as_ta/translate/resources-words/01.md

9.4 KiB

অনুবাদ শব্দ

অনুবাদকৰ এইটো কৰ্তব্য যে তেওঁ নিজৰ যোগ্যতা অনুসৰি, এইটো নিশ্চিত কৰিবলৈ যে তেওঁ অনুবাদ কৰা প্ৰত্যেক বাইবেল বাক্যাংশৰ অৰ্থটো এইটোৱেই যে বাইবেল বাক্যাংশৰ লেখকজন সংবাদ কৰিবলৈ অভিপ্ৰেত। এই কৰিবলৈ, তেওঁ অনুবাদ শব্দৰ সম্পদ অন্তৰ্ভুক্ত কৰি বাইবেল পণ্ডিতসকলৰ দ্বাৰা প্ৰস্তুত কৰা অনুবাদ সহায় অধ্যয়ন কৰিব লাগিব।

অনুবাদ শব্দবোৰ ব্যৱহাৰ কৰিবলৈ, এই পদক্ষেপসমূহ অনুসৰণ কৰক:

  1. উৎস পাঠত থকা গুৰুত্বপূৰ্ণ শব্দবোৰ আৰু যিকোনো শব্দ চিনাক্ত কৰক যিবোৰ অস্পষ্ট বা বুজাত জটিল হয়।
  2. "অনুবাদ শব্দ" বুলি কোৱা শাখাত চাওক।
  3. আপুনি গুৰুত্বপূৰ্ণ বা জটিল হিচাপে চিনাক্ত কৰা শব্দবোৰ বিচাৰক আৰু প্ৰথমটোত ক্লিক কৰক।
  4. শব্দটোৰ বাবে অনুবাদ শব্দৰ প্ৰৱিষ্টি পঢ়ক।
  5. সংজ্ঞা পঢ়াৰ পিছত, আপুনি অনুবাদ শব্দত পঢ়া সংজ্ঞাৰ বিষয়ে বাবি বাইবেল বাক্যাংশ পুনঃ পঢ়ক।
  6. আপোনাৰ ভাষাত শব্দটো অনুবাদ কৰিবলৈ সম্ভাৱ্য উপায়সমূহৰ বিষয়ে ভাবক যিটো বাইবেলৰ প্ৰসঙ্গ আৰু সংজ্ঞাত মিলি যায়। এইটো আপোনাৰ ভাষাত শব্দবোৰ আৰু ব্যাকাংশ তুলনা কৰিবলৈ সহায়যোগ্য হ'ব পাৰে য'ত একে অৰ্থ আছে আৰু প্ৰতিটো চেষ্টা কৰক।
  7. আপুনি যিটো শ্ৰেষ্ঠ ভাবিছে সেইটো পছন্দ কৰক আৰু তলত লিখক।
  8. আপুনি চিনাক্ত কৰা অন্য অনুবাদ শব্দসমূহৰ বাবে ওপৰৰ পদক্ষেপসমূহ পুনৰাবৃত্তি কৰক।
  9. যেতিয়া আপুনি প্ৰতিটো অনুবাদ শব্দৰ বাবে এটা উন্নত অনুবাদৰ বিষয়ে বাবে, তেতিয়া গোটেই বাক্যাংশটো অনুবাদ কৰক।
  10. ইয়াক অন্যবিলাকত পঢ়ি আপোনাৰ অনুবাদ কৰা বাক্যাংশটো পৰীক্ষা কৰক। অৰ্থটো বুজি নোপোৱা স্থানত এটা বেলেগ শব্দ বা ব্যাকাংশলৈ পৰিৱৰ্তন কৰক।

আপুনি এটা অনুবাদ শব্দৰ বাবে এটা উন্নত অনুবাদ বিচাৰি পোৱাৰ পিছত, আপুনি অনুবাদৰ মাধ্যমেদি ইয়াক একেৰাহে ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি এটা স্থান বিচাৰি পায় য'ত অনুবাদটো ফিট নহয়, তেন্তে প্ৰক্ৰিয়াটোৰ মাধ্যমেদি পুনঃ ভাবক। এইটো একে অৰ্থৰ সৈতে এটা শব্দ হ'ব পাৰে যিটো নতুন প্ৰসঙ্গত ভালদৰে মিলিব। আপুনি প্ৰতিটো অনুবাদ শব্দ অনুবাদ কৰিবলৈ ব্যৱহাৰ কৰা শব্দটো বা শব্দসমূহ ৰাখক আৰু অনুবাদ দলত প্ৰতিজনৰ বাবে এই তথ্য উপলব্ধ ৰাখক। ই সিহঁতে ব্যৱহাৰ কৰিব লগা শব্দবোৰৰ বিষয়ে জানিবলৈ অনুবাদ দলত থকা প্ৰতিজনক সহায় কৰিব।

অজ্ঞাত ধাৰণাসমূহ

কেতিয়াবা এটা অনুবাদ শব্দই এটা বস্তু বা প্ৰথা উল্লেখ কৰে যিটো লক্ষ্য ভাষাত অজ্ঞাত হয়। সম্ভাৱ্য সমাধানসমূহ এটা বৰ্ণনামূলক ব্যাকাংশ, একেধৰণৰ কিবা বিকল্প ব্যৱহাৰ, অন্য ভাষাৰ পৰা এটা বিদেশী শব্দ ব্যৱহাৰ, এটা অধিক সাধাৰণ শব্দ বা অধিক নিৰ্দিষ্ট শব্দ ব্যৱহাৰ কৰিবৰ বাবে হয়। অধিক তথ্যৰ বাবে অজ্ঞাতসমূহ অনুবাদ কৰকত পাঠটো চাওক।

এক প্ৰকাৰৰ 'অজ্ঞাত ধাৰণা' হৈছে শব্দ যিয়ে যিহুদী আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰথা আৰু বিশ্বাস উল্লেক কৰে। কিছু স্বাভাৱিক অজ্ঞাত ধাৰণা হৈছে:

স্থানসমূহৰ নাম যেনে:

  • মন্দিৰ (এটা অট্টালিকা য'ত ইস্ৰায়েলীসকলে ঈশ্বৰৰ আগত নিজকে উৎসৰ্গ কৰিছিল)
  • চাইনাগগো (এটা অট্টালিকা য'ত যিহুদী ব্যক্তিসকলে ঈশ্বৰক পূজা কৰিবলৈ একত্ৰিত হৈছিল)
  • উৎসৰ্গা বেদী (এটা উখ সংৰচনা য'ত ঈশ্বৰলৈ বলিদান উপহাৰ বা অৰ্পন কৰা হিচাপে জ্বলোৱা হৈছিল।)

এনেকুৱা ব্যক্তিৰ শীৰ্ষক যিটো এটা অফিচত থাকে যেনে:

  • পূজাৰী (এনেকুৱা এজন ব্যক্তি যাক নিজৰ লোকসকলৰ পক্ষে ঈশ্বৰক বলিদান দিবলৈ বাছনি কৰা হয়)
  • ফৰাচী (যীচুৰ সময়ত ইস্ৰায়েলৰ ধৰ্মীয় দলপতিৰ গুৰুত্বপূৰ্ণ দল)
  • ভাৱবাদী (সেইজন ব্যক্তি যিজনে ঈশ্বৰৰ পৰা পোনপটীয়াকৈ অহা বাৰ্তা সমুহ দিয়ে)
  • মানুহৰ পুত্ৰ
  • ঈশ্বৰৰ পুত্ৰ
  • ৰজা (আত্মনিৰ্ভৰশীল চহৰ, ৰাজ্য বা দেশৰ শাসক)।

বাইবেল সন্মত ধাৰণা ছাবি যেনে:

  • ক্ষমা(সেই ব্যক্তিজনক বিৰক্ত নকৰা আৰু বেদনাদায়কৰ দৰে একে নকৰাকৈ তেওঁৰ ওপৰত খং নকৰা)
  • মুক্তি (ৰক্ষা কৰা হৈছে বা দুষ্ট, শত্ৰু বা বিপদৰ পৰা বচোৱা)
  • উদ্ধাৰ (পূৰ্বেতে গৰাকী থকা কিবা বস্তুক পুনঃ ঘূৰাই আনিবলৈ বা ধৰি থকাটোক পুনঃ আনিবলৈ)
  • দয়া (যিজন ব্যক্তিৰ প্ৰয়োজন হৈছে তেওঁক সহায় কৰা)
  • অনুগ্ৰহ (সহায় বা সম্বন্ধ সেই জন ব্যক্তিক দিয়া হয় যিজনে ইয়াক অৰ্জন কৰা নাছিল)

(মন কৰক যে এই সকলোবোৰ বিশেষ্য হয়, কিন্তু সিহঁতে ঘটনাসমূহ প্ৰতিনিধিত্ব কৰে, সেইবাবে সিহঁতে ক্ৰিয়া (কাৰ্য) বাক্যাংশসমূহৰ দ্বাৰা অনুবাদ কৰিব লগা হ'বও পাৰে।)

আপুনি সেইবিলাকক অনুবাদ কৰিবলৈ শ্ৰেষ্ঠ উপায়টো আৱিষ্কাৰ কৰিবলৈ আপোনাৰ মণ্ডলী বা গাওঁৰ পৰা অনুবাদ দলৰ অন্য সদস্য বা ব্যক্তিসকলৰ সৈতে এই অনুবাদ শব্দসমূহৰ বিষয়ে আলোচনা কৰিব লাগিব পাৰে।