as_ta/intro/open-license/01.md

8.8 KiB

স্বাধীনতাৰ বাবে এক লাইচেঞ্চ

প্ৰতিটো ভাষাত অপ্ৰতিবদ্ধিত বাইবেল সংক্ৰান্তিয় বিষয় বস্তু প্ৰাপ্ত কৰিবৰ বাবেৰ বাবে , এখন লাইচেঞ্চৰ প্ৰয়োজন যি বিশ্বব্যাপী গীৰ্জাক “অপ্ৰতিবদ্ধিত” প্ৰবেশ প্ৰদান কৰে। আমি বিশ্বাস কৰো যেতিয়া গীৰ্জাই অপ্ৰতিবন্ধিত প্ৰবেশাধিকাৰ লাভ কৰিব তেতিয়া এই আন্দোলন অৰোধ্য হৈ পৰিব।ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল লাইচেঞ্চয়ে বাইবেল সংক্ৰান্তীয় বিষয়বস্তুৰ অনুবাদ আৰু বিতৰণৰ সকলো প্ৰয়োজনীয় অধিকাৰ প্ৰদান কৰে আৰু নিশ্চিত কৰে যে বিষয়বস্তুখিনি মুক্ত হৈ থাকে। কেৱল মাত্ৰ য’ত অন্যভাৱে উল্লেখ থাকে, আমাৰ সকলো বিষয় বস্তুৰ লাইচেঞ্চ হ’ল CC BY-SA.

ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল (CC BY-SA 4.0)

এইয়া licenseৰমানৱ-পাঠন যোগ্য সাৰাংশ হয় (আৰু বিকল্প নহয়)।

আপুনি মুক্তভাৱে কৰিব পাৰে:

  • শ্বেয়াৰ — যিকোনো মাধ্যম বা ফৰ্মেটত উপাদানৰ কপি আৰু বিতৰণ
  • অভিযোজন — উপাদানৰ ৰিমিক্স, ৰূপান্তৰ, আৰু পুনঃনিৰ্মাণ

যিকোনো উদ্দেশ্যৰ বাবে, ব্যৱসায়িকভাৱেও।

লাইচেঞ্চ প্ৰদান কৰোতাই এই স্বাধীনতা প্ৰত্যাহাৰ কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি লাইচেঞ্চৰ চৰ্তসমূহ মানি চলে।

নিম্নোক্ত চৰ্তসমূহৰ অধীনত:

  • কৃতিত্ব — আপুনি নিশ্চিতভাৱে উচিত কৃতিত্ব প্ৰদান কৰিব লাগিব, লাইচেঞ্চলৈ এটা লিংক প্ৰদান কৰিব আৰু যদি কোনো সালসলনি কৰে সেইয়া জনাব। আপুনি সেইয়া যিকোনো যুক্তিযুক্ত মাধ্যমেৰে কৰিব পাৰে, কিন্তু এনেদৰে নহয় যি লাইচেঞ্চ প্ৰদান কৰোতাই আপোনাক বা আপোনাৰ প্ৰযোগক অনুমোদন কৰাটো প্ৰদৰ্শন কৰে।
  • শ্বেয়াৰএলাইক — যদি আপুনি উপাদানৰ ৰিমিক্স, ৰূপান্তৰ বা নিৰ্মাণ কৰে, আপুনি আপোনাৰ অৱদানক মূল লাইচেঞ্চৰ অধীনতেই বিতৰণ কৰিব লাগিব।

কোনো অতিৰিক্ত প্ৰতিবন্ধকতা নাই — আপুনি কোনো আইনী চৰ্ত বা প্ৰযুক্তিগত পৰিমাণ প্ৰয়োগ নকৰিব যি অন্যসকলক লাইচেঞ্চে অনুমতি প্ৰদান কৰা কোনো কাৰ্য্য কৰাৰ পৰা আইনীভাৱে বাধা প্ৰদান কৰে।

সূচনাসমূহ :

আপুনি সাৰ্বজনিক ডমেইনত বা য’ত আপোনাৰ প্ৰয়োগ এটা প্ৰযোজ্য ব্যতিক্ৰম বা সীমাবদ্ধতাৰে অনুমতি প্ৰাপ্ত তাত আপুনি বিষয়বস্তুৰ উপাদানৰ বাবে লাইচেঞ্চৰ পালন কৰাৰ আৱশ্যকতা নাই।

কোনো ৱাৰেণ্টী প্ৰদান কৰা নাই। লাইচেঞ্চে আপোনাক আপুনি ব্যৱহাৰ কৰিব বিচৰা সকলো অধিকাৰ প্ৰদান নকৰিবও পাৰে। উদাহৰণস্বৰূপে, অন্য অধিকাৰ যেনে প্ৰচাৰ, গোপনীয়তা বা নৈতিক অধিকাৰসমূহে আপুনি কিদৰে উপাদানসমূহ ব্যৱহাৰ কৰিব তাক সীমিত কৰিব পাৰে।

ব্যুত্‍পন্ন কামৰ বাবে পৰামৰ্শিত বিশিষ্ট উক্তি: “মূল কাৰ্য্য Door43 ৱৰ্ল্ড মিচন কমিউনিটৰ দ্বাৰা সৃষ্ট, http://door43.org/ত উপলব্ধ আৰু ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল লাইচেঞ্চৰ অধীনত প্ৰকাশিত (http://creativecommons.org/licenses/by-sa/4.0/)। এই কামখিনি মূল কামৰ পৰা পৰিৱৰ্তিত, আৰু মূল লিখকে এই কামক অনুমোদন নকৰে।”

Door43 অৱদানকাৰীৰ কৃতিত্ব

যেতিয়া Door43লৈ কোনো সম্পদ আমদানি কৰা হয়,অধীনস্থ অপেন লাইচেঞ্চৰ দ্বাৰা নিৰ্দ্দিষ্টকৃত ৰূপত, মূল কামক নিশ্চিতভাৱে কৃতিত্ব প্ৰদান কৰিব লাগিব। উদাহৰণস্বৰূপে, মুক্ত বাইবেল কাহিনীত ব্যৱহাৰ কৰা চিত্ৰৰ কৃতিত্ব স্পষ্টভাৱে প্ৰজেক্টৰ মূল পৃষ্ঠা.

Door43ৰ প্ৰজেক্টৰ অৱদানকাৰীসকলে সন্মতি প্ৰদান কৰে যে প্ৰতিটো পৃষ্ঠাৰ পুনঃনিৰীক্ষণৰ ইতিহাসত স্বয়ংক্ৰিয়ভাৱে হোৱা কৃতিত্ব তেওঁলোকৰ কামৰ বাবে পৰ্য্যাপ্ত কৃতিত্ব। তাৰ মানে, Door43ৰ প্ৰতিজন অৱদানকাৰীক“Door43 ৱৰ্ল্ড মিচন কমিউনিটি”ত তালিকাভুক্ত কৰিব পাৰে বা তেনেধৰণৰ প্ৰভাৱগত কোনো কাৰ্য্য কৰিব পাৰে। প্ৰতিজন অৱদানকাৰীৰ অৱদান সেই কামৰ ইতিহাসৰ পুনঃনিৰীক্ষণত সংৰক্ষিত।

উত্‍স পাঠ

উত্‍স পাঠসমূহ কেৱল তেতিয়া ব্যৱহাৰ কৰিব পাৰি যেতিয়া সেইবোৰৰ নিম্নোলিখিত কোনো এটা লাইচেঞ্চ থাকে:

অধিক তথ্যৰ বাবে কপিৰাইট, লাইচেঞ্চিং আৰু উ‍ত্‍স পাঠ চাওক।