as_tw/bible/names/aram.md

3.3 KiB

অৰাম, অৰামীয়া, অৰামীয়াসকল, অৰামীয়

সংজ্ঞা:

পুৰণি নিয়মত “অৰাম” নামৰ দুজন মানুহৰ নাম আছিল৷ এইটো কানানৰ উত্তৰাঞ্চলৰো মান আছিল, য’ত আধুনিক দিনৰ চিৰিয়া অৱস্থিত৷

  • পাছত ইয়াত বসবাস কৰা লোকসকলক “অৰামীয়াসকল” বুলি জনাজাত আছিল আৰু এওঁলোকে “অৰামীয়” ভাষা কৈছিল৷ যীচু আৰু আন ইহুদীসকলেও তেওঁৰ সময়ত অৰামীয় ভাষাই কৈছিল৷
  • চেমৰ এজন ল’ৰাৰ নাম আছিল অৰাম৷ আন এজন অৰাম নামৰ মানুহ আছিল, তেওঁ আছিল ৰিবেকাৰ ভতীজা৷ এইটো সম্ভাব্য যে এই দুজনৰ এজনৰ নাম অনুসাৰে এই অঞ্চলৰ নাম অৰাম আছিল৷
  • পাছত অৰামক গ্ৰীক নাম “চিৰিয়া” ৰূপে জনাজাত হৈছিল৷
  • “পদ্দান অৰাম” শব্দটোৰ অৰ্থ হ’ল “সমতল অৰাম” আৰু এই সমতল অঞ্চলটো অৰামৰ উত্তৰ অঞ্চলত অৱস্থিত আছিল৷
  • অব্ৰাহামৰ কিছুমান আত্মীয়ই হাৰান নগৰত বাস কৰিছিল, এই নগৰ আছিল “পদ্দান অৰাম”ত অৱস্থিত৷
  • কেতিয়াবা কেতিয়াবা পুৰণি নিয়মত “াৰাম” আৰু “পদ্দান অৰাম” শব্দটোৱে একে অঞ্চলকে নিৰ্দেশ কৰে৷
  • “অৰাম নহৰাইম” শব্দটোৰ অৰ্থ হ’ল “দুখন নদীৰ অৰাম”৷ এই অঞ্চলটো মছেপ’টেমিয়াৰ উত্তৰ অংশত অৱস্থিত আৰু ই আছিল “পদ্দন অৰাম”ৰ পূবত৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: মেছপ’টেমিয়া, পদ্দান অৰাম, ৰিবেকা, চেম, চিৰিয়া)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H758, H763, G689