as_ta/process/intro-share/01.md

2.7 KiB

বিতৰণৰ অৱলোকন

বাইবেলৰ বিষয়বস্তু মূল্যহীন হয় যেতিয়ালৈকে ইয়াক বিতৰণ আৰু ব্যৱহাৰ কৰা নহয়। Door43 অনুবাদ আৰু প্ৰকাশকৰণৰ মঞ্চ ব্যৱহাৰ কৰাৰ এটা লাভালাভ হৈছে যে ই বিষয়বস্ত্ত বিতৰণ কৰাৰ বাবে বহুসংখ্যক, সৰল উপায়বোৰ প্ৰদান কৰে। Door43 ৰত:

  • আপুনি নি্ৰাপদে আপোনাৰ অনুবাদ সংৰক্ষণ কৰিব পাৰে।
  • মানুহে আপোনাৰ অনুবাদ চাব পাৰে
  • মানুহে আপোনাৰ অনুবাদ উন্নত্বকৰণৰ বাবে মন্তব্য আৰু পৰামৰ্শবোৰ প্ৰদান কৰিব পাৰে।
  • মানুহে আপোনাৰ অনুবাদ পঢ়িব, প্ৰতিলিপি লবলৈ, আৰু বিলাবলৈ ডাউনলোড কৰিব পাৰে।

মুকলি অনুজ্ঞাপত্ৰ

বিষয়বস্তু বিতৰণ ব্যৱস্হাৰ সকলোতকৈ ডাঙৰ কাৰক হৈছে মুকলি অনুজ্ঞাপত্ৰ যিয়ে Door43 সকলো প্ৰকাৰৰ বিষয়বস্তুৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষমতা প্ৰদান কৰে। এই অনুজ্ঞাপত্ৰই সকলোকে তেওঁলোকৰ প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰে:

  • বিলোৱা — যিকোনো মাধ্যম বা আকাৰত বিষয়বস্ত্তৰ প্ৰতিলিপি আৰু পুনৰ বিতৰণ কৰা
  • উপযোগী — সংমিশ্ৰণ, ৰুপান্তৰকৰণ, আৰু উপাদানৰ ওপৰত নিৰ্মাণকৰণ

খৰচ নোহোৱাকৈ, কোনো উদ্দেশ্যত, এনেকি বাণিজ্যিক ভাৱেও। "বিনামূল্যে আপুনি লাভ কৰিছে; বিনামূল্যে দিয়ক।" (মথি ১০:৮)

অনলাইন আৰু অফলাইন দুয়োটাতে আপোনাৰ অনুবাদসমূহ বিলোৱা উপায়, চাওক বিষয়বস্তু বিলোৱা