as_tw/bible/kt/amen.md

4.5 KiB

আমেন, প্রকৃতপক্ষে

সংজ্ঞা:

“আমেন” শব্দটো গুৰুত্ব আৰোপ কৰা বা কোনো এজন ব্যাক্তিয়ে কি কৈছে তেওঁৰ সেই কথালৈ মনোযোগ দিয়া প্ৰসংগত ব্যৱহাৰ হয়। এইটো প্রায়ে প্ৰাৰ্থনাৰ শেষত ব্যৱহাৰ কৰা হয়। কেতিয়াবা এইটো “প্ৰকৃতপক্ষে” বুলিও অনুদিত হৈছে।

  • যেতিয়া প্ৰাৰ্থনাৰ শেষত “আমেন” ব্যৱহাৰ কৰা হয়, তেতিয়া প্ৰাৰ্থনাৰ সৈতে যোগযোগ চুক্তি বা প্ৰাৰ্থনা পূৰ্ণ হোৱা ইচ্ছা প্ৰকাশ কৰা হয়।
  • তেওঁৰ শিক্ষাত, তেওঁ কি কৈছে সেয়া সত্য বুলি গুরুত্ব আৰোপ কৰিবলৈ যীচুৱে “আমেন” ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰায়ে অনুসৰণ কৰিছিল “আৰু মই তোমালোকক কও” ইয়াৰ যোগেদি আগৰ সম্পৰ্কযুক্ত এটা শিক্ষাৰ লগত আন এটা শিক্ষাক পৰিচয় কৰাই দিছিল।
  • এই পদ্ধতিত যীচুৱে যেতিয়া “আমেন” ব্যৱহাৰ কৰে, কিছুমান ইংৰাজী সংস্কৰণে (আৰু ULB) “যথাৰ্থই” বা “প্ৰকৃতপক্ষে” বুলি অনুবাদ কৰিছে।
  • “প্ৰকৃতপক্ষে”ৰ আন শব্দ অৰ্থত কেতিয়াবা “নিশ্চয়কৈ” বা “অবশ্যে” হিচাপেও অনুবাদ কৰা হৈছে আৰু বক্তাই কি কৈছে তাত গুৰুত্ব আৰোপ কৰিবলৈও ব্যৱহাৰ হয়।

অনুবাদ উপদেশবোৰ:

  • কোনো এটা বিষয় কওতে গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দিষ্ট ভাষাৰ এটা বিশেষ শব্দ বা বাক্যাংশৰ মাজত কোনো এটাক বিবেচনা কৰা হয়।
  • যেতিয়া প্ৰাৰ্থনাৰ শেষত বা কোনো এটা বিষয়ৰ নিশ্চিতকৰণত “আমেন” ব্যৱহাৰ কৰা হয়, তেতিয়া “এইটো এনেদৰে হওক” বা “এইটো হওক” বা “এইটো সত্য” এনেধৰণেও অনুবাদ হয়।
  • যেতিয়া যীচুৱে কয়, “প্ৰকৃতপক্ষে মই তোমালোকক কলো” তেতিয়া এইটো “হয়, মই তোমালোকক অকপটভাবে কলো” বা “এইটো সত্য, আৰু ময়ো তোমালোকক কলো” এনেদৰেও অনুবাদ হয়।
  • “প্ৰকৃতপক্ষে, প্ৰকৃতপক্ষে মই তোমালোকক কলো” এই বাক্যাংশটো “মই তোমালোকক অতি অকপটভাবে কলো” বা “মই তোমালোকক অতি আন্তৰিকতাপূৰ্ণভবে কলো” বা “মই তোমালোকক যি কলো সেয়া সত্য” এনেদৰেও অনুবাদ হয়।

(আৰু চাওক: পূর্ণ, সত্য)

বাইবেল উল্লেখ:

তথ্যপূর্ণ শব্দৰ সমষ্টি :

  • Strong's: H543, G281