as_tw/bible/kt/atonementlid.md

3.5 KiB
Raw Permalink Blame History

প্ৰায়চিত্ত ঢাকনি

সংজ্ঞা:

“প্ৰায়চিত্ত ঢাকনি” আছিল এখন সোণৰ ফলক, ইয়াক নিয়ম চন্দুকৰ ওপৰ অংশ আবৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ ইংৰাজী ভাষাৰ বহু অনুবাদত ইয়াক “প্ৰায়চিত্ত আৱৰণ” বুলিও নিৰ্দেশ দিয়া আছে৷

  • এই প্ৰায়চিত্ত ঢাকনি খন দীঘলে প্ৰায় ১১৫ ছেণ্টি মিটাৰ আৰু বহলে প্ৰায় ছেণ্টি মিটাৰ আছিল৷
  • এই প্ৰায়চিত্ত ঢাকনি খনে সোণৰ কৰূব দুটাৰ ওপৰত ইহতৰ পাখিবোৰ চুই আছিল৷
  • যিহোৱাই কৈছিল যে, কৰূবৰ প্ৰসাৰিত পাখিৰ তলত প্ৰায়চিত্তৰ ঢাকনিৰ ওপৰত তেওঁ ইস্ৰায়েলীসকলৰ সৈতে লগ হ’ব৷ এইদৰে লোকসকলৰ প্ৰতিনিধি হিচাপে একমাত্ৰ প্ৰধান পুৰোহিতকহে এই পদ্ধতিত যিহোৱাৰ সৈতে লগ হ’বলৈ অনুমতি প্ৰদান কৰিছিল৷
  • কেতিয়াবা এই প্ৰায়চিত্তৰ ঢাকনি খনে “ঈশ্বৰৰ সিংহাসন” খনকো নিৰ্দেশ কৰে, কাৰণ এইদৰে পাপী মানুহলৈ ঈশ্বৰৰ দয়া আহিবলৈ আৰম্ভ কৰিছিল৷

অনুবাদৰ উপদেশবোৰ:

  • আন পদ্ধতিৰে এই শব্দটো অনুবাদ কৰোতে “ঈশ্বৰৰ মুক্তি দিয়া প্ৰতিজ্ঞাৰ চন্দুকৰ আচ্ছাদন” বা “সেই ঠাই য’ৰ ঈশ্বৰে প্ৰায়চিত্ত কৰে” বা “চন্দুকৰ ঢাকনি য’ত ঈশ্বৰে ক্ষমা আৰু পুনৰুদ্ধাৰ কৰে” এই বুলিও অন্তৰ্ভুক্ত কৰিব পাৰি৷
  • ইয়াৰ অৰ্থ "বলিৰ ঠাই"ও হ’ব পাৰে৷
  • কেনেকৈ তুমি অনুবাদ কৰিবা "প্ৰায়চিত্ত," "বলি," আৰু "উদ্ধাৰ", ইয়াৰ লগত এই পৰিভাষাটো তুলনা কৰা৷

(পুনৰ চাওক: নিয়ম চন্দুক, প্ৰায়চিত্ত, কৰূব, বলি, উদ্ধাৰ কৰা)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3727, G2435