as_tw/bible/other/cherubim.md

4.4 KiB

কৰূব, কৰূবিম, কৰূববোৰ

সংজ্ঞা:

“কৰূব” আৰু ইয়াৰ বহুবচন ৰূপ “কৰূবিম” শব্দটোৱে বিশেষভাবে ঈশ্বৰে সৃষ্টি কৰা স্বৰ্গীয় দূতক নিৰ্দেশ কৰে৷ বাইবেলে বাখ্যা কৰে যে কৰূবোৰৰ ডেউকা আৰু পাখী আছে৷

  • কৰূবোৰে ঈশ্বৰৰ শক্তি আৰু মহিমাক প্ৰকাশ কৰে আৰু প্ৰতীয়মান হয় যে ই পবিত্ৰ বস্তুৰ তত্বাৱধায়ক৷
  • পাছত আদম আৰু হাৱাই পাপ কৰাত ঈশ্বৰে তেওঁলোকৰ ঠাইত এদেন বাগিচাত স্বৰ্গদূতৰ সৈতে এখন জ্বলন্ত তৰোৱাল থ’লে যাতে মানুহে বেছি দিন জীয়াই থাকিবৰ বাবে জীৱন বৃক্ষৰ ওচৰলৈ যাব নোৱাৰে৷
  • ঈশ্বৰে ইস্ৰায়েলীসকলক ইটোৱে সিটোৰ মুখামুখিকৈ থকা দুটা কৰূব অংকিত কৰিবলৈ আজ্ঞা দিছিল, লগতে কৰূবৰ পাখি নিয়ম চন্দুকৰ প্ৰায়চিত্তৰ ঢাকনিক ঢাকি ধৰাকৈ লগ লাগি থাকিব৷
  • তেওঁ পুনৰ তেওঁলোকক কৈছিল যে যজ্ঞবেদিৰ আবৰণি বস্ত্ৰত কৰূবৰ প্ৰতীকবোৰ অংকিত কৰা থাকিব৷
  • কিছুমান ৰচনাংশত প্ৰাণীবোৰৰ চাৰিখন মুখ আছে বুলি বাখ্যা কৰা আছে: এইবোৰ এখন মানুহৰ, এখন সিংহৰ, এখন ষাড় গৰুৰ, আৰু এখন ঈগলৰ৷
  • কৰূববোৰক কেতিয়াবা স্বৰ্গদূত বুলি ভবা হয়, কিন্তু বাইবেলে এই সম্পৰ্কত স্পষ্টকৈ কোনো বিষয় কোৱা নাই৷

অনুবাদ উপদেশবোৰ:

  • “কৰূবিম” শব্দটো অনুবাদ কৰোতে “ডেউকা থকা প্ৰাণী” বা “পাখীৰ সৈতে তত্বাৱধায়ক” বা “পাখীযুক্ত আত্মিক তত্বাৱধায়ক” বা “পবিত্ৰ, পাখীযুক্ত প্ৰতিপালক” বুলিও কৰা হয়৷
  • “কৰূব” শব্দটো অনুবাদ কৰোতে একক সংখ্যাৰ কৰূবিম বুলি কোৱা হয়, উদাহৰণ স্বৰূপে “ডেউকা থকা প্ৰাণী” বা “পাখীৰ সৈতে তত্বাৱধায়ক” বা “পাখীযুক্ত আত্মিক তত্বাৱধায়ক”৷
  • এয়া নিশ্চিত যে এই শব্দটোৰ অনুবাদ বিভিন্ন ৰূপত “স্বৰ্গদূত” শব্দৰ বেলেগ বেলেগ অনুবাদ ৰূপ হ’ব পাৰে৷
  • আনহাতে এই শব্দটোৰ অনুবাদ কৰোতে বা ইয়াৰ বাইবেল অনুবাদত লিখা স্থানীয় বা ৰাষ্ট্ৰীয় ভাষাত এৰা-ধৰাও আছে৷ .

(চাওক: কেনেকৈ নজনাবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: স্বৰ্গদূত)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3742, G5502