as_ta/translate/translate-hebrewmonths/01.md

13 KiB

বিৱৰণ

বাইবেলত ব্যৱহাৰ কৰা ইৱ্ৰী কেলেণ্ডাৰ খনৰ বাৰতা মাহ আছে। পশ্চিমিয়া কেলেণ্ডাৰৰ বিপৰীতে ইয়াৰ প্ৰথম মাহটো উত্তৰ মেৰুত বসন্ত হ’লে আৰম্ভ হয়। কেতিয়াবা এটা মাহক তাৰ নামেৰে জনা যায় (আবিব। জিভ, চিভান) আৰু কেতিয়াবা ইৱ্ৰী কেলেণ্ডাৰৰ তাৰ ক্ৰম মতে (প্ৰথম মাহ। দ্বিতীয় মাহ, তৃতীয় মাহ)।

এইটো এতা অনুবাদৰ সমস্যা হোৱাৰ কাৰণ

  • পঢ়ুৱৈসকলে কেতিয়াও নুশুনা মাহবিলাকৰ বিসয়ে শুনি আচৰিত হ’ব পাৰে, আৰু ভাবিব পাৰে যে এই মাহকেইটা তেওঁলোকে ব্যৱহাৰ কৰা মাহকেইটাৰ লগত কিদৰে মিলে।
  • পঢ়ুৱৈসকলে “প্ৰথম মাহ” অথবা “দ্বিতীয় মাহ”ৰ দৰে শব্দবিলাকে যে ইৱ্ৰী কেলেণদাৰখনৰ মাহকেইটা বুজায়, অন্য কোনো কেলেণ্ডাৰৰ মাহক নুবুজায় সেইটো নুবুজিবও পাৰে।
  • পঢ়োৱৈসকলে এইটো নাজানিব পাৰে যে ইৱ্ৰী কেলেণ্ডাৰৰ প্ৰথ মাহ কেতিয়া আৰম্ভ হয়।
  • শাস্ত্ৰই কোনো এটা মাহত হোৱা কিবা এটাৰ বিষয়ে ক’ব পাৰে, কিন্তু যদি পঢ়ুৱৈসকলে সেইটো বছৰৰ কোনও ঋতু চলি আছে সেইটো নাজানিলে সম্পূৰ্ণৰুপে নুবুজিবওপাৰে।

ইৱ্ৰী মাহৰ তালিকা

এইটো ইৱ্ৰী মাহৰ তথ্য থকা তালিকা যিখিনি অনুবাদত সহায় হ’ব পাৰে।

আবিব - (বেবিলনিয়ান বনবাসৰ নামতে এই মাহটোৰ নিচান বুলি থোৱা হৈছে।) ইৱ্ৰী কেলেণ্ডাৰৰ এইটো প্ৰথম মাহ। এই মাহটোৱে ঈশ্বৰে ইস্ৰায়েলৰ মানুহখিনি ইচৰ দেশৰ পৰা উলিয়াই অনাটো পালন কৰে। ই বসন্তৰ আৰম্ভণি যেতিয়া বৰষুণ দেৰিকৈ আহে আৰু মানুহে খেতি চপায়। পশ্চিমীয়া কেলেণ্ডাৰত ই মাৰ্চ মাহৰ শেষৰফাল আৰু এপ্ৰিল মাহত আৰম্ভণিক বুজায়। আবিব 10ত নিস্তাৰ পৰ্ব উৎসৱ পালন কৰা হয়, খেজুৰ পৰ্ব উৎসৱটো ঠিক ইয়াৰ পাচতে, আৰু খেতি চপোৱা উৎসৱ তাৰ কেইবছৰমানৰ পাচতে পালন কৰা হয়।

জিভ - এইটো ইৱ্ৰী কেলেণ্ডাৰৰ দ্বিতীয় মাহ। এইটো খেই চপোৱাৰ সময়। পশ্চিমীয়া কেলেণ্ডাৰবিলাকত ই এপ্ৰিল মাহৰ শেষ ভাগ আৰু মাৰ্চ মাহৰ প্ৰথম ভাগ।

চিভান - ই ইৱ্ৰী কেলেণ্ডাৰৰ তৃতীয় মাহ । খেতি চপোৱাৰ শেষ হয় আৰু খৰাং বতৰ আহি পৰে। পশ্চিমীয়া কেলেণ্ডাৰত ই মে মাহৰ শেষ ভাগ আৰু জুনৰ প্ৰথম মাহত পৰে। ফিষ্ট অৱ ৱিক্স চিভান 6ত পালন কৰা হয়।

তাম্মুজ - এইটো ইৱ্ৰী কেলেণদাৰৰ চতুৰ্থ মাহ। এইটো সময়ত খৰাং হয়। পশ্চিমীয়া কেলেণ্ডাৰত ই জুনৰ শেষ ভাগ আৰু জুলাই মাহত প্ৰথম ভাগত পৰে।

অব - ই ইৱ্ৰী কেলেণ্ডাৰৰ পঞ্চম মাহ। ই খৰাং বতৰৰ সময়ত হয়। পশ্চিমীয়া কেলেণ্ডাৰবিলাকত ই জুলাইৰ শেষ ভাগ আৰু আগষ্টৰ প্ৰথম ভাগত পৰে।

এলুল - এইটো ইৱ্ৰী কেলেণ্ডাৰৰ ষষ্ঠ মাহ। এইটো সময়ত খৰাং বতৰ শেষ হয় আৰু বৰষুণৰ বতৰ আৰম্ভ হয়। পশ্চিমীয়া কেলেণ্ডাৰবিলাকত ই আগষ্ট মাহৰ শেষ ভাগ আৰু চেপ্তেম্বৰ মাহ্ৰ প্ৰথম ভাগত পৰে।

ইথানিম - ই ইৱ্ৰী মাহৰ সপ্তম মাহটো। ই বৰষুণৰ বতৰৰ আৰম্ভণিত হয় যিটোৱে মাটিখিনি খেতিৰ বাবে কোমল কৰি পেলায়। পশ্চিমীয়া কেলেণ্ডাৰত ই চেপ্তেম্বৰৰ শেষ ভাগ আৰু অক্টোবৰৰ প্ৰথম ভাগত পৰে। ফিষ্ট অৱ গেদাৰিং আৰু ডে অৱ এণ্টোনমেণ্ট এইটো মাহত পালন কৰা হয়।

বুল - এইটো ইৱ্ৰী কেলেণ্ডাৰৰ অষ্টম মাহ। এইটো সময়ত বৰষুণৰ বতৰ চলি থাকে যেতিয়া মানুহবিলাকে নিজৰ পথাৰবিলাক হাল বাই তাত বীজ ৰোপন কৰে, পশ্চিমীয়া কেলেণ্ডাৰত ই অক্টোবৰৰ শেষ ভাগ আৰু নবেম্বৰ মাহৰ প্ৰথম ভাগত পৰে।

কিশ্লেভ - এইটো ইৱ্ৰী কেলেণ্ডাৰৰ নৱম মাহটো। এই সময়ত বীজ ৰোপন কৰা বতৰ শেষ হয় আৰু ঠাণ্ডা বতৰ আৰম্ভ হয়। পশ্চিমীয়া কেলেণ্ডাৰত ই নবেম্বৰ মাহৰ শেষ ভাগ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগত পৰে।

তেবেথ - ই ইৱ্ৰী কেলেণ্ডাৰৰ দশম মাহটো। এই সময়ত ঠাণ্ডা বতৰ চলি থাকে আৰু বৰষুণ আৰু বৰফ পৰিৰ পাৰে। পশ্চিমীয়া কেলেণ্ডাৰত ই ডিচেম্বৰ মাহৰ শেষ ভাগ আৰু জানুৱাৰী মাহৰ প্ৰথম ভাগত পৰে।

ছেবত - এইটো ইৱ্ৰী কেলেণ্ডাৰৰ একাদশ মাহটো। ই বছৰাটোৰ আতাইতকৈ ঠাণ্ডা মাহ, আৰু বহুত বেছি বৰষুণ পৰিব পাৰে। পশ্চিমীয়া কেলেণ্ডাৰত ই জানুবাৰী মাহৰ শেষ ভাগ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত পৰে।

অদৰ - ই ইৱ্ৰী মাহৰ দ্বাদশ আৰু একেবাৰে শেসৰ মাহটো। এইটো সময়ত ঠাণদা বতৰ চলি থাকে। পশ্চিমীয়া কেলেণ্ডাৰত ই ফেব্ৰুৱাৰী মাহৰ শেষ ভাগ আৰু মাৰ্চ মাহৰ প্ৰথম ভাগত পৰে। অদৰৰ মাহতে পুৰিম নামৰ এটা ভোজ পালন কৰা হয়।

বাইবেলৰ পৰা উদাহৰণ

<খণ্ডউদ্ধিতি> তুমি আজিৰ দিনটোত ইজিপ্টৰ পৰা বাহিৰলৈ গৈ আছা, আবিবৰ মাহত। (যাত্ৰাপুস্তক 13:4 য়ুএলটি) </খণ্ডউদ্ধিতি >

মাহটোৰ আন্ধাৰ ৰাতিৰ তুমি চতুৰ্দশ দিনটোৰ পৰা একবিংশ দিনটোলৈকে এৰা নোযোৱা পিঠা খাব লাগে বছৰটোৰ ওৰথম মাহটোত। (যাত্ৰাপুস্তক 12:18 য়ুএলটি)

অনুবাদৰ কৌশল

আপুনি মাহবিলাকৰ বিষয়ে কিছুমান তথ্য স্পষ্টভাৱে উল্লেখ কৰিব লাগে। (কল্পিত জ্ঞান আৰু স্পষ্ট তথ্য চাওক)

  1. ইৱ্ৰী মাহটোৰ সংখ্যাটো কওক।
  2. মানুহে জনা মাহবিলাকৰ নাম ব্যৱহাৰ কৰক।
  3. মাহটি কোনটো ঋতুত হৈছিল স্পষ্টভাৱে উলেখ কৰক।
  4. মাহৰ বিপৰীতে ঋতু ব্যৱহাৰ কৰক। (যদি পাৰে, ইৱ্ৰী মাহটো আৰু দিনটি দেখুৱাবৰ বাবে এটা পাদটীকা ব্যৱহাৰ কৰক।)

ব্যৱহাৰ কৰা অনুবাদৰ কৌশলৰ উদাহৰণ

তলত দিয়া উদাহৰণকেইতাই এইকেইটা চন্দ ব্যৱহাৰ কৰে।

  • সেইটো সময়ত, তুমি আবিব মাহত মোৰ আগত ওলাবা, যিটো এইটো উদ্দেশ্যৰ বাবে ঠিক কৰা হৈছে। এইটো মাহতেই তুমি মীচৰ পৰা ওলাই আহিছিলা। (যাত্ৰাপুস্তক 23:15 য়ুএলটি)
  • তোমাৰ বাবে এইটো সদায় এইটো কানুন হ’ব যে সপ্তম মাহটোৰ, দশম দিনটোত, তুমি নিজকে নম্ৰভাৱে ৰাখিবা আৰু কোনো কাম কৰিব নোৱাৰিবা। (লেবিয়াপুস্তক 16:29 য়ুএলটি)
  1. ইৱ্ৰী মাহটোৰ সংখ্যাটো কওক।
  • সেইটো সময়ত, তুমি বছৰৰ প্ৰথম মাহটোত মোৰ আগত ওলাবা, যিটো এইটো উদ্দেশ্যৰ বাবে ঠিক কৰা হৈছে। এইটো মাহতেই তুমি মীচৰ পৰা ওলাই আহিছিলা।
  1. মানুহে জনা মাহবিলাকৰ নাম ব্যৱহাৰ কৰক।
  • সেইটো সময়ত, তুমি মাৰ্চৰ মাহত মোৰ আগত ওলাবা, যিটো এইটো উদ্দেশ্যৰ বাবে ঠিক কৰা হৈছে। এইটো মাহতেই তুমি মীচৰ পৰা ওলাই আহিছিলা।
  • তোমাৰ বাবে এইটো সদায় এইটো কানুন হ’ব যে মই চেপ্তেম্বৰ মাহৰ শেষৰ ফালে নিৰ্বাচন কৰা দিন এটাত তুমি নিজকে নম্ৰভাৱে ৰাখিবা আৰু কোনো কাম কৰিব নোৱাৰিবা।
  1. মাহটি কোনটো ঋতুত হৈছিল স্পষ্টভাৱে উলেখ কৰক।
  • তোমাৰ বাবে এইটো সদায় এইটো কানুন হ’ব যে হেমন্ত ঋতুত, সপ্তম মাহৰ দশম দিনটোত তুমি নিজকে নম্ৰভাৱে ৰাখিবা আৰু কোনো কাম কৰিব নোৱাৰিবা।
  1. মাহৰ বিপৰীতে ঋতু ব্যৱহাৰ কৰক।
  • তোমাৰ বাবে এইটো সদায় এইটো কানুন হ’ব যে হেমন্ত ঋতুৰ আগভাগত মই নিৰ্বাচন কৰা দিনটোত1 তুমি নিজকে নম্ৰভাৱে ৰাখিবা আৰু কোনো কাম কৰিব নোৱাৰিবা।
    • পাদটীকাটোৱে দেখাত এইধৰণৰ হ’ব:
  • [1]ইৱ্ৰীৰ মতে, "সপ্তম মাহটো, মাহটোৰ দশম দিনটোত।"