as_tw/bible/kt/ark.md

3.7 KiB

জাহাজ, চন্দুক

সংজ্ঞা:

“চন্দুক” শব্দটোৱে আক্ষৰিক ভাবে এটা আয়তক্ষেত্ৰাকাৰৰ কাঠৰে নিৰ্মান কৰা বাকচক নিৰ্দেশ কৰে, য’ত কোনো বস্তু ৰাখিব পৰা যায় বা সুৰক্ষা দিব পৰা যায়৷ এই চন্দুকটো সৰু বা ডাঙৰ কৰাটো নিৰ্ভৰ কৰে ইয়াক কি কামৰ বাবে ব্যৱহাৰ কৰা হয় তাৰ ওপৰত৷

  • ইংৰাজী বাইবেলত এই “চন্দুক” শব্দটো প্ৰথমতে বৰ বৃহৎ ভাবে ব্যৱহাৰ কৰা হৈছিল বিশ্বজনীন জল প্লাৱনৰ পৰা অব্যাহতি পাবৰ বাবে নোহে নিৰ্মান কৰা আয়তক্ষেত্ৰাকাৰ জাহাজ খনৰ ক্ষত্ৰত৷ এই চন্দুকৰ এখন তলদেশ, এখন আচ্ছাদন, আৰু বেৰবোৰ থাকে৷
  • এই শব্দটোৰ অনুবাদ পদ্ধতিত ইয়াক “বৰ ডাঙৰ জাহাজ” বা “যাত্ৰীবাহী জাহাজ” বা “মালবাহী জাহাজ” বা “ডাঙৰ, বাকচ আকৃতিৰ জাহাজ” বুলিও অন্তৰ্ভুক্তি কৰিব পাৰি৷
  • ডাঙৰ জাহাজক নিৰ্দেশ কৰিবৰ বাবে এইটো ইব্ৰী শব্দ ব্যৱহাৰ কৰা হয়, ঠিক তেনেদৰে একে শব্দ খৰাহী বা বাকচৰ বাবেও ব্যৱহাৰ কৰা হয়, যেনে খৰাহীত ভৰাই শিশু মোচীক যেতিয়া মাকে নীল নদীত তেওঁক লুকুৱাইছিল এই প্ৰসংগত৷ এই প্ৰসংগত ইয়াক সাধাৰণতে “খৰাহী” বুলি অনুবাদ কৰা হয়৷
  • “চন্দুক” শব্দটো “নিয়ম চন্দুক” বাক্যাংশৰ বাবে পৃথক ইব্ৰী শব্দ ব্যৱহাৰ কৰা হৈছে৷ ইয়াক “বাকচ” বা “চন্দুক” বা “পাত্ৰ” বুলিও অনুবাদ কৰিব পাৰি৷
  • যেতিয়া “চন্দুক” শব্দটো অনুবাদ কৰিবৰ বাবে নিৰ্বাচন কৰা হয়, তেতিয়া ইয়াৰ আকাৰ কিমান সেয়া প্ৰসংগৰ ওপৰত আৰু ইয়াক কি হিচাবে ব্যৱহাৰ কৰা হ’ব, ইয়াৰ ওপৰত বিবেচনা কৰা অতি প্ৰয়োজন৷

(পুনৰ চাওক: নিয়ম চন্দুক, খৰাহী)

বাইবেলৰ প্ৰসংগবোৰ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H727, H8392, G2787