as_ta/translate/writing-proverbs/01.md

8.3 KiB

বিৱৰণ

হিতোপদেশ হৈছে চমু উক্তি যাৰ পৰা জ্ঞান লাভ হয় বা সত্য জনা যায়।

ঘৃণাৰ পৰা সংঘাত হয়। কিন্তু প্ৰেমে সকলো অপৰাধকে আৱৰি ৰাখে। (হিতোপদেশ ১০:১২ ULT)

হিতোপদেশ আন এটা উদাহৰণ। এলেহুৱা মানুহ, পৰুৱাজনীলৈ চোৱা, তাইৰ দৰে হোৱা আৰু জ্ঞানী হোৱা। ইয়াৰ কোনো অধিপতি, বিষয়া বা শাসনকৰ্তা নাই, তথাপি তাই গ্ৰীস্ম কালত তাইৰ খাদ্য প্ৰস্তুত কৰে, আৰু ফচলৰ দিনত তাই খাদ্য সংৰক্ষণ কৰে। (হিতোপদেশ ৬:৬-৮ ULT)

এইটো এটা অনুবাদৰ সমস্যা হোৱাৰ কাৰণ

প্ৰতিটো ভাষাৰে হিতোপদেশ কোৱাৰ একোটা নিজাববীয়া ধৰণ থাকে। বাইবেলত বহুত হিতোপদেশ আছে। এইবোৰ এনেধৰণে অনুবাদ কৰিব লাগে যাতে মানুহে এইবোৰ হিতোপদেশ বুলি বুজি পায় আৰু এইবোৰে কি শিকাই বুজি পায়।

বাইবেলৰ পৰা উদাহৰণ

ধনতকৈ এটা ভাল নাম বিচৰা ভাল, আৰু ৰূপ আৰু সোণতকৈ সহায় বেছি ভাল (হিতোপদেশ ২২:১ULT)

ইয়াৰ অৰ্থ  এয়ে যে বহুত টকা পইচা থকাতকৈ এজন ভাল মানুহ হোৱা আৰু ভাল যশ থকাটো বেছি ভাল।

চকুৰ কূটা দাঁতৰ শূল, ঠিক তেনে প্ৰেৰকৰ বাবে ধোদৰ মূল। (হিতোপদেশ ১০:২৬ ULT)

ইয়াৰ অৰ্থ এয়ে যে কোনোবাই এলেহুৱা মানুহক কাম কৰিবলৈ পঠালে বিৰৰক্তি অনুভৱ কৰে।

য়াৱেই সততা থকা মানুহক যি দৰে সুৰক্ষা কৰে, সেয়াই অসতৰ বাবে বিধ্বংশ আনে। (হিতোপদেশ ১০:২৯ ULT)

ইয়াৰ অৰ্থ এয়ে যে য়াৱেই শুদ্ধ কাম কৰা মানুহক ৰক্ষা কৰে কিন্তু অসৎ লোকৰ বিনাশ হানে।

অনুবাদৰ শৈলী

যদি এটা হিতোপদেশ অনুবাদ কৰাটো প্ৰাকৃতিক হয় আৰু তোমাৰ ভাষাত যথাযত অৰ্থ প্ৰকাশ কৰে, তেন্তেহে অনুবাদ কৰিবা। অন্যথা আন কিছুমান বিকল্প হৈছে :

১.তোমাৰ ভাষাত ফকৰা যোজনা/প্ৰবাদ কেনেকৈ কয় বিচাৰি উলিওৱা, আৰু তাৰে এটা ধৰণ ব্যৱহাৰ কৰা । ১.তোমাৰ ভাষিক গোটৰ বহুতেই যদি ফকৰা যোজনা/প্ৰবাদৰ  কিছুমান বস্তুৰ বিষয়ে অগ্য, তেন্তে মানুহে জনা আৰু তোমাৰ ভাষাত একে ধৰণেৰে ব্যৱহাৰ হোৱা বস্তুৰ সৈতে সেইবিলাক সলনি কৰিবা। ১. তোমাৰ ভাষাত একে ধৰণৰ শিক্ষা থকা এটা প্ৰবাদেৰে বাইবেলৰ হিতোপদেশ কৰিবা। ১. একে ধৰণৰ শিক্ষা দিবা কিন্তু হিতোপদেশ ৰূপত নহয় ।

ব্যৱহাৰ কৰা অনুবাদ শৈলীৰ উদাহৰণ

১. তোমাৰ ভাষাত হিতোপদেশ বিলাক কেনেকৈ কয় বিচাৰি উলিওৱা, আৰু তাৰ এটা ধৰণ ব্যৱহাৰ কৰা ।

  • এটা ভাল নাম মহান ধনীতকৈ ওপৰত চয়ন কৰা হয়,

আৰু ৰূপ আৰু সোণতকৈ সহায় বেছি ভাল (হিতোপদেশ ২২:১ULT)

নিজৰ ভাষাত ফকৰা যোজনা/প্ৰবাদ কোৱাৰ ধৰণৰ বিষয়ে ইয়াত কিছু ধাৰণা দিয়া হ'ল ।

  • বহুতো ধনীতকৈ এজন ভাল মানুহক নিৰ্বাচন কৰা ভাল, আৰু ৰূপ আৰু সোণতকৈ এজন মানুহৰ সহায় বেছি ভাল ।
  • জ্ঞানী মানুহে বহুতো ধনীতকৈ এজন ভাল মানুহক নিৰ্বাচন কৰে, আৰু ৰূপ আৰু সোণতকৈ সহায় নিৰ্বাচন কৰে ।
  • ধনী হোৱাতকৈ সন্মান অৰ্জন কৰিবলৈ চেষ্টা কৰা ।
  • ধনৱন্ত সঁচাকৈ সহায়ক হয়নে? তাতকৈ কাম্য ভাল সন্মান ।

১.তোমাৰ ভাষিক গোটৰ বহুতেই যদি হিতোপদেশ কিছুমান বস্তুৰ বিষয়ে অগ্য, তেন্তে মানুহে জনা আৰু তোমাৰ ভাষাত একে ধৰণেৰে ব্যৱহাৰ হোৱা বস্তুৰ সৈতে সেইবিলাক সলনি কৰিবা।

  • যেনেগ্ৰীস্মত বৰফখেতি চপাওঁতে বৰষুণ,

সেয়ে এটা মূৰ্খ সন্মানৰ যোগ্য নহয় । (হিতোপদেশ ২৬:১ ULT)

  • এইটো প্ৰাকৃতিক নহয়গৰম কালীত ঠান্ডা বতাহ বলাবা খেতি চপোৱা সময়ত বৰষুণ দিয়া;আৰু এটা মূৰ্খ মানুহক সন্মান যঁচাটো ।

১. তোমাৰ ভাষাত একে ধৰণৰ শিক্ষা থকা এটা প্ৰবাদেৰে বাইবেলৰ ফকৰা যোজনা/প্ৰবাদটো সলনি কৰিবা।

  • কালিলৈক লৈ গৰ্বিত নহ'বা( হিতোপদেশ ২৭:১ ULT)
  • গছত কঁঠাল ওঁঠত তেল নৌ খাওঁতেই ছেলবেল ।

১. একে ধৰণৰ শিক্ষা দিবা কিন্তু ফকৰা যোজনা/প্ৰবাদৰ  ৰূপত নহয় ।

  • এটা প্ৰজন্ম যি পিতৃক দিয়ে অভিশাপ আৰু মাতৃক নকৰে আশীৰ্বাদ,

সেইটো এটা প্ৰজন্ম যি নিজৰ চকুত বিশুদ্ধ , কিন্তু তেওঁলোক নিজৰ কূ-চিন্তাৰ বিষয়ে জ্ঞাত নহয় ।( হিতোপদেশ ৩০:১১-১২ULT)

  • নিজৰ পিতৃ মাতৃক যি মানুহে সন্মান নকৰে তেওঁলোকে ভাবে যে তেওঁলোকেই শুদ্ধ, আৰু  তেওঁলোক পাপ কৰ্মৰ পৰা আঁতৰি নাহে ।