as_tw/bible/names/abiathar.md

1.7 KiB

অবিয়াথৰ

সংজ্ঞা:

ৰজা দায়ুদৰ সময়ত অবিয়াথৰ ইস্রায়েল জাতিৰ প্ৰধান পুৰোহিত আছিল।

  • যেতিয়া ৰজা চৌলে পুৰোহিতবোৰক বধ কৰিছিল, তেতিয়া অবিয়াথৰ আৰু দায়ুদ মৰুপ্ৰান্তত পলাই আছিল। অবিয়াথৰ আৰু যাদোক নামৰ আন এজন প্ৰধান পুৰোহিতে দায়ুদৰ ৰাজত্বৰ সময়ত বিশ্বাসযোগ্য হৈ সেৱা কৰিছিল।
  • দায়ুদৰ মৃত্যুৰ পাছত, এদোনীয়াক চলোমনৰ ঠাইত ৰজা পাতিবৰ বাবে অবিয়াথৰে সহায় কৰিছিল। এই কাৰণতে ৰজা চলোমনে অবিয়াথৰক প্ৰধান পুৰোহিত পদৰ পৰা আতৰাই দিছিল।

(চাওহক: যাদোক, [চৌল , দায়ুদ, চলোমন, এদোনিয়া)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H54, G8