as_ta/translate/translate-wforw/01.md

9.3 KiB

সংজ্ঞা

শব্দৰ বাবে শব্দক বিকল্প প্ৰতিষ্ঠাপন কৰাটো আটাইতকৈ প্ৰাকৃতিক ৰূপৰ অনুবাদ। ভাল অনুবাদ কৰিবৰ বাবে ই ভাল বিকল্প নহয়। শব্দৰ বাবে শব্দক বিকল্প প্ৰতিষ্ঠাপন কৰা অনুবাদে উৎস ভাষাত থকা শব্দবিলাক লক্ষ্য ভাষাৰ শব্দৰ লগত বিকল্প প্ৰতিষ্ঠাপন কৰে।

শব্দৰ বাবে শব্দক বিকল্প প্ৰতিষ্ঠাপন কৰা অনুবাদবিলাকত

  • এবাৰত এটা শব্দৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
  • লক্ষ্য ভাষাৰ প্ৰাকৃতিক বাক্যৰ গাঠনি, বাক্যাংশৰ গাঠনি আৰু পদবিলাকৰ ওপৰত মন দিয়া নহয়।
  • শব্দৰ বাবে শব্দক অনুবাদ কৰা প্ৰক্ৰিয়াটো বহুত সহজ।
  • উৎস পাঠত থকা প্ৰথম শব্দটো এটা সমান্তৰাল শব্দলৈ অনুবাদ কৰা হয়।
  • তাৰপাচত তাৰ পাচত শব্দটো কৰা হয়। এইটো চন্দটো অনুবাদ হোৱালৈকে চলি থাকে।
  • শব্দৰ বাবে শব্দক থকা এই দৃষ্টিকোনটো আকষৰ্নীয় কিয়নো ই বহুত সহজ। তথাপিও, ই বহুত নিম্নমানৰ অনুবাদ ফলাফল হিচাপে দিয়ে।

শব্দৰ বাবে শব্দক বিকল্প প্ৰতিষ্ঠাপন কৰা ফলত এনেকুৱা অনুবাদ সৃষ্টি হয় যিবিলাক পঢ়িবলৈ অলপ খোকোজা লাগে। ইহঁতবিলক প্ৰায়েই কিংকৰ্তব্যবিমূঢ় কৰে আৰু ভূল অৰ্থ দিয়াৰ লগতে কেতিয়াবা কোনো অৰ্থও প্ৰকাশ নকৰে। ইয়াতে কেইটামান উদাহৰণ দিয়া আছে:

শব্দৰ ক্ৰম

য়ুলটিত থকা লুক 3:16ৰ পৰা লোৱা এটা উদাহৰণ তলত দিয়া আছে:

জনে সকলোকে এইটো কৈ উত্তৰ দিলে, “মোৰ ক্ষেত্ৰত, মই তোমালোকক পানীৰে বাপ্তাইজ কৰিছোঁ, কিন্তু মোতকৈ আৰি শক্তিশালী কোনোবা আহি আছে, আৰু মই তেওঁৰ ভৰিৰ চেণ্ডেলৰ ফিটা খুলিবৰ বাবেও যোগ্য নহয়। তেওঁ তোমালোকক পৱিত্ৰ আত্মা আৰু জুইৰে বাপ্তাইজ কৰিব।“

এই অনুবাদটো স্পষ্ট আৰু বুজিবলৈ সহজ, কিন্তু ধৰি লওক যদি অনুবাদকজনে শব্দৰ বাবে শব্দ প্ৰক্ৰিয়াটো হাতত ল’লেহেঁতেন। তেতিয়া অনুবদটো কেনেকুৱা হ’লহেতেন?

ইয়াত, ইংৰাজীত অনুবাদ কৰা, আচৰ গ্ৰীকত থকা ক্ৰমৰ মতে অনুবাদ কৰা হৈছে।

যোহনে সকলোকে উত্তৰ দিলে মই পানীহে বেপ্তাইজ কৰিছো, কিন্তু মোৰ পিচত যিজন আহিছে তেওঁ মোতকৈ ডাঙৰ যাৰ মই চেণ্ডেলৰ ফিটা খুলিবলৈ যোগ্য নহওঁ, তেওঁ তোমালোকক আত্মা পৱিত্ৰ আৰু জুইৰে বেপ্তাইজ কৰিব

এই অনুবাদটো খোকোজা লগা আৰু ইংৰজীত ইয়াৰ কোনো অৰ্থ নাই।

ওপৰত দিয়া য়ুএলটি অনুবাদটো পুনৰ এবাৰ চাওক। ইংৰাজিৰ য়ুএলটিৰ অনুবাদকসকলে আচৰ গ্ৰীকৰ শব্দৰ ক্ৰমটো ৰখা নাছিল। তেওঁলোকে ইংৰাজী ব্যআৰনৰ লগত খাপ খাবলৈ বাক্যটোৰ শব্দবোৰ ইফাল-সিফাল কৰিলে। তেওঁলোকে কিছুমান বাক্যাংশও সলালে। উদাহৰণস্বৰূপে, ইংৰাজী য়ুএলটিয়ে “যোহনে উত্তৰ দি সকলোকে ক’লে” বুলি কোৱাৰ বিপৰীতে “যোহনে সকলোকে এইটো কৈ উত্তৰ দিলে" কৈছে। পাঠখিনি প্ৰাকৃতিক লাগিবৰ বাবে আৰু আচল অৰ্থটো প্ৰকাশ কৰিবৰ বাবে বিভিন্ন শব্দ বিভিন্ন ঠাইত ব্যৱহাৰ কৰা হৈছে।

অনুবাদটোৱে গ্ৰীক শব্দৰ দৰে আচল অৰ্থ প্ৰকাশ কৰিব লাগিব। এই উদাহৰণটোত শব্দৰ বাবে শব্দক কৰা অনুবাদটোতকৈ য়ুএলটি অনুবাদটো যঠেষ্টখিনি ভাল ইংৰাজী অনুবাদ।

শব্দ অৰ্থৰ পৰিসৰ

ইয়াৰ লয়তে, শব্দৰ বাবে শব্দক কৰা অনুবাদত এইটো কথা মনত নাহে যে সকলো ভষাবিলাকত অৰ্থৰ এটা পৰিসৰ থাকে, যিকোনো এটা অনুচ্ছেদত, লেখকজনৰ মনত ইয়াৰে এটা অৰ্থহে আছিল। অন্য এটা অনুচ্ছেদ লিখোঁতে, তেওঁৰ মনত অন্য এতা অৰ্থ থাকিব পাৰে। কিন্তু শব্দৰ বাবে শব্দক কৰা অনুবাদত, সাদাৰণতে এটা অৰ্থ নিৰ্বাচন কৰি গিটেই অনুবাদটোত ব্যৱহাৰ কৰা হয়।

উদাহৰণস্বৰূপে, গ্ৰীক শব্দ "এগ্গেলোচ" মানে এজন দূত অথবা এজন স্বৰ্গদূতক ৰিজাব পাৰে।

"এইটো লিখাজনৰ নিজৰ বিষয়ে, 'চোৱা, তোমালোকে সন্মুখীন কৰাৰ আগতে মই মোৰ দূত পঠাইছোঁ, যিজনে তোমালোকৰ পথ তোমালোকৰে আগতে নিৰ্মাণ কৰিব।' (লুক 7:27)

ইয়াত “এগ্গেলোচে” এজন দূতক বুজাইছে। যীচুৱে বাপ্তিষ্মদাতা যোহনৰ কথা কৈছিল।

স্বৰ্গদূতসকল তেওঁলোকৰ পৰা আঁতৰি স্বৰ্গ পালেগৈ (লুক2:15)

ইয়াত “এগ্গেলোচ” শব্দটোৱে স্বৰ্গত থকা দেৱদূতসকলক বুজাইছে।

শব্দৰ বাবে শব্দক কৰা অনুবাদত দুয়োটা চন্দতে একেটা শব্দ ব্যৱহাৰ জোৰ হ’ব পাৰে, যদিও ই দুটা পৃথক প্ৰকাৰৰ জীৱক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই পঢ়ুৱৈসকলক দোধোৰ-মোধোৰত পেলাব পাৰে।

পদ

অৱশেষত, শব্দৰ বাবে শব্দক কৰ অনুবাদত পদবিলাক শুদ্ধকৈ প্ৰতিফলিত নহয়। পদবিলাকৰ অৰ্থ নিজত থকা শব্দৰ অৰ্থতকৈ বহুত বেলেগ হয়। যেতিয়া এইবিলাকক শব্দৰ বাবে শব্দক প্ৰণালী ব্যৱহাৰ কৰি অনুবাদ কৰা হয়, তেতিয়া সেই অৰ্থটো হেৰাই যায়। যদিও সেইবিলাক লক্ষ্য ভাষাৰ শব্দৰ ক্ৰমৰ মতে অনুবাদ কৰা হয়, পঢ়ুৱৈসকলে অৰ্থটো বুজি নাপাব। সেইবিলাক শুদ্ধকৈ অনুবাদ কৰিবলৈ শিকিবৰ বাবে পদ পৃষ্ঠাটো চাওক।