as_tw/bible/other/breastplate.md

3.3 KiB

বুকুত পিন্ধা বৰ্ম, বুকুত পিন্ধা বৰ্মবোৰ, বুকুপতা

সংজ্ঞা:

“বুকুত পিন্ধা বৰ্ম” পৰিভাষাটোৱে যুদ্ধৰ সময়ত সৈনিকৰ বুকু সুৰক্ষিত থাকিবৰ বাবে সন্মুখ অংশ ঢাকি ৰাখিব পৰাকৈ পিন্ধা বৰ্ম নিৰ্দেশ কৰে৷ “বুকুপতা” শব্দটোৱে ইস্ৰায়েলীসকলৰ প্ৰধান পুৰোহিতে তেওঁৰ বুকুৰ সন্মুখ ভাগ ঢাকি ৰখা কাপোৰৰ বিশেষ অংশটোক নিৰ্দেশ কৰে৷

  • “বুকুত পিন্ধা বৰ্ম”টো সৈনিক সকলে কাঠ, ধাতু, বা জন্তুৰ ছালৰ দ্বাৰা নিৰ্মান কৰি ব্যৱহাৰ কৰিছিল৷ ইয়াক তৈয়াৰ কৰা হৈছিল কাড়, যাঠি, বা তৰোৱালৰ পৰা সৈন্যসকলৰ বুকুক প্ৰতিৰোধ কৰিবৰ বাবে৷
  • ইস্ৰায়েলীসকলৰ প্ৰধান পুৰোহিতৰ পৰিগৃহিত “বুকুপতা” কাপোৰেৰে তৈয়াৰ কৰা হৈছিল আৰু ইয়াত মুল্যবান মণি-মুকুতা সংযোজিত কৰি দিয়া হৈছিল৷ পুৰোহিতে ইয়াক পিন্ধিছিল যেতিয়া তেওঁ মন্দিৰত ঈশ্বৰৰ সেৱা প্ৰদৰ্শন কৰিবৰ বাবে গৈছিল৷
  • “বুকুত পিন্ধা বৰ্ম” পৰিভাষাটো আন পদ্ধতিৰে অনুবাদ কৰিলে “ধাতু প্ৰতিৰোধ কৰিব পৰা বুকু আৱৰণ” বা “বুকু সুৰক্ষা দিয়া বৰ্ম” বুলি অন্তৰ্ভুক্ত কৰিব পাৰি৷
  • “বুকুপতা” শব্দটো এনে ধৰণৰ শব্দৰেও অনুবাদ কৰিব পাৰি যাৰ অৰ্থ হ’ল, “যাজকীয় কাপোৰৰ বুকু আৱৰণ” বা “যাজকীয় কাপোৰৰ অংশ” বা “পুৰোহিতৰ কাপোৰৰ প্ৰথম অংশ”৷

(পুনৰ চাওক: বৰ্ম, প্ৰধান পুৰোহিত, বিধান, পুৰোহিত, মন্দিৰ, সৈনিক)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H2833 , H8302, G2382