবাদবিলাক চলিতহ’ব লাগে। অনুবাদটো আনৰ লগত শ্বেয়াৰ কৰক যাতে তেওঁলোকে বাৰ্তাটোৰ অৰ্থটো বুজি পায় সেইটো গম পায়। তেওঁলোকে দিয়া সঁহাৰি ব্যৱহাৰ কৰি আপোনাৰ অনুবাদ উন্নত কৰক। বুজা আৰু সঠিকতা যাতে বৃদ্ধি হয় তাৰ বাবে এতা অনুবাদ পুনৰীক্ষণ কৰাটো এটা ভাল উপায়। যেতিয়া কাৰোবাৰ এতা অনুবাদ আৰু ভাল কৰিবলৈ এতা ভাল উপায় থাকে, আপুনি অনুবাদটো সম্পাদনা কৰি অনুবাদটো আৰু উন্নত কৰিব লাগে। যেতিয়া আপুনি ট্ৰাঞ্চলেষ্যনষ্টুডিঅ’ অথবা অন্য ইলেক্ট্ৰনিক টেক্সট্‌ এডিতৰ ব্যৱহাৰ কৰে, আপুনি পুনৰীক্ষণ আৰু উন্নত কৰাৰ এই প্ৰক্ৰিয়াটো চলাই ৰাখিব পাৰে।

  • অনুবাদখিনি পঢ়ি তাত আৰু উন্নত কৰিবলগীয়া ঠাইবিলাক দেখুৱাই দিবলৈ মূল্যায়নকৰ্তাৰ প্ৰয়োজন হয়।
  • মানুহবিলাকক অনুবাদটো পঢ়িবলৈ দিয়ক অথবা অনুবাদৰ ৰেকৰ্ডিং শুনিবলৈ দিয়ক। এইটোৱে আপোনাক এইটো জনাত সহায় কৰিব যে অনুবাদটোৱে আচল শ্ৰোতাৰ ওপৰত পেলোৱা প্ৰভাৱ দৰে প্ৰভাৱ পেলাই নে নাই (উদাহৰণস্বৰূপে: আৰাম প্ৰদান কৰা, উৎসাহ দিয়া, অথবা পথ প্ৰদৰ্শন কৰা)।
  • অনুবাদটো আৰু শুদ্ধ কৰাৰ পক্ৰিয়া জাৰি ৰাখক যাতে সেইটো আৰু সঠিক, স্পষ্ট আৰু প্ৰাকৃতিক হয়। মূল উদ্দেশ্য হৈছে সিটোৱে যাতে আচল টেক্সটৰ দৰে একেই অৰ্থ প্ৰকাশ কৰিবলৈ সক্ষম হয়।

মনত ৰাখিব, মানুহবিলাকক অনুবাদটো পুনিৰীশন কৰিবলৈ উৎসাহিত কৰক আৰু লাগতে সেইটো আৰু ভাল কৰিবলৈ উপায় দিবলৈ কওক। মানুহবিলাকৰ লগত এইবিলাক উপায়ৰ বিষয়ে কথা পাতক, তাৰপাচত অনুবাদত এই পৰিৱৰ্তনসমূহ কৰক। যেতিয়া বহুকেইজন মানুহে মানি লয় যে এইটো এটা ভাল উপায়, তেতিয়া অনুবাদটোত পৰিৱৰ্তনসমূহ কৰক। এইদৰে অনুবাদটো আৰু ভাল হৈ গৈ থাকিব।

(আপুনি http://ufw.io/guidelines_ongoingত থকা ভিডিঅ’টো চাবলৈ মন কৰিব পাৰে।)