as_tw/bible/names/chaldeans.md

2.4 KiB

কলদীয়া, কলদীয়াবাসী, কলদীয়াসকল

তথ্যবোৰ:

কলদীয়া আছিল বেবিলন বা মেছ’পটেমিয়াৰ দক্ষিণ অঞ্চলৰ এটা অংশ৷ এই অঞ্চলত যিসকল লোকে বাস কৰিছিল, তেওঁলোকক কলদীয়াসকল বুলি কোৱা হৈছিল৷

  • য’ৰ পৰা অব্ৰাহাম আছিল, সেই উৰ নগৰ আছিল কলদীয়াত অৱস্থিত৷ ইয়াক প্ৰায়ে “কলদীয়াসকলৰ উৰ” বুলি উল্লেখ কৰা হয়৷
  • ৰজা নবুখদনেজৰ আছিল কলদীয়াসকলৰ মাজৰ এজন, যি জন পাছত বেবিলনৰ ৰজাসকলৰ এজন হৈছিল৷
  • বহু বছৰ পাছত, প্ৰায় ৬০০ খ্ৰীষ্ট পূৰ্বত, এই “কলদীয়াবাসী” শব্দটোৱে “বেবিলনীয়াসকলক” বুজাইছিল৷
  • দানিয়েলৰ পুস্তকত “কলদীয়াবাসী” শব্দটোৱে বিশেষ শ্ৰেণীৰ, যেনে যিসকল উচ্চ শিক্ষিত আৰু গ্ৰহ-নক্ষত্ৰৰ অধ্যয়ন কৰে, তেনে লোকসকলক নিৰ্দেশ কৰে৷

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক: অব্ৰাহাম, বেবিলন, চিনাৰ, উৰ)

বাইবেলৰ নিৰ্দেশনাবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H3679, H3778, H3779, G5466