as_tw/bible/other/splendor.md

2.5 KiB

ঐশ্বৰ্য

সংজ্ঞা:

"ঐশ্বৰ্য" শব্দটো অত্যন্ত সৌন্দৰ্যক বুজাই আৰু সৌন্দৰ্য প্ৰায়েই ধন-সম্পত্তি আৰু সুন্দৰ চেহেৰাৰ সৈতে সংযুক্ত।

  • ঐশ্বৰ্য শব্দটো প্ৰায়েই ৰজা এজনৰ ধন-সম্পত্তিৰ ব্যাখ্যা কৰোতে, বা তেওঁৰ ব্যয়বহুল সুন্দৰ অলঙ্কাৰত তেওঁক কেনে দেখিছে তাক ব্যাখ্যা কৰোতে ব্যৱহাৰ কৰা হয়।
  • ঈশ্বৰে সৃষ্টি কৰা গছগছনি, পাহাৰ পৰ্ব্বত, আৰু যিকোনো বস্তুৰ সৌন্দৰ্যক ব্যাখ্যা কৰিবলৈয়ো "ঐশ্বৰ্য" শব্দটো ব্যৱহাৰ কৰিব পাৰি।
  • প্ৰাকৃতিক সম্পদসমূৰ কাৰণে নিৰ্দিষ্ট চহৰ কিছুমানক ঐশ্বৰ্য থকা বুলি কোৱা হয়, সম্প্ৰসাৰিত অট্টালিকা,ৰাস্তাবোৰ, আৰু তাৰ লোকসকলৰ ধন সম্পত্তি, দামী পোচাক, সোণ আৰু ৰূপ অন্তৰ্ভুক্ত।
  • প্ৰসংগৰ ওপৰত নিৰ্ভৰ কৰি এই শব্দটো এইদৰে অনুবাদ কৰিব পাৰি "মহত সৌন্দৰ্য " বা "আচৰিত ঐশ্বৰ্য " বা "ৰাজকীয় মহিমা।"

(আৰু চাওক: গৌৰৱ, ৰজা, ঐশ্বৰ্য)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H1925, H1926, H1927, H1935, H2091, H2122, H2892, H3314, H3519, H6643, H7613, H8597