as_tw/bible/kt/save.md

9.0 KiB

ৰক্ষা, ৰক্ষা কৰা, ৰক্ষা পোৱা, নিৰাপদ, পৰিত্ৰাণ

সংজ্ঞা:

"ৰক্ষা" শব্দটো অভিজ্ঞতা থকা কোনো এটা বেয়া বা অনিষ্টতাৰ পৰা কোনোজনক বচোৱা। "নিৰাপদ থাকা" ৰ অৰ্থ হল অনিষ্টlতা বা বিপদৰ পৰা সুৰক্ষিত কৰা।

  • শাৰিৰীক অৰ্থত, অনিষ্টতা, বিপদ,বা মৃত্যুৰ পৰা মানুহ ৰক্ষা পাব পাৰে।
  • আত্মিক অৰ্থত, যদি কোনো মানুহ ক্ষমা পাইছে, তেনেহলে তেওঁৰ পাপৰ বাবে নৰকত পাবলগা দণ্ডৰ পৰা যীচুৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই তেওঁক ঈশ্বৰে ক্ষমা আৰু উদ্ধাৰ কৰিলে। বিপদৰ পৰা মানুহে ৰক্ষা বা উদ্ধাৰ পাব পাৰে, কিন্তু নিজৰ পাপৰ বাবে অনন্তকালৰ দণ্জৰ পৰা কেৱল ঈশ্বৰেহে মানুহক উদ্ধাৰ কৰিব পাৰে। "পৰিত্ৰাণ" শব্দটো চয়তান আৰু বিপদৰ পৰা উদ্ধাৰ পোৱাটোক বুজায়।
  • বাইবেলত, "পৰিত্ৰাণ" শব্দটোৰ অৰ্থ সাধাৰণতে যীচুক বিশ্বাস কৰি নিজৰ পাপৰ পৰা মনপালটন কৰা সকলক ঈশ্বৰৰ দ্বাৰাই আত্মিক আৰু অনন্তকলীয়া উদ্ধাৰ প্ৰদান কৰা।
  • ঈশ্বৰে নিজৰ লোক সমূহৰ শাৰিৰীক শত্ৰুৰ পৰাও ৰক্ষা আৰু উদ্ধাৰ কৰে, এই বিষয়েও বাইবেলত কোৱা আছে।

অনুবাদ পৰামৰ্শ:

  • "ৰক্ষা" শব্দটোৰ অনুবাদ কৰা পদ্ধতি "উদ্ধাৰ" বা "অনিষ্টতাৰ পৰা ৰক্ষা" বা "অনিষ্টতা পথৰ পৰা আতঁৰাই অনা" বা "মৰণৰ পৰা ৰক্ষা।"
  • "যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰে" এই বিষয়ে প্ৰকাশ কৰিবলৈ "ৰক্ষা" শব্দটো "নিৰাপদ ৰখা" বা "সুৰক্ষা" এই দৰেওঁ অনুবাদ কৰিব পাৰি।
  • "নিৰাপদ" শব্দটো "বিপদৰ পৰা সুৰক্ষা পোৱা" বা "কোনো প্ৰকাৰৰ ক্ষতি নোহোৱা স্থানৰ ভিতৰত থকা।"এই দৰেওঁ অনুবাদ কৰিব পাৰি।
  • "পৰিত্ৰাণ" শব্দটোৰ লগত সম্পৰ্ক থকা শব্দ "ৰক্ষা" বা "উদ্ধাৰ" একেদৰে "ঈশ্বৰে ৰক্ষা কৰা মানুহ (তেওঁলোকৰ পাপৰ বাবে পাব লগা দণ্ডৰ পৰা )" বা "ঈশ্বৰে তেওঁ নিজ লোকসকলক উদ্ধাৰ কৰে (তেওঁলোকৰ শত্ৰুবোৰৰ পৰা)।"
  • "ঈশ্বৰ মোৰ ত্ৰাণকৰ্ত্তা" এই বাক্যটো "ঈশ্বৰেই সেইজন, যিজনে মোক ৰক্ষা কৰে" এই দৰেওঁ অনুবাদ কৰিব পাৰি।
  • "তুমি পৰিত্ৰাণৰ নাদৰ পৰা পানী তুলিবা" এই বাক্যটো " ঈশ্বেৰ তোমাক উদ্ধাৰ কৰাৰ কাৰেণ তুমি পানীৰ দ্বাৰাই সজীৱ হবা " এইদেৰও অনুবাদ কৰিব পাৰি।

(আৰু চাওক: ক্ৰুচ, উদ্ধাৰ, দণ্ড, পাপ, উদ্ধাৰকৰ্ত্তা)

বাইেবল উল্লে্খিত:

বাইেবলৰ কাহিনীসমূহৰ পৰা উদাহৰণসমূহ:

  • 09:08 মোচিয়ে তেওঁৰ ইস্ৰায়েলী লোকসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
  • 11:02 ঈশ্বৰত বিশ্বাস কৰা জনৰ প্ৰথমে জন্মা পুত্ৰক ৰক্ষা কৰিবলৈ তেওঁ লোকসকলক উপায় দিছিল
  • 12:05 মোচিয়ে ইস্ৰায়েলী লোকসকলক কৈছিল, "ভয় নকৰিবা! ঈশ্বৰে আজি তোমালোকৰ বাবে যুদ্ধ কৰিব আৰু তোমালোকক ৰক্ষা কৰিব"।
  • 12:13 মিচৰীয়া সেনাবাহিনীৰ পৰা ঈশ্বৰে ইস্ৰায়েলী লোকসকলক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে এই নতুন স্বাধীনতা উদযাপন কৰিবলৈ বহুতো গীত গানেৰে ঈশ্বৰৰ প্ৰশংসা কৰিলে।
  • 16:17 ইস্ৰায়েলী লোকসকল পাপ কৰিছিল, ঈশ্বৰে তেওঁলোকক দণ্ড দিছিল, তেওঁলোক মন পালটন কৰিছিল আৰু তেওঁলোকক ৰক্ষা কৰিবলৈ ঈশ্বৰে এজন উদ্ধাৰকৰ্ত্তা পঠিয়াইছিল। এইদেৰ বহুবাৰ পুনৰাবৃত্তি হৈছিল
  • 44:08 "তোমালোক যীচুক ক্ৰুচবিদ্ধ কৰিলা কিন্তু ঈশ্বৰে পুনৰ জী উঠালে!। তোমালোকে তেওঁক অগ্ৰাহ্য কৰিছিলা, কিন্তু যীচুৰ শক্তিৰ বিনে আন কোনো উপায়ে ৰক্ষা পোৱা নাযায়!"
  • 47:11 কাৰাগাৰৰ অধিপতিজন ভয়ত কঁপি কঁপি আহি পৌল আৰু চীলক সুধিছিল, "পৰিত্ৰাণ পাবলৈ মই কি কৰা উচিত?" পৌলে উত্তৰ দিছিল, "তুমি আৰু তোমাৰ পৰিয়াল প্ৰভূ যীচুত বিশ্বাস কৰা তেহে পৰিত্ৰাণ পাব"
  • 49:12 সত কৰ্ম্মই তোমাক পৰিত্ৰাণ দিব নোৱাৰে ।
  • 49:13 যীচুক বিশ্বাস কৰা আৰু নিজ প্ৰভূ বুলি স্বীকাৰ কৰা প্ৰতিজনক ঈশ্বৰে পৰিত্ৰাণ দিব। কিন্তু যিকোনোৱে তেওঁক স্বীকাৰ নকেৰ তেওঁ তেওঁক ৰক্ষা নকিৰব।

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H983, H2421, H3444, H3467, H3468, H4190, H4422, H4931, H6403, H7682, H7951, H7965, H8104, H8668, G803, G804, G806, G1295, G1508, G4982, G4991, G4992, G5198