as_tw/bible/names/zadok.md

2.0 KiB

চাদোক

বাস্তৱ:

ৰজা দায়ূদে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব্য কৰা সময়ত চাদোক এজন গুৰুত্বপূৰ্ণ মহাপুৰোহিত আছিল।

  • আবচালোমে ৰজা দায়ূদৰ বিৰুদ্ধে বিদ্ৰোহ কৰা সময়ত চাদোক দায়ূদক সমৰ্থন কৰিছিল আৰু নিয়ম চন্দুক যিৰুচালেমলৈ ঘুৰাই অনাত সহায় কৰিছিল।
  • কেইবা বছৰৰ পাছত, তেওঁ দায়ূদৰ পুত্ৰ চলোমনক ৰজা অভিষিক্ত কৰা অনুষ্ঠানত অংশ লৈছিল।
  • নহিমিয়াৰ সময়ত চাদোক নামেৰে দুজন বেলেগ লোকে যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্ম্মাণ কৰোতে সহায় কৰিছিল।
  • ৰজা যোথামৰ ককাৰ নামো চাদোক আছিল।

(অনুবাদ পৰামৰ্শ: নামসমূহ কেনেকৈ অনুবাদ কৰিব)

(আৰু চাওক: নিয়ম চন্দুক, দায়ূদ, যোথাম, নহিমিয়া, ৰাজত্ব, চলোমন)

বাইবেল উল্লেখিত:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H6659, G4524