as_tw/bible/other/trample.md

2.6 KiB

পদদলিত, পদদলিত, পদদলিত, পদদলন

সংজ্ঞা:

"পদদলিত " অৰ্থাৎ কিবা বস্তুৰ ওপৰত ভৰি দিয়া আৰু ভৰিৰে চূৰ্ণবিচূৰ্ণ কৰা। এই শব্দটো বাইবেলতো ৰূপক ভাৱে "ধ্বংস" বা "পৰাজয়" বা "অপমান" অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

  • "পদদলন" ৰ এটা উদাহৰণ পথাৰত দৌৰা লোকসকলৰ ভৰিৰে ঘাঁহবোৰ চূৰ্ণবিচূৰ্ণ হব।
  • প্ৰাচীন কালত, কিছুমান সময়ত আঙুৰৰ ৰস উলিয়াই দ্ৰাক্ষাৰস তৈয়াৰ কৰিবলৈ পদদলিত কৰা হৈছিল।
  • কিছুমান সময়ত "পদদলিত" শব্দটোৰ ৰূপক অৰ্থ "পদদলনৰ দ্বাৰাই দণ্ড," এইটো মাটি গছকা বাবে বোকা গছকা তুলনা কৰা হয়।
  • "পদদলিত" শব্দটো ইস্ৰায়েলী লোকসকলৰ অহঙ্কাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁলোকক যিহোৱাই দণ্ড দিছিল তাক ৰূপক অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
  • আন দিশত পদদলিত' অনুবাদ কৰোতে "ভৰিৰে চূৰ্ণবিচূৰ্ণ কৰা " বা "ভৰিৰে গুড়ি কৰা" বা "মাটিত গুড়ি কৰা" অন্তৰ্ভুক্ত কৰিব পাৰে।
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি এই শব্দ অনুবাদ কৰিব পাৰে।

(আৰু চাওক: আঙুৰ, অপমান, দণ্ড, বিদ্ৰোহ, চূৰ্ণ, দ্ৰাক্ষাৰস)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H947, H1758, H1869, H4001, H4823, H7429, H7512, G2662, G3961