as_tw/bible/other/bronze.md

2.5 KiB

ব্ৰোঞ্জ

সংজ্ঞা:

“ব্ৰোঞ্জ” শব্দটোৱে এনে এবিধ ধাতুক নিৰ্দেশ কৰে, যাক তাম আৰু টিন ধাতুৰ সংমিশ্ৰণক একত্ৰিত কৰি তৈয়াৰ কৰা হয়৷ ই ইসৎ ৰঙচুৱা, ডাঠ বাদামী ৰঙৰ হয়৷

  • ব্ৰোঞ্জে পানীৰ ক্ষয়প্ৰাপ্তি প্ৰতিৰোধ কৰে আৰু ই ভাল তাপ পৰিবাহী৷
  • প্ৰাচীন কালত সা-সজুলি, অস্ত্ৰ-শস্ত্ৰ, কলাকৰ্ম, যজ্ঞবেদী, ৰন্ধা পাত্ৰ, সৈন্যৰ বৰ্ম আৰু বুভিন্ন সজুলি নিৰ্মান কৰিবলৈ ব্ৰোঞ্জ ব্যৱহাৰ কৰা হৈছিল৷
  • নিয়ম চন্দুক আৰু মন্দিৰ নিৰ্মান কৰিবৰ বাবে বহু সজুলি ব্ৰঞ্জৰে তৈয়াৰ কৰা হৈছিল৷
  • প্ৰায়ে মিছা দেৱতাৰ মূৰ্তিবোৰো ব্ৰঞ্জ ধাতুৰে নিৰ্মিত আছিল৷
  • প্ৰথমতে মিশ্ৰিত ব্ৰঞ্জ ধাতুটোক পনীয়া কৰি লোৱা হয় আৰু পাছত ইয়াক সাঁচত ঢালি ব্ৰঞ্জৰ পদাৰ্থ নিৰ্মান কৰা হয়৷ এই পদ্ধতিটোক কোৱা হয় “প্ৰক্ষেপণ কৰা”৷

(পুনৰ চাওক: কেনেকৈ নজনাবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: বৰ্ম, নিয়ম চন্দুক, মন্দিৰ)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H5153, H5154, H5174, H5178, G5470, G5474, G5475