as_tw/bible/names/sennacherib.md

1.9 KiB

চানহেৰীব

বাস্তৱ:

চানহেৰীব অচূৰীয়াৰ এজন শক্তিশালী ৰজা আছিল, যাৰ বাবে নিনবী নগৰখন সম্পদশালী আৰু গুৰুত্বপূৰ্ণ নগৰ আছিল।

  • বাবিল আৰু যিহুদা ৰাজ্যৰ বিৰুদ্ধে কৰা যুদ্ধৰ বাবে ৰজা চানহেৰীব পৰিচিত আছিল।
  • তেওঁ এজন বহুত অহঙ্কাৰী ৰজা আছিল আৰু তেওঁ যিহোৱাক বিদ্ৰূপ কৰিছিল।
  • ৰজা হিষ্কিয়াৰ সময়ত চানহেৰীবে যিৰূচালেমত আক্ৰমণ কৰিছিল।
  • যিহোৱাৰ কাৰণে চানহেৰীবৰ সৈন্যসামন্ত ধ্বংস হৈছিল।
  • পুৰনি নিয়মৰ ৰাজাৱলী আৰু বংশাৱলী পুস্তকসমূহত চানহেৰীবৰ ৰাজত্বৰ সময়ৰ কিছুমান ঘটনা লিখা আছে।

(অনুবাদ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: অচূৰীয়া, বাবিল, হিষ্কিয়া, যিহূদা, মক, নিনবী)

বাইবেলৰ উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :