as_tw/bible/kt/atonement.md

3.5 KiB

প্ৰায়চিত্ত, ক্ষতিপুৰণ, প্ৰায়চিত্ত কৰা, প্ৰতিবিধান কৰা

সংজ্ঞা:

“প্ৰায়চিত্ত” আৰু “ক্ষতিপুৰণ” শব্দটোৱে লোকসকলৰ পাপৰ মূল্য আৰু পাপৰ বাবে হোৱা তেওঁৰ ক্ৰোধ প্ৰসমিত কৰিবলৈ কেনেকৈ ঈশ্বৰক বলিদান উৎসৰ্গ কৰা হয়, ইয়াকে নিৰ্দেশ কৰে৷

  • পুৰণি নিয়মৰ সময়ত, জন্তু বধত জড়িত কৰাই ইয়াৰ বলিদানৰ তেজ উৎসৰ্গা কৰাৰ দ্বাৰাই ইস্ৰায়েলীসকলে কৰা পাপৰ প্ৰায়চিত্তৰ বাবে এটা অস্থায়ী ব্যৱস্থাক ঈশ্বৰে অনুমতি দিছিল৷
  • নতুন নিয়মত লিপিবদ্ধ আছে যে, ক্ৰুচৰ ওপৰত হোৱা খ্ৰীষ্টৰ মৃত্যু পাপৰ একমাত্ৰ সত্য আৰু স্থায়ী প্ৰায়চিত্ত হয়৷
  • যেতিয়া যীচু মৰিছিল, তেতিয়া তেওঁ লোকসকলে পাপৰ কাৰণে পাবলগীয়া শাস্তি লৈছিল৷ তেওঁৰ ত্যাগপূৰ্ণ মৃত্যুৰ সৈতে তেওঁ প্ৰায়চিত্তৰ মূল্য ভৰিছিল৷

অনুবাদৰ উপদেশবোৰ:

  • “ক্ষতিপুৰণ” শব্দটো অনুবাদ কৰোতে এই শব্দ বা বাক্যাংশৰ দ্বাৰাও বুজাব পাৰি যেনে, “মূল্য দিয়া” বা “পাৰিশ্ৰমিক প্ৰদান কৰা” বা “কোনো এজনৰ পাপৰ হেতু ক্ষমা কৰা” বা “অপৰাধৰ প্ৰতিকাৰ কৰা”৷
  • “প্ৰায়চিত্ত” শব্দটোৰ অনুবাদ পদ্ধতিত “মূল্য আদায় দিয়া” বা “পাপৰ মূল্যৰ বাবে বলিদান কৰা” বা “ক্ষমাৰ অৰ্থ প্ৰদান কৰা” বুলিও অনুবাদ কৰিব পাৰি৷
  • নিশ্চিত যে এই প্ৰসংগৰ অনুবাদে ধন আদায় দিয়া বিষয়ক নিৰ্দেশ নকৰে৷

(পুনৰ চাওক: প্ৰায়চিত্তৰ ঢাকনি, ক্ষমা, বলি, মিলন সাধন, উদ্ধাৰ কৰা)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3722, H3725, G2643