as_ta/translate/biblicalimageryta/01.md

6.3 KiB
Raw Permalink Blame History

বৰ্ণনা

ছবি হ’ল এনে এটা ভাষা য’ত এটা চিত্ৰক অন্য এটা ধাৰণাৰ লগত যোৰা দিয়া হয় যাতে চিত্ৰটোৱে ধাৰণাটো প্ৰতিনিধিত্ব কৰে। ইয়াত আছে, ৰূপক, উপমা, পৰিভাষা আৰু সাংস্কৃতিক নমুনা। এটা ভাষাত এইবস্তুবোৰৰ অধিক সংখ্যক চিত্ৰ আৰু ধাৰণাৰ মাজত যোৰা লগোৱাৰ বৃহ্ত আৰ্হি, কিন্তু কিছুমান নহয়। বাইবেলৰ ছবিৰ ওপৰত এই পৃষ্ঠাসমূহে বাইবলত থকা ছবিৰ আৰ্হিৰ বিষয়ে ক’ব।

বাইবেলত থকা যোৰা লগোৱাৰ আৰ্হিসমূহ প্ৰায়ে হিব্ৰু আৰু গ্ৰ্ৰীক ভাষাত অনন্য। এই আৰ্হিসমূহক চিনি পোৱাটো প্ৰয়োজনীয় কাৰণ সেইবোৰ অনুবাদকক একেই সমস্যাৰে বাৰে বাৰে দেখা দিয়ে যে সেইবোৰক কিদৰে অনুবাদ কৰিব। অনুবাদকে যদি এবাৰ ভালদৰে ভাবি লয় যে এই অনুবাদৰ প্ৰত্যাহ্বানবোৰক কি দৰে পৰিচালনা কৰিব, তেওঁলোকে য’তেই সেই একেই আৰ্হি দেখা পায় সেইবোৰৰ সন্মূখীন হবলৈ সাজু হৈ পৰে।

ৰূপক আৰু উপমাৰ মাজত সাদৃশ্য

এটা ৰূপক সংঘটিত হয় যেতিয়া কোনোবাই এটা বস্তুৰ কথা এনেদৰে কয় যেন ই এটা বেলেগ বস্তু। বক্তাই প্ৰথম বস্তুটোক কাৰ্য্যকৰিভাৱে বৰ্ণনা কৰিবৰ বাবে এনে কৰে। উদাহৰণস্বৰূপে, “মোৰ প্ৰেম হ’ল এপাহ ৰঙা, ৰঙা গোলাপ, ” বক্তাজনে তেওঁ প্ৰেম কৰা মহিলাগৰাকীক ধুনীয়া আৰু কোমল বুলি বৰ্ণনা কৰিছে, যেন তেওঁ এপাহ ফুলহে।

এটা উপমাহ’ল ৰূপকৰ দৰেই, কেৱল ই “যেন” বা “দৰে” শব্দৰ প্ৰয়োগ কৰে যাতে দৰ্শকক ইংগিত দিব পাৰে যে ই বক্তব্যৰ এটা ৰূপ হয়। ওপৰৰ চিত্ৰ ব্যৱহাৰ কৰা এটা উপমাই এনেদৰে কব যে, “মোৰ প্ৰেম যেন এপাহ ৰঙা, ৰঙা গোলাপ।”

"ৰূপক আৰু উপমাৰ ধাৰণাসমূহৰ মাজৰ যোৰাৰ সদৃশ আৰ্হি প্ৰদৰ্শন কৰা পৃষ্ঠাসমূহৰ লিংকৰ বাবে বাইবেলৰ ছবি সদৃশ আৰ্হিচাওক।"

সদৃশ পৰিভাষা

পৰিভাষাত, এটা বস্তু বা ধাৰণাক তাৰ নিজস্ব নামেৰে কোৱা নাযায়, কিন্তু তাৰ লগত নিকটভাৱে জড়িত কোনো বস্তুৰ নামেৰে কোৱা হয়।

"বাইবেলত থকা কিছুমান সদৃশ পৰিভাষাৰ তালিকাৰ বাবে বাইবেলৰ ছবি সদৃশ পৰিভাষা চাওক "

সাংস্কৃতিক নমুনা

সাংস্কৃতিক নমুনা সমূহ জীৱনৰ বা আচৰণৰ মানসিক চিত্ৰ। এই ছবিসমূহে আমাক কল্পনা কৰিবলৈ আৰু এই বস্তুসমূহৰ বিষয়ে কথা পাতিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, আমেৰিকাৰ লোকসকলে প্ৰায়ে, বিয়া আৰু বন্ধুত্বকে ধৰি, বহুতো কথা ভাবে, যেন তেওঁলোক যন্ত্ৰহে। আমেৰিকাৰ লোকসকলে কব পাৰে যে, “তেওঁৰ বিয়া ভাগিছে” বা “তেওঁলোকৰ বন্ধুত্ব পূৰ্ণগতিত আগবাঢ়িছে”।

বাইবেলত প্ৰায়ে ঈশ্বৰৰ কথা এনেদৰে কোৱা হয় যেন তেওঁ এজন ভেড়াপালক আৰু তেওঁৰ লোকসকল ভেড়া। ই হ’ল এটা সাংস্কৃতিক নমুনা ।

<খণ্ডউদ্ধিতি >যিহোৱা মোৰ ভেড়াপালক; মোৰ একো অভাৱ নহব। (গীতমালা 23:1 ULT)</খণ্ডউদ্ধিতি>

তেওঁ নিজৰ লোকসকলক ভেড়াৰ দৰে আগোৱাই লৈ গ’ল আৰু জংঘলৰ মাজেৰে তেওঁলোকক একগোট কৰি পাৰ কৰি নিলে।(গীতমালা 78:52 ULT)

বাইবেলত থকা কিছুমান সাংস্কৃতিক মডেল প্ৰাচীন নিকট প্ৰাচ্যৰ সংস্কৃতিত বহুলভাৱে ব্যৱহৃত হৈছিল, আৰু কেৱল ইজৰাইলীসকলৰ দ্বাৰাই নহয়।

"বাইবেলত থকা সাংস্কৃতিক নমুনাৰ বাবে তালিকাৰ বাবে বাইবেলৰ ছবি সাংস্কৃতিক নমুনা চাওক "