as_ta/checking/goal-checking/01.md

6.3 KiB

পৰীক্ষা কিয়?

পৰীক্ষা কৰাৰ লক্ষ্য হৈছে অনুবাদৰ দলক এটা এনে অনুবাদ প্ৰকাশ কৰিব পাৰে যি নেকি শুদ্ধ, স্বাভাৱিক, স্পষ্ট, আৰু মণ্ডলীৰ দ্বাৰাই গ্ৰহণযোগ্য হবলৈ সহায় কৰা। অনুবাদৰ দলেও এই লক্ষ্যক লাভ কৰিব বিচাৰে। ই সহজ যেন লাগে, কিন্ত্ত তেনে কৰিবলৈ প্ৰকৃততে ই অতিকৈ কঠিন, আৰু অনেক লোকৰ প্ৰয়োজন হয় আৰু তেনে অনুবাদ পাবলৈ বহুবাৰ সংস্কৰণ কৰিবলগীয়া হয়। এই কাৰণেই, পৰীক্ষকসকলে অনুবাদৰ দলক সহায় কৰাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে যাতে অনুবাদৰ দলে এটা এনে অনুবাদ প্ৰকাশ দিব পাৰে যি নেকি শুদ্ধ, স্বাভাৱিক, স্পষ্ট, আৰু মণ্ডলীৰ দ্বাৰাই গ্ৰহণযোগ্য।

শুদ্ধ

পৰীক্ষকসকল যি সকলে পালক, মণ্ডলীৰ নেতা, আৰু অন্য মণ্ডলীসমূহৰ সৈতে সংযোক্ত থকা নেতাসকলে অনুবাদৰ দলক সহায় কৰিব যাতে তেওঁলোকে এটা অনুবাদ প্ৰকাশ কৰিব পাৰে যি শুদ্ধ হয়। তেওঁলোকে অনুবাদক উৎস ভাষাৰ সৈতে তুলনা কৰাৰ যোগেদি এনে কৰিব আৰু যেতিয়া সম্ভৱ হয়, তেতিয়া বাইবেলৰ মূল ভাষাবোৰৰ সৈতেও কৰিব পাৰিব। শুদ্ধ অনুবাদৰ বিষয়ে অধিক জানিবলৈ, চাওক শুদ্ধ অনুবাদসমূহ সৃষ্টি কৰক।)

স্পষ্ট

পৰীক্ষকসকল যি সকলে ভাষা সমাজৰ সদস্যসকল হয় তেওঁলোকে অনুবাদ দলক সহায় কৰিব যাতে এনে এটা অনুবাদ প্ৰকাশ কৰিব পাৰে যি নেকি স্পষ্ট। তেওঁলোকে ইয়াক অনুবাদক শুনাৰ আৰু সেই ঠাইবোৰ দেখুৱাই দিয়াৰ যোগেদি সেইবোৰক এনে ধৰণে কৰিব যত অনুবাদটি বিমোৰত পেলাই বা সেইবোৰত অৰ্থ দেখা নাপায়। ইয়াৰ পাছত অনুবাদৰ দলে সেই ঠাইবোৰ সমাধান কৰিব যাতে সেইবোৰ স্পষ্ট হয়। স্পষ্ট অনুবাদসমূহৰ বিষয়ে অধিক জানিবৰ বাবে, চাওক, স্পষ্ট অনুবাদসমূহ সৃষ্টি কৰক।)

স্বাভাৱিক

পৰীক্ষকসকল যি সকলে ভাষা সমাজৰ সদস্যসকল হয় তেওঁলোকে অনুবাদ দলক সহায় কৰিব যাতে এনে এটা অনুবাদ প্ৰকাশ কৰিব পাৰে যি নেকি স্বাভাৱিক হয়। তেওঁলোকে ইয়াক অনুবাদক শুনাৰ আৰু সেই ঠাইবোৰ দেখুৱাই দিয়াৰ যোগেদি সেইবোৰক এনে ধৰণে কৰিব যত অনুবাদটি অসাধাৰণ উচ্চাৰণবোৰ কৰে আৰু এনে ধৰণে উচ্চাৰণ নকৰে যেনেকৈ কোনোবা এজনে যি জনে ইয়াক তেওঁলোকৰ ভাষাত কয়। ইয়াৰ পাছত অনুবাদৰ দলে সেই ঠাইবোৰ সমাধান কৰিব যাতে সেইবোৰ স্বাভাৱিক হয়। স্বাভাৱিক অনুবাদসমূহৰ বিষয়ে অধিক জানিবৰ বাবে, চাওক, স্বাভাৱিক অনুবাদসমূহ সৃষ্টি কৰক।)

মণ্ডলীৰ-অনুমোদন

পৰীক্ষকসকল যি সকলে ভাষা সমাজৰ সদস্যসকল হয় তেওঁলোকে অনুবাদ দলক সহায় কৰিব যাতে এনে এটা অনুবাদ প্ৰকাশ কৰিব পাৰে যি নেকি সেই সমাজৰ মণ্ডলীৰ যোগেদি অনুমোদন প্ৰাপ্ত আৰু গ্ৰহণযোগ্য হয়। তেওঁ ইয়াক ভাষা সমাজৰ অন্য মণ্ডলীৰ পৰা সদস্য আৰু নেতাসকলৰ সৈতে একেলগে কাৰ্য্য কৰাৰ যোগেদি এনে কৰিব। যেতিয়া সদস্য আৰু নেতাসকল যি সকলে এটা ভাষা সমাজৰ মণ্ডলীক প্ৰতিনিধিত্ব কৰে তেওঁলোকে একেলগে কাৰ্য্য কৰিব আৰু সহমত হব যে অনুবাদটি ভাল হৈছে, ইয়াৰ পাছত হে ইয়াক গ্ৰহণ কৰা হব আৰু সেই সমাজৰ মণ্ডলীবোৰৰ দ্বাৰাই ব্যৱহাৰ কৰা হব, চাওক মণ্ডলীয়ে-অনুমোদন জনোৱা অনুবাদ সৃষ্টি কৰক।)