as_tw/bible/kt/adultery.md

5.7 KiB

ব্যভিচাৰ, ব্যভিচাৰী, ব্যভিচাৰী পুৰুষ, ব্যভিচাৰিণী, ব্যভিচাৰী পুৰুষবোৰ, ব্যভিচাৰিণীবোৰ

সংজ্ঞা:

“ব্যভিচাৰ” শব্দটো উল্লেখ কৰা হয়, যেতিয়া কোনো এজন বিবাহিত ব্যক্তিয়ে তেওঁৰ পতি বা পত্নী নোহোৱা কোনো লোকৰ সৈতে যৌন সম্পৰ্ক কৰি পাপ কৰে৷ ব্যভিচাৰৰ দোষ দুয়োজনৰ মাজতে হয়৷ “ব্যভিচাৰী” শব্দটোৱে এনে ব্যৱহাৰৰ বা কোনো পাপ কৰা ব্যক্তিক নিৰ্দেশ কৰে৷

  • “ব্যভিচাৰী” শব্দটোৱে সাধাৰণতে কোনো ব্যক্তিয়ে ব্যভিচাৰ সংঘটিত কৰাটোকে নিৰ্দেশ কৰে৷
  • কেতিয়াবা “ব্যভিচাৰিণী শব্দটো কোনো মহিলাই ব্যভিচাৰ সংঘটিত কৰাৰ বিষয়ত ব্যৱহাৰ হয়৷
  • ব্যভিচাৰে বিবাহৰ সময়ত স্বামী আৰু ভাৰ্যাই ইজনে সিজনৰ লগত কৰা প্ৰতিজ্ঞাবোৰ ভংগ কৰে৷
  • ঈশ্বৰে ইস্ৰায়েলীসকলক ব্যভিচাৰ নকৰিবা বুলি আজ্ঞা দিছিল৷
  • “ব্যভিচাৰী” শব্দটো প্ৰায়ে ৰূপক অৰ্থত ব্যৱহাৰ হয়, ই ঈশ্বৰলৈ অবিশ্বাসী হোৱা ইস্ৰায়েলী লোকসকলক, বিশেষকৈ তেওঁলোকে যেতিয়া মিছা দেৱতাবোৰৰ উপসনা কৰা অৰ্থত ব্যৱহাৰ হয়৷

অনুবাদ উপদেশবোৰ

  • যদি নিৰ্দেশিত ভাষাত “ব্যভিচাৰ” শব্দৰ অৰ্থ বুজাবলৈ কোনো শব্দ নাই, তেনেহলে এই প্ৰসংগটোৰ অনুবাদৰ সৈতে, “পত্নী নোহোৱা কোনো এজনৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰা” বা “কোনো ব্যক্তিৰ পতি বা পত্নীৰ সৈতে অন্তৰংগ হোৱা” বুলিও অন্তৰ্ভুক্ত কৰিব পাৰি৷
  • ব্যভিচাৰৰ বিষয়ে কওতে কিছুমান ভাষাত পৰোক্ষ পথ লোৱা হয়, যেনে “পতি বা পত্নী নোহোৱা কোনো জনৰ সৈতে শয়ন কৰা” বা “কোনো এজনৰ পত্নীৰ সৈতে অবিশ্বাসী হোৱা”৷ (চাওক: শ্ৰুতিকটু পদৰ পৰিবৰ্তে
  • যেতিয়া “ব্যভিচাৰী” শব্দটো ৰূপক অৰ্থত ব্যৱহাৰ হয়, তেতিয়া ই আক্ষৰিক অৰ্থত অনুবাদ কৰিবলৈ ভাল, যিয়ে ঈশ্বৰৰ নিৰ্দেশৰ লগত সংযোগ নাৰাখি তেওঁৰ লোকসকলে অবাধ্য হোৱাক অবিশ্বাসী পতি-পত্নীৰ লগত তুলনা কৰে৷ যদি এইটোৱে নিৰ্দিষ্ট ভাষাটোক স্পষ্টৰূপে যোগাযোগ নকৰে, তেনেহলে “ব্যভিচাৰী”ৰ আলংকাৰিক শব্দ অনুবাদ কৰোতে ব্যবহাৰ কৰিব পাৰি, যেনে “অবিশ্বাসী” বা “অসৎ” বা “অবিশ্বাসী দম্পতীৰ নিচিনা”।

(চাওহক: অংগীকাৰ কৰা, নিয়ম, যৌন ব্যভিচাৰ, শুৱা, বিশ্বাসযোগ্য)

বাইবেল প্ৰসংগবোৰ:

বাইবেলৰ কাহিনীৰ পৰা উদাহৰণ:

  • 13:06 "অংগীকাৰ নকৰিবা ব্যভিচাৰৰ."
  • 28:02 অংগীকাৰ নকৰিবা ব্যভিচাৰৰ.
  • 34:07 "ধাৰ্মিক নেতা জনে এনেদৰে প্ৰাৰ্থনা কৰিছিল, ‘ধন্যবাদ ঈশ্বৰ, মই আন দকাইত, অন্যায়কাৰী সকলৰ নিচিনা পাপী নহয়, ব্যভিচাৰী, বা এই কৰতোলা জনৰ নিচিনাও’।”

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5003, H5004, G3428, G3429, G3430, G3431, G3432