as_tw/bible/kt/foolish.md

3.9 KiB

মুৰ্খ, মূৰ্খবোৰ, মূৰ্খ, নিৰ্বোধ

সংজ্ঞা:

"মূৰ্খ" শব্দটো প্রায়ে ভুল পছন্দ কৰা ব্যক্তিক, বিশেষ কৰি অবাধ্যতাক নির্বাচন কৰা ব্যক্তিক বুজাবৰ বাবে উল্লেখ কৰা হয়৷ “মূৰ্খ” শব্দটোৱে এজন ব্যক্তিক বা অজ্ঞানী আচৰণক নিৰ্দেশ কৰে৷

  • বাইবেলত “মুৰ্খ” শব্দটো সাধাৰণতে সেই ব্যক্তিক নিৰ্দেশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়, যি ঈশ্বৰক বিশ্বাস নকৰে বা ঈশ্বৰৰ আজ্ঞা পালন নকৰে৷ প্রায়শ: ই এই জ্ঞানী ব্যক্তি জন্য যারা আল্লাহ্ তে বিশ্বাস করে এবং আল্লাহ্ র আনুগত্য নিম্নমুখী হয়।
  • গীতমালাত, দায়ুদে এজন মূৰ্খ ব্যক্তিৰ বাখ্যা দিওতে কৈছে যে, তেওঁ ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰৰ সৃষ্টিত ঈশ্বৰৰ প্ৰমাণবোৰ অবজ্ঞা কৰে৷
  • মূৰ্খ বা মূৰ্খ ব্যক্তিবোৰ কেনেকুৱা হয় সেই বিষয়ে বাইবেলৰ পুৰণি নিয়মৰ হিতোপদেশ পুস্তকত বিভিন্ন ধৰণৰ বাখ্যা যেনেদৰে দিয়া আছে, মুৰ্খবোৰ তেনেকুৱাই হয়৷
  • “নিৰ্বোধ” শব্দটোৱে অজ্ঞানী কাৰ্যক নিৰ্দেশ কৰে, কাৰণ ই ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য কৰে৷ প্ৰায় “নিৰ্বোধ” শব্দটোৰ অৰ্থৰ সৈতে কিছুমান অদ্ভুত বা ভয়ানক অৰ্থ নিহিত হৈ আছে৷

অনুবাদৰ উপদেশবোৰ:

  • “মূৰ্খ” শব্দটোৰ অনুবাদ এইদৰেও কৰিব পাৰি যেনে, “নিৰ্বুদ্ধি ব্যক্তি” বা “অজ্ঞানী ব্যক্তি” বা “জ্ঞানহীন ব্যক্তি” বা “অধাৰ্মিক ব্যক্তি”৷
  • অনুবাদ পদ্ধতিত “নিৰ্বুদ্ধি” শব্দটোৰ অন্তৰ্ভুক্ত “বুজাৰ অভাৱ” বা “অজ্ঞানী” বা “জ্ঞানহীন” এইবোৰকো কৰিব পাৰি৷

(পুনৰ চাওক: জ্ঞানী)

বাইবেলৰ উল্লেখবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H191, H196, H200, H1198, H1984, H2973, H3684, H3687, H3688, H3689, H3690, H5034, H5036, H5039, H5528, H5529, H5530, H5531, H6612, H8417, H8602, H8604, G453, G454, G781, G801, G877, G878, G3471, G3472, G3473, G3474, G3912