as_tw/bible/kt/bornagain.md

4.2 KiB

পুনৰ জন্ম, ঈশ্বৰত জন্ম, নতুন জন্ম

সংজ্ঞা:

“পুনৰ জন্ম” প্ৰসংগটোৰ বাখ্যা প্ৰথমে যীচুৰ দ্বাৰা ব্যৱহাৰ হৈছিল, ইয়াৰ অৰ্থ আছিল এনেধাণৰ যে এজন ব্যক্তিক ঈশ্বৰে আত্মিক মৃত্যুৰ পৰা আত্মিকভাবে পুনৰ জন্ম হোৱালৈ সলনি কৰে৷ “ঈশ্বৰত জন্ম” বা “আত্মাত জন্ম” প্ৰসংগটোৱেও এজন ব্যক্তিয়ে নতুনকৈ আত্মিক জীৱন পোৱাটোকে নিৰ্দেশ কৰে৷

  • সকলো মানুহৰে জন্ম আত্মিক মৃত্যু আৰু তেওঁলোকে “নতুন জন্ম” পায়, যেতিয়া তেওঁলোকে যীচু খ্ৰীষ্টক তেওঁলোকৰ ত্ৰাণকৰ্তা বুলি গ্ৰহন কৰে৷
  • আত্মিক নতুন জন্ম হোৱাৰে পৰা ঈশ্বৰৰ পবিত্ৰ আত্মাই নতুন বিশ্বাসী জনৰ লগত নিবাস কৰিবলৈ লয় আৰু তেওঁ আত্মাৰ ভাল ফল সমূহ তেওঁৰ জীৱনত উৎপন্ন হ’বলৈ ক্ষমতা প্ৰদান কৰে৷
  • ঈশ্বৰৰ এই কামৰ কাৰণে এজন ব্যক্তিৰ পুনৰ জন্ম হয় আৰু তেওঁৰ সন্তান ৰূপে ৰূপান্তৰিত হয়৷

অনুবাদৰ উপদেশবোৰ:

  • আন পদ্ধতিত “পুনৰ জন্ম”টো অনুবাদ কৰোতে “নতুনভাবে জন্মা” বা “আত্মিকভাবে জন্মা” বুলিও অন্তৰ্ভুক্ত কৰিব পাৰি৷
  • এই প্ৰসংগটো আক্ষৰিকভাবে অনুবাদ কৰাতোৱে অতি উত্তম আৰু জন্ম হোৱাত ব্যৱহৃত হোৱা সাধাৰণ শব্দক ভাষাত ব্যৱহাৰ কৰা হওক৷
  • “নতুন জন্ম” প্ৰসংগটো “আত্মিক জন্ম” বুলিও অনুবাদ কৰিব পাৰি৷
  • “ঈশ্বৰত জন্মা” বাক্যাংশটো “ঈশ্বৰৰ দ্বাৰা ঘটিত হোৱা নতুন জীৱনৰ নিচিনা এটা নতুনকৈ জন্মা শিশু” বা “ঈশ্বৰৰ দ্বাৰা নতুন জীৱন পোৱা” বুলি অনুবাদ কৰিব পাৰি৷
  • একে পদ্ধতিত “আত্মাত জন্মা” বাক্যাংশটোও “পবিত্ৰ আত্মাৰ দ্বাৰা পোৱা নতুন জন্ম” বা “ঈশ্বৰৰ সন্তান হ’বৰ বাবে পবিত্ৰ আত্মাৰ দ্বাৰা ক্ষমতা প্ৰদান কৰা” বা “আত্মাৰ দ্বাৰা ঘটিত হোৱা নতুন জীৱনৰ নিচিনা নতুনকৈ জন্মা শিশু” বুলিও অনুবাদ কৰিব পাৰি৷

(পুনৰ চাওক: পবিত্ৰ আত্মা, ত্ৰাণ)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: G313, G509, G1080, G3824