as_tw/bible/other/sacrifice.md

8.1 KiB

উতসৰ্গ, বলিদান, উতসৃষ্ট, বলি দিয়া, অৰ্পণ, দান

সংজ্ঞা:

বাইবেলৰ মতে "বলিদান" আৰু "দান" ঈশ্বৰক আৰাধনা কৰিবলৈ আগবঢ়োৱা বিশেষ প্ৰকাৰৰ উপহাৰ। লোকসকলে অসত্য দেৱতাবোৰৰকো বলিদান উতসৰ্গ আগবঢ়ায়।

  • সাধাৰণতে "দান" যিকোনো বস্তু দিয়া বা উতসৰ্গ কৰা বুজায়। "বলিদান" অৰ্থাত কিবা দিয়া বা দিওঁতে দিয়াজনৰ বহুত মূল্য গৈছে।
  • ঈশ্বৰক উপাসনা কৰিবলৈ তেওঁ ইশ্ৰায়েল জাতিক নিৰ্দিষ্ট কিছুমান বস্তু দান আগবঢ়াবলৈ আজ্ঞা দিছে।
  • কেনে প্ৰকাৰৰ উতসৰ্গ আগবঢ়াব যেনে "হোম বলি" আৰু "peace offering," তেওঁ উল্লেখ কৰি দিছিল।
  • ঈশ্বৰলৈ বলিদান দিয়া এটা জন্তু হত্যা কৰাৰ লগত জড়িত।
  • ঈশ্বৰৰ নিখুঁত , নিষ্পাপ পুত্ৰ, কেৱল যীচুৰ বলিদানহে পাপৰ পৰা মানৱ জাতিক সম্পূৰ্ণ নিকা কৰিব পাৰে।
  • The figurative expression "জিৱিত বলিদান স্বৰূপে নিজকে উতসৰ্গ কৰা" ইয়াৰ অৰ্থ "নিজৰ জীৱন ঈশ্বৰৰ সম্পূৰ্ণ বাধ্যতাৰূপে অতিবাহিত কৰা, আৰু তেওঁ আদেশ দিয়া সকলো দি তেওঁক আৰাধনা কৰা।

অনুবাদ পৰামৰ্শ

  • "উতসৰ্গ" শব্দটো "ঈশ্বৰক দিয়া এটা উপহাৰ" বা "ঈশ্বৰক কিবা বস্তু দিয়া" বা "ঈশ্বৰক মূল্যবান কিবা উপহাৰ দিয়া" এইদৰেও অনুবাদ কৰিব পাৰি।
  • "বলিদান" এই শব্দটো প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি অনুবাদ কৰিব পাৰি যেনে "আৰাধনা কৰোতে মূল্যবান কিবা বস্তু দিয়া" বা "কোনো বিশেষ জন্ত বলি দি ঈশ্বৰক দান কৰা।"
  • "বলিদান" বলিদান কৰা কাৰ্যক "মূল্যবান বস্তু দিয়া" বা "জন্তু বলি দি ঈশ্বৰলৈ আগবঢ়োৱা" এইদৰেও অনুবাদ কৰিব পাৰি।
  • আনহাতে "জিৱিত বলিদান স্বৰূপে নিজকে উতসৰ্গ কৰা" "বেদীত জন্তু এটা উতসৰ্গ কৰাৰা দৰে নিজৰ জীৱন ধাৰণ কৰা জীৱন ঈশ্বৰলৈ উতসৰ্গ কৰা" এইদৰেও অনুবাদ কৰিব পাৰি।

(আৰু চাওক: বেদী, হোম বলি, পানীয় উতসৰ্গ, অসত্য দেৱতা, সমজোৱা উতসৰ্গ, ইচ্ছাকৃত দান, peace offering, পুৰোহিত, পাপাৰ্থক বলি, আৰাধনা)

বাইবেলত উল্লেখিত:

বাইবেল কাহিনিৰ উদাহৰণসমূহ:

  • 03:14 নোহ জাহাজৰ পৰা নমাৰ পাছত, তেওঁ এটা বেদী সাজিছিল আৰু উতসৰ্গত ব্যৱহাৰ কৰিব পৰা কিছুমান জন্তু সেই বেদীত বলি উতসৰ্গ কৰিছিল। ঈশ্বৰে সেই বলি উতসৰ্গত সন্তুষ্ট হৈ, নোহ তেওঁৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিছিল।
  • 05:06 "তোমাৰ একমাত্ৰ পুত্ৰ ইচাহাকক লোৱা আৰু মোলৈ বলি উতসৰ্গৰ অৰ্থে তাক হত্যা কৰা।" অব্ৰাহাম পুনৰ ঈশ্বৰৰ বাধ্য হৈ নিজৰ পুত্ৰক বলিদান কৰিবলৈ প্ৰস্তুত হৈছিল।
  • 05:09 ঈশ্বৰে ইচাহাকৰ ঠাইত বলি দিবলৈ ভেড়া পোৱালী এটা যোগায় দিছিল।
  • 13:09 যিকোনো লোকে ঈশ্বৰৰ বিধানৰ অবাধ্য হৈছিল, তেওঁ সাক্ষাত কৰা তম্বুলৈ ঈশ্বৰক বলি উতসৰ্গ কৰিবলৈ এটা পশু লগত লয় আহিছিল। পুৰোহিতে সেই পশু বধ কৰি বেদীৰ ওপৰত জলাই ভষ্ম কৰিছিল।পশুৰ তেজেই সেই লোকৰ পাপ ঢাকি ঈশ্বৰৰ দৃষ্টিত তেওঁক পৰিষ্কৃত কৰিছিল সেইটোৱে বলিদান।
  • 17:06 ইশ্ৰায়েল জাতিটো ঈশ্বৰক আৰাধনা কৰিবলৈ আৰু বলিদান উতসৰ্গ কৰিবলৈ দায়ূদে এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰিছিল।
  • 48:06 যীচুৱেই মহান পৰাক্ৰমী পুৰোহিত। আন পুৰোহিত সকলৰ দৰে তেওঁ নহয়, তেওঁ পাপৰ পৰা পৃথিৱীৰ সকলো লোকক ৰক্ষা কৰিবলৈ নিজকে বলিৰূপে উতসৰ্গ কৰিলে।
  • 48:08 কিন্তু ঈশ্বৰে যীচুক, ঈশ্বৰৰ মেৰ, বলিদানৰ অৰ্থে আমাৰ স্থানত মৃত্যু বৰণ কৰিবলৈ পঠাই দিলে।
  • 49:11 যীচুৱে নিজকে বলিদান কৰাৰ বাবে ঈশ্বৰে যি কোনো পাপ এনেকি ভয়ঙ্কৰ পাপো ক্ষমা কৰি দিব পাৰে।

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H801, H817, H819, H1685, H1890, H1974, H2076, H2077, H2281, H2282, H2398, H2401, H2402, H2403, H2409, H3632, H4394, H4469, H4503, H4504, H5066, H5068, H5069, H5071, H5257, H5258, H5261, H5262, H5927, H5928, H5930, H6453, H6944, H6999, H7133, H7311, H8002, H8426, H8548, H8573, H8641, G266, G334, G1049, G1435, G1494, G2378, G2380, G3646, G4376, G5485