as_tw/bible/kt/bond.md

7.0 KiB

আৱদ্ধ কৰা, বন্ধন, আৱদ্ধ

সংজ্ঞা:

“আৱদ্ধ কৰা” শব্দটোৰ অৰ্থ হ’ল কোনো বিষয়ক নিৰাপদে দৃঢ়ভাবে বান্ধি ৰখা৷ কোনো বস্তুক বান্ধি ৰখাক বা একেলগে সংযুক্ত কৰাক “বন্ধন” বুলি কোৱা হয়৷ এই শব্দটোৰ অতীত কালৰ শব্দটোৱে হ’ল “আৱদ্ধ”৷

  • “আৱদ্ধ” মানে হ’ল কোনো বস্তু এটাক বান্ধা বা কোনো বস্তুৰে মেৰিয়াই পেলোৱা৷
  • ৰূপক অৰ্থত এজন ব্যক্তি প্ৰতিশ্ৰুতিত “অৱদ্ধ” হোৱাৰ অৰ্থ হ’ল, তেওঁ যি কৰিবৰ বাবে প্ৰতিজ্ঞা কৰিছিল সেই “প্ৰয়োজনীয় পূৰ্ণ কৰা”৷
  • “বন্ধন” শব্দটোৱে কোনো বস্তু এটাক আৱদ্ধ কৰা, অৱৰোধ কৰা, বা কোনো ব্যক্তিক বন্দী কৰা বুজায়৷ ই সাধাৰণতে বাস্তৱতে কোনো শিকলি, বেৰি বা ৰচীৰে কোনো ব্যক্তিক মুকলিকৈ ঘুৰি-ফুৰাৰ পৰা ধৰি ৰখাক নিৰ্দেশ কৰে৷
  • বাইবেলৰ সময়ত বন্দীসকলক কাৰাগাৰৰ বেৰ বা মজিয়াত থকা শিলৰ লগত সংলগ্ন কৰি থোৱা ৰচী বা শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল৷
  • “আৱদ্ধ কৰা” পৰিভাষাটো ক্ষত আঘাত সুস্থ হ’বৰ বাবে শায় হ’বলৈ কাপোৰেৰে মেৰিয়াই ৰখাৰ বিষয়ে ক’বলৈও ব্যৱহাৰ কৰা হয়৷
  • এজন মৃত ব্যক্তিক সমাধিস্থ কৰিবলৈ যুগুত কৰোতে কাপোৰৰ সৈতে “আবদ্ধ” কৰা হয়৷
  • “বন্ধন” শব্দটোৱে ৰূপক অৰ্থত আন কিছুমান বিষয়ৰ নিৰ্দেশ দিয়ে, উদাহৰণ স্বৰূপে পাপ, যিয়ে কোনো এজনক নিয়ন্ত্ৰণ কৰে বা ক্ৰীতদাস কৰি ৰাখে৷
  • বন্ধনে দুজন মানুহৰ মাজৰ সম্পৰ্ককো ওচৰ চপাই আনে, যাৰ বাবে এজনে আন জনক আবেগিকভাবে, আত্মিকভাবে আৰু শাৰিৰীকভাবে সহায় কৰে৷ এই বন্ধনটো বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য৷
  • উদাহৰণ হিচাপে এজন স্বামী আৰু স্ত্ৰীয়ে “বন্ধন”ত থাকে বা ইজনে সিজনৰ সৈতে সংযুক্ত হয়৷ এইটো এটা ঈশ্বৰেও ভাঙি নিদিয়া বন্ধন হয়৷

অনুবাদৰ উপদেশবোৰ:

  • “আৱদ্ধ কৰা” শব্দটো অনুবাদ কৰিলে “বন্ধন” বা “সংযুক্ত কৰা” বা “মেৰিয়াই দিয়া(চাৰিওফালে)” বুলিও কৰিব পাৰি৷
  • ৰূপক অৰ্থত ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি যেনে, “সংযত কৰা” বা “প্ৰতিৰোধ কৰা” বা “ধৰি ৰাখা(কোনো বিষয়)”৷
  • বিশেষকৈ “আৱদ্ধ কৰা” শব্দটো মথি ১৬ আৰু ১৮ অধ্যায় অনুসৰি ইয়াৰ অৰ্থ “নিষেধ কৰা” বা “অনুমতিপত্ৰ নিদিয়া”৷
  • “বন্ধন” শব্দটো “বান্ধা” বা “ৰচীৰে আৱদ্ধ কৰা” বা “শিকলিৰে বন্দী কৰা” বুলি অনুবাদ কৰিব পাৰি৷
  • আক্ষৰিক অৰ্থত “বন্ধন” শব্দটো অনুবাদ কৰোতে “মৈত্ৰীবন্ধন” বা “সংযুক্ত কৰা” বা “নিকতাত্মীয়” বুলি অনুবাদ কৰা হয়৷
  • “শান্তিৰ বন্ধন” বাক্যাংশটোৰ অৰ্থ হ’ল “যিয়ে লোকসকলৰ মাজলৈ ইজনে সিজনৰ লগত ওচৰ সম্পৰ্কৰ সাদৃশ্য লৈ আহে” বা “শান্তি আনিবলৈ একেলগে আৱদ্ধ হোৱা”৷
  • “আৱদ্ধ হোৱা”ক এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “চাৰিওফালে মেৰিয়াই দিয়া” বা “পটি বান্ধি দিয়া”৷
  • “আৱদ্ধ কৰা” স্বয়ং এটা প্ৰতিশ্ৰুতি, ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি যেনে “প্ৰতীজ্ঞা পৰিপূৰ্ণ কৰা প্ৰতিশ্ৰুতি” বা “এটা প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ অঙ্গীকাৰ”৷
  • প্ৰসংগৰ ওপৰত ভিত্তি কৰি “বন্ধন” শব্দটোক এইদৰেও অনুবাদ কৰিব পাৰি যেনে “বান্ধা” বা “নিবদ্ধ” বা “বাধ্যতামুলক(সম্পূৰ্ণ কৰিবৰলৈ)” বা “প্ৰয়োজনীয়খিনি কৰা”৷

(পুনৰ চাওক: পৰিপূৰ্ণতা, শান্তি, কাৰাগাৰ, দাস, প্ৰতিশ্ৰুতি)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H247, H481, H519, H615, H631, H632, H640, H1366, H1367, H1379, H2280, H2706, H3256, H3533, H3729, H4147, H4148, H4205, H4562, H5650, H5656, H5659, H6029, H6123, H6616, H6696, H6872, H6887, H7194, H7405, H7573, H7576, H8198, H8244, H8379, G254, G331, G332, G1195, G1196, G1198, G1199, G1210, G1397, G1398, G1401, G1402, G2611, G2615, G3734, G3784, G3814, G4019, G4029, G4385, G4886, G4887, G5265