as_tw/bible/names/antioch.md

3.2 KiB

আন্তখিয়া

তথ্যবোৰ:

নতুন নিয়মত আন্তখিয়া আছিল দুখন চহৰৰ নাম। এখন আছিল চিৰিয়াত, ভুমধ্য সাগৰৰ উপকুলীয় অঞ্চলৰ ওচৰত। আন এখন আছিল কলচীয়া নগৰৰ ওচৰত থকা পিচিদিয়াৰ ৰোমান প্ৰদেশ।

  • চিৰিয়াৰ অন্তখিয়াৰ স্থানীয় মণ্ডলী আছিল প্ৰথম ঠাই, য’ত যীচুৰ বিশ্বাসী সকলক মতা হৈছিল “খ্রীষ্টিয়ান” বুলি। অনা-ইহুদীসকলৰ মাজত প্ৰচাৰ কৰিবলৈ মিছনাৰী পঠোৱা কামত এই মণ্ডলী আছিল কার্যক্ষম।
  • চিৰিয়াৰ অন্তখিয়া মণ্ডলীত থকা বিশ্বাসীসকললৈ যিৰুচালেম মণ্ডলীত থকা নেতাসকলে পত্ৰ প্ৰেৰণ কৰিছিল, যাতে সহায় হবৰ বাবে তেওঁলোকে জানিব পাৰে যে, খ্রীষ্টিয়ানসকলে ইহুদী বিধান ধৰি থাকিব নালাগে।
  • পৌল, বাৰ্নাবা আৰু যোহন মাৰ্কে অন্তখিয়া হৈ পিচিদিয়া লৈ শুভবার্তা প্ৰচাৰ কৰিবলৈ যাত্ৰা কৰিছিল। কিছুমান ইহুদী লোক বেলেগ নগৰৰ পৰা আহি তাত উত্তেজিত কৰি সমস্যা কৰিছিল, আৰু তেওঁলোকে পৌলক বধ কৰিবৰ বাবে চেষ্টা কৰিছিল। কিন্তু বহুতো আন আন ইহুদী আৰু অনা-ইহুদী লোকে শিক্ষা শুনিছিল আৰু যীচুত বিশ্বাস কৰিছিল।

(অনুবাদ উপদেশবোৰ: কেনেকৈ নামবোৰ অনুবাদ কৰা হ’ব)

(পুনৰ চাওক:বার্নাবা, কলচীয়া, যোহন মাৰ্ক, পৌল, প্ৰদেশ, ৰোম, চিৰিয়া)

বাইবেল প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G491